--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিধানসভাৰ সচিবালয়লৈ এটা অচিনাক্ত ইমেইল প্ৰেৰণ কৰা হৈছিল।

ডিজিটেল ডেস্কঃ দিল্লীত এক ভয়ংকৰ বোমাৰ ভাবুকিয়ে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দিল্লী বিধানসভা আৰু সচিবালয়লৈ ইমেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ এক ভাবুকি প্ৰেৰণ কৰা হৈছে, যাৰ ফলত নিৰাপত্তা সংস্থাসমূহৰ মাজত হুৱাদুৱা লাগে।


প্ৰাপ্ত খবৰ অনুসৰি, বিধানসভাৰ সচিবালয়লৈ এটা অচিনাক্ত ইমেইল প্ৰেৰণ কৰা হৈছিল। এই ইমেইলটোত বিধানসভা ভৱন আৰু সচিবালয়ক লক্ষ্য কৰি বোমা বিস্ফোৰণ ঘটোৱাৰ হুংকাৰ দিয়া হৈছিল। 


খবৰটো পোৱাৰ লগে লগে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে বোমা নিষ্ক্ৰিয়কৰণ বাহিনী,ডগ স্কোয়াড আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ।


সমগ্ৰ ভৱনটো খালী কৰি নিৰাপত্তা বাহিনীয়ে চুকে-কোণে তালাচী চলায়। বৰ্তমানলৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই যদিও নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে।


আৰক্ষীৰ চাইবাৰ চেল বিভাগে ইমেইলটোৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে।আৰক্ষী সূত্ৰই জনায়, "আমি বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছো। ইমেইলটো ক’ৰ পৰা পঠোৱা হৈছে আৰু ইয়াৰ আঁৰত কোন আছে, সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে।"  


প্ৰাথমিকভাৱে ইয়াক এক উৰাবাতৰি বুলি সন্দেহ কৰা হৈছে যদিও ৰাজধানীৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল হোৱাৰ বাবে কোনো ধৰণৰ ঢিলা মনোভাৱ দেখুওৱা হোৱা নাই। বৰ্তমান বিধানসভা চৌপাশত নিৰাপত্তাৰক্ষীয়ে কটকটীয়া পহৰা দি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু