--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই ঘটনাটো চিহোৰ জিলাৰ সতদেৱ গাঁৱত অৱস্থিত শ্ৰী দাদাজী দৰবাৰ পাতালেশ্বৰ মহাদেৱ মন্দিৰৰ সৈতে জড়িত।

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ই মধ্যপ্ৰদেশৰ ধৰ্মীয় আৰু সামাজিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। 


ভিডিঅ’টোত দেখা গৈছে যে ধৰ্মীয় অনুষ্ঠানৰ নামত হাজাৰ হাজাৰ লিটাৰ গাখীৰ নৰ্মদা নদীত ঢালি দিয়া হৈছে। এই ঘটনাই এফালে ভক্তসকলৰ অটল বিশ্বাস আৰু আনফালে পৰিৱেশবিদ তথা সমাজকৰ্মীসকলে উদ্বেগ প্ৰকাশ কৰিছে ।



এই ঘটনাটো চিহোৰ জিলাৰ সতদেৱ গাঁৱত অৱস্থিত শ্ৰী দাদাজী দৰবাৰ পাতালেশ্বৰ মহাদেৱ মন্দিৰৰ সৈতে জড়িত। চ'ত নৱৰাত্ৰি উপলক্ষে আয়োজিত ২১ দিনীয়া এক বিশাল ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে এদিনতে প্ৰায় ১১,০০০ লিটাৰ গাখীৰ নৰ্মদা নদীত অৰ্পণ কৰা হয়। উল্লেখ্য যে, এই অনুষ্ঠানত মহাযজ্ঞ আৰু শিৱ মহাপুৰাণৰ দৰে ধৰ্মীয় কাৰ্যসূচীও চলি আছিল।


ভক্তৰ যুক্তিঃ


মন্দিৰ কৰ্তৃপক্ষ আৰু ভক্তসকলৰ মতে, নৰ্মদা নদীক তেওঁলোকে মাতৃ জ্ঞান কৰে। তেওঁলোকৰ মতে নদীত গাখীৰ ঢালি কৰা এই অভিষেক এক পুৰণি পৰম্পৰা। এয়া তেওঁলোকৰ ব্যক্তিগত ধৰ্মীয় স্বাধীনতা আৰু আস্থাৰ বিষয়। মাতৃ নৰ্মদাৰ প্ৰতি কৃতজ্ঞতা জনাবলৈহে এই নৈবেদ্য আগবঢ়োৱা হৈছে।



সামাজিক প্ৰত্যাহ্বান


এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সমাজৰ এটা শ্ৰেণীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে অভিযোগ কৰিছে যে যি সময়ত ৰাজ্যখনৰ হাজাৰ হাজাৰ শিশু পুষ্টিহীনতা বা কুপোষণত ভুগিছে, সেই সময়ত ইমান গাখীৰ নদীত নষ্ট কৰাটো গ্ৰহণযোগ্য নহয়।


এই সম্পদসমূহ সমাজৰ দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিলে ধৰ্মৰ প্ৰকৃত উদ্দেশ্য অধিক সফল হ’লহেঁতেন।



পৰিৱেশবিদৰ উদ্বেগ

পৰিৱেশ বিশেষজ্ঞসকলে এই কাৰ্যক নদীৰ পৰিৱেশ তন্ত্ৰৰ বাবে ক্ষতিকৰ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে পানীত গাখীৰ মিহলি হ’লে বায়'কেমিকেল অক্সিজেন ডিমাণ্ড (BOD) বৃদ্ধি পায়। ইয়াৰ ফলত পানীৰ অক্সিজেনৰ মাত্ৰা কমি যায়, যিটো মাছ আৰু অন্যান্য জলচৰ প্ৰাণীৰ বাবে মাৰাত্মক হ’ব পাৰে।


নৰ্মদা নদীৰ এই ঘটনাই বৰ্তমান সমাজত এক পুৰণি প্ৰশ্ন পুনৰ উত্থাপন কৰিছে— ধৰ্মীয় বিশ্বাসৰ নামত সম্পদৰ অপচয় আৰু পৰিৱেশৰ ক্ষতি কৰাটো কিমান যুক্তিসংগত? ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাইও কেনেকৈ অধিক দায়িত্বশীল আৰু বিজ্ঞানসন্মতভাৱে সমাজৰ মঙ্গল কৰিব পাৰি, সেই সন্দৰ্ভত এতিয়া এক সুস্থ আলোচনাৰ প্ৰয়োজন হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ