--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ সৈতে সংগতি ৰাখি পিএফ সেৱাক অধিক সৰলীকৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ডিজিটেল ডেস্কঃ কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন (EPFO) এ ইয়াৰ কোটি কোটি সদস্যৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে।


এতিয়াৰে পৰা পিএফৰ টকা উলিওৱাৰ বাবে গ্ৰাহকে কেইবাদিনো অপেক্ষা কৰিব নালাগে। নতুনকৈ কাৰ্যকৰী কৰিবলৈ লোৱা 'EPFO 3.0' ব্যৱস্থাৰ অধীনত এতিয়াৰে পৰা ATM আৰু UPI ব্যৱহাৰ কৰিও পিএফৰ ধন উলিয়াব পৰা যাব।


প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ সৈতে সংগতি ৰাখি পিএফ সেৱাক অধিক সৰলীকৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।


তৎক্ষণিক ধন উলিওৱা : আগতে পিএফৰ টকা একাউণ্টত জমা হ’বলৈ ১০ৰ পৰা ১৫ দিন সময় লাগিছিল। এতিয়াৰে পৰা ইউপিআইৰ জৰিয়তে আবেদন কৰিলে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ধন লাভ কৰিব।


ATM কার্ডৰ সুবিধা: ইডিএফঅ’ই জনোৱা মতে, পিএফ একাউণ্টক এতিয়া এটা সাধাৰণ চেভিংছ বেংক একাউণ্টৰ দৰেই ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ বাবে বিশেষ কাৰ্ডৰ সুবিধাও প্ৰদান কৰা হ’ব পাৰে।


অটো ট্ৰেন্সফাৰ (Auto Transfer): চাকৰি সলনি কৰিলে এতিয়াৰে পৰা পিএফ একাউণ্ট ট্ৰেন্সফাৰ কৰাৰ বাবে ফৰ্ম ১৩ জমা দিয়াৰ প্ৰয়োজন নাই। নতুন ব্যৱস্থাত এয়া স্বয়ংক্ৰিয়ভাৱে সম্পন্ন হ’ব।


কেনেকৈ কাম কৰিব এই ব্যৱস্থাই?


১. গ্ৰাহকৰ UAN নম্বৰৰ সৈতে আধাৰ আৰু মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক।


২. Umang App বা EPFO-ৰ অফিচিয়েল পৰ্টেলত গৈ ইউপিআই আইডি (UPI ID) ভেৰিফাই কৰিব লাগিব।


৩. কিউ আৰ ক’ড (QR Code) স্কেন কৰিও কিছুমান নিৰ্দিষ্ট সেৱাৰ বাবে এটিএমৰ পৰা নগদ ধন সংগ্ৰহ কৰিব পৰা যাব।


বিশেষ দ্রষ্টব্য: এই সুবিধা বিশেষকৈ চিকিৎসা, শিক্ষা বা বিবাহৰ দৰে জৰুৰীকালীন অগ্ৰিম (Advance PF) উলিওৱাৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ হ’ব।


চৰকাৰী সূত্ৰৰ মতে, পিএফ উলিওৱাৰ নামত হোৱা দুৰ্নীতি আৰু লেহেমীয়া প্ৰক্ৰিয়া বন্ধ কৰিবলৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে এই উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীসকল অধিক উপকৃত হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু