--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক শেহতীয়া অধিসূচনা অনুসৰি এতিয়াৰে পৰা টোল প্লাজাসমূহত ডিজিটেল লেনদেন বাধ্যতামূলক কৰা হৈছে।

ডিজিটেল ডেস্কঃ আপুনি যদি ঘাইপথেৰে সঘনাই ভ্ৰমণ কৰে, তেন্তে আপোনাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক ১০ এপ্ৰিলৰ পৰা দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলগেটত টোলকৰ পৰিশোধৰ বাবে আৰু গ্ৰহণ কৰা নহ’ব কোনো নগদ ধন। 


কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক শেহতীয়া অধিসূচনা অনুসৰি এতিয়াৰে পৰা টোল প্লাজাসমূহত ডিজিটেল লেনদেন বাধ্যতামূলক কৰা হৈছে।



নতুন নিয়ম অনুসৰি, যদি কোনো বাহনৰ চালকে বৈধ FASTag অবিহনে টোলগেট অতিক্ৰম কৰিব বিচাৰে, তেন্তে তেওঁলোকে নগদ ধনৰ সলনি UPI 

 ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত যাত্ৰীসকলে সাৱধান হোৱা উচিত, কাৰণ ইউপিআইৰ জৰিয়তে ধন পৰিশোধ কৰিলে নিৰ্ধাৰিত টোল মাচুলতকৈ ১.২৫ শতাংশ অতিৰিক্ত ধন আদায় দিব লাগিব।


কিয় লোৱা হৈছে এই পদক্ষেপ?


ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) এগৰাকী শীৰ্ষ বিষয়াৰ মতে, টোলগেটসমূহৰ দীঘলীয়া শাৰী আৰু যানজঁট হ্ৰাস কৰাই এই নতুন সিদ্ধান্তৰ মূল লক্ষ্য। নগদ লেনদেনৰ বাবে টোলগেটত অধিক সময় খৰচ হয়, যাৰ ফলত যানজঁটৰ সৃষ্টি হয়। ডিজিটেল মাধ্যম তথা ইউপিআই ব্যৱহাৰৰ ফলত এই প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু সূচল হৈ পৰিব বুলি আশা কৰা হৈছে।


টোল প্লাজাৰ শেহতীয়া স্থিতি


দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ত বৰ্তমান ১,১৫০ খনতকৈও অধিক টোলগেট আছে। ইতিমধ্যে ৫ মিলিয়নতকৈও অধিক গ্ৰাহকে FASTag ৰ বাৰ্ষিক পাছৰ সুবিধা গ্ৰহণ কৰিছে। ৩,০০০ টকাৰ বিনিময়ত বছৰি ২০০ বাৰ টোলগেট অতিক্ৰম কৰাৰ বিশেষ সুবিধা আছে।


অনাগত দিনত কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলক নিজৰ বাহনত বৈধ আৰু সঠিক পৰিমাণৰ বেলেন্স থকা FASTag ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু