--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিধানসভাৰ সচিবালয়লৈ এটা অচিনাক্ত ইমেইল প্ৰেৰণ কৰা হৈছিল।

ডিজিটেল ডেস্কঃ দিল্লীত এক ভয়ংকৰ বোমাৰ ভাবুকিয়ে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দিল্লী বিধানসভা আৰু সচিবালয়লৈ ইমেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ এক ভাবুকি প্ৰেৰণ কৰা হৈছে, যাৰ ফলত নিৰাপত্তা সংস্থাসমূহৰ মাজত হুৱাদুৱা লাগে।


প্ৰাপ্ত খবৰ অনুসৰি, বিধানসভাৰ সচিবালয়লৈ এটা অচিনাক্ত ইমেইল প্ৰেৰণ কৰা হৈছিল। এই ইমেইলটোত বিধানসভা ভৱন আৰু সচিবালয়ক লক্ষ্য কৰি বোমা বিস্ফোৰণ ঘটোৱাৰ হুংকাৰ দিয়া হৈছিল। 


খবৰটো পোৱাৰ লগে লগে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে বোমা নিষ্ক্ৰিয়কৰণ বাহিনী,ডগ স্কোয়াড আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ।


সমগ্ৰ ভৱনটো খালী কৰি নিৰাপত্তা বাহিনীয়ে চুকে-কোণে তালাচী চলায়। বৰ্তমানলৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই যদিও নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে।


আৰক্ষীৰ চাইবাৰ চেল বিভাগে ইমেইলটোৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে।আৰক্ষী সূত্ৰই জনায়, "আমি বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছো। ইমেইলটো ক’ৰ পৰা পঠোৱা হৈছে আৰু ইয়াৰ আঁৰত কোন আছে, সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে।"  


প্ৰাথমিকভাৱে ইয়াক এক উৰাবাতৰি বুলি সন্দেহ কৰা হৈছে যদিও ৰাজধানীৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল হোৱাৰ বাবে কোনো ধৰণৰ ঢিলা মনোভাৱ দেখুওৱা হোৱা নাই। বৰ্তমান বিধানসভা চৌপাশত নিৰাপত্তাৰক্ষীয়ে কটকটীয়া পহৰা দি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ