--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিবাদৰ সূত্ৰপাত হৈছিল 'ৰাজশ্ৰী পান মছলা'ৰ এটা বিজ্ঞাপনক লৈ। যুগেন্দ্ৰ সিং নামৰ এজন ব্যক্তিয়ে জয়পুৰৰ জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগত এখন আবেদন দাখিল কৰিছিল।

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা ছলমান খানৰ বাবে এক স্বস্তিদায়ক খবৰ। পান মছলাৰ এটা বিজ্ঞাপনক লৈ সৃষ্টি হোৱা আইনী মেৰপাকত ৰাজস্থান উচ্চ ন্যায়ালয়ে অভিনেতাগৰাকীক সাময়িক সকাহ প্ৰদান কৰিছে। নিম্ন আদালতে তেওঁৰ বিৰুদ্ধে জাৰি কৰা জামিনযোগ্য ওৱাৰেণ্টৰ কাৰ্যকৰীকৰণত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।


বিবাদৰ সূত্ৰপাত হৈছিল 'ৰাজশ্ৰী পান মছলা'ৰ এটা বিজ্ঞাপনক লৈ। যুগেন্দ্ৰ সিং নামৰ এজন ব্যক্তিয়ে জয়পুৰৰ জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগত এখন আবেদন দাখিল কৰিছিল। অভিযোগ অনুসৰি, বিজ্ঞাপনটোত সামগ্ৰীটোত 'কেচৰ' থকা বুলি কৰা দাবীটো সম্পূৰ্ণ মিছা আৰু ই গ্ৰাহকক বিপথে পৰিচালিত কৰে।


এই সন্দৰ্ভত আদালতে ছলমান খানক কেইবাবাৰো চমন জাৰি কৰিছিল যদিও তেওঁ আদালতত উপস্থিত হোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা গ্ৰাহক আদালতে অভিনেতাগৰাকীৰ বিৰুদ্ধে ১০,০০০ টকাৰ জামিনযোগ্য ওৱাৰেণ্ট জাৰি কৰিছিল।


উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ


জিলা আদালতৰ এই নিৰ্দেশৰ বিৰুদ্ধে ছলমান খানে ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন জনায়। শুনানিৰ সময়ত ছলমান খানৰ অধিবক্তাই যুক্তি দৰ্শায় যে:


বিজ্ঞাপনটো আচলতে পান মছলাৰ নহয়, বৰঞ্চ 'মাউথ ফ্ৰেছনাৰ' (চিলভাৰ কোটেড ইলাচী)ৰহে আছিল।


এজন অভিনেতা হিচাপে তেওঁ কেৱল চুক্তিবদ্ধ কামহে কৰিছিল, ইয়াৰ বাবে তেওঁক পোনপটীয়াকৈ জগৰীয়া কৰিব নোৱাৰি।


ন্যায়াধীশ অনুৰূপ সিংঘীৰ বিচাৰপীঠে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি জিলা গ্ৰাহক আয়োগে জাৰি কৰা ওৱাৰেণ্টখন স্থগিত ৰাখে। ইয়াৰ উপৰিও, পূৰ্বে বিজ্ঞাপনটো বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ ওপৰতো ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।


এই ৰায়ৰ ফলত ছলমান খানে বৰ্তমানৰ বাবে আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই লাভ কৰিছে। অৱশ্যে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ