--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই ঘটনাটো চিহোৰ জিলাৰ সতদেৱ গাঁৱত অৱস্থিত শ্ৰী দাদাজী দৰবাৰ পাতালেশ্বৰ মহাদেৱ মন্দিৰৰ সৈতে জড়িত।

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ই মধ্যপ্ৰদেশৰ ধৰ্মীয় আৰু সামাজিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। 


ভিডিঅ’টোত দেখা গৈছে যে ধৰ্মীয় অনুষ্ঠানৰ নামত হাজাৰ হাজাৰ লিটাৰ গাখীৰ নৰ্মদা নদীত ঢালি দিয়া হৈছে। এই ঘটনাই এফালে ভক্তসকলৰ অটল বিশ্বাস আৰু আনফালে পৰিৱেশবিদ তথা সমাজকৰ্মীসকলে উদ্বেগ প্ৰকাশ কৰিছে ।



এই ঘটনাটো চিহোৰ জিলাৰ সতদেৱ গাঁৱত অৱস্থিত শ্ৰী দাদাজী দৰবাৰ পাতালেশ্বৰ মহাদেৱ মন্দিৰৰ সৈতে জড়িত। চ'ত নৱৰাত্ৰি উপলক্ষে আয়োজিত ২১ দিনীয়া এক বিশাল ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে এদিনতে প্ৰায় ১১,০০০ লিটাৰ গাখীৰ নৰ্মদা নদীত অৰ্পণ কৰা হয়। উল্লেখ্য যে, এই অনুষ্ঠানত মহাযজ্ঞ আৰু শিৱ মহাপুৰাণৰ দৰে ধৰ্মীয় কাৰ্যসূচীও চলি আছিল।


ভক্তৰ যুক্তিঃ


মন্দিৰ কৰ্তৃপক্ষ আৰু ভক্তসকলৰ মতে, নৰ্মদা নদীক তেওঁলোকে মাতৃ জ্ঞান কৰে। তেওঁলোকৰ মতে নদীত গাখীৰ ঢালি কৰা এই অভিষেক এক পুৰণি পৰম্পৰা। এয়া তেওঁলোকৰ ব্যক্তিগত ধৰ্মীয় স্বাধীনতা আৰু আস্থাৰ বিষয়। মাতৃ নৰ্মদাৰ প্ৰতি কৃতজ্ঞতা জনাবলৈহে এই নৈবেদ্য আগবঢ়োৱা হৈছে।



সামাজিক প্ৰত্যাহ্বান


এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সমাজৰ এটা শ্ৰেণীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে অভিযোগ কৰিছে যে যি সময়ত ৰাজ্যখনৰ হাজাৰ হাজাৰ শিশু পুষ্টিহীনতা বা কুপোষণত ভুগিছে, সেই সময়ত ইমান গাখীৰ নদীত নষ্ট কৰাটো গ্ৰহণযোগ্য নহয়।


এই সম্পদসমূহ সমাজৰ দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিলে ধৰ্মৰ প্ৰকৃত উদ্দেশ্য অধিক সফল হ’লহেঁতেন।



পৰিৱেশবিদৰ উদ্বেগ

পৰিৱেশ বিশেষজ্ঞসকলে এই কাৰ্যক নদীৰ পৰিৱেশ তন্ত্ৰৰ বাবে ক্ষতিকৰ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে পানীত গাখীৰ মিহলি হ’লে বায়'কেমিকেল অক্সিজেন ডিমাণ্ড (BOD) বৃদ্ধি পায়। ইয়াৰ ফলত পানীৰ অক্সিজেনৰ মাত্ৰা কমি যায়, যিটো মাছ আৰু অন্যান্য জলচৰ প্ৰাণীৰ বাবে মাৰাত্মক হ’ব পাৰে।


নৰ্মদা নদীৰ এই ঘটনাই বৰ্তমান সমাজত এক পুৰণি প্ৰশ্ন পুনৰ উত্থাপন কৰিছে— ধৰ্মীয় বিশ্বাসৰ নামত সম্পদৰ অপচয় আৰু পৰিৱেশৰ ক্ষতি কৰাটো কিমান যুক্তিসংগত? ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাইও কেনেকৈ অধিক দায়িত্বশীল আৰু বিজ্ঞানসন্মতভাৱে সমাজৰ মঙ্গল কৰিব পাৰি, সেই সন্দৰ্ভত এতিয়া এক সুস্থ আলোচনাৰ প্ৰয়োজন হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু