--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক শেহতীয়া অধিসূচনা অনুসৰি এতিয়াৰে পৰা টোল প্লাজাসমূহত ডিজিটেল লেনদেন বাধ্যতামূলক কৰা হৈছে।

ডিজিটেল ডেস্কঃ আপুনি যদি ঘাইপথেৰে সঘনাই ভ্ৰমণ কৰে, তেন্তে আপোনাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক ১০ এপ্ৰিলৰ পৰা দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলগেটত টোলকৰ পৰিশোধৰ বাবে আৰু গ্ৰহণ কৰা নহ’ব কোনো নগদ ধন। 


কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক শেহতীয়া অধিসূচনা অনুসৰি এতিয়াৰে পৰা টোল প্লাজাসমূহত ডিজিটেল লেনদেন বাধ্যতামূলক কৰা হৈছে।



নতুন নিয়ম অনুসৰি, যদি কোনো বাহনৰ চালকে বৈধ FASTag অবিহনে টোলগেট অতিক্ৰম কৰিব বিচাৰে, তেন্তে তেওঁলোকে নগদ ধনৰ সলনি UPI 

 ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত যাত্ৰীসকলে সাৱধান হোৱা উচিত, কাৰণ ইউপিআইৰ জৰিয়তে ধন পৰিশোধ কৰিলে নিৰ্ধাৰিত টোল মাচুলতকৈ ১.২৫ শতাংশ অতিৰিক্ত ধন আদায় দিব লাগিব।


কিয় লোৱা হৈছে এই পদক্ষেপ?


ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) এগৰাকী শীৰ্ষ বিষয়াৰ মতে, টোলগেটসমূহৰ দীঘলীয়া শাৰী আৰু যানজঁট হ্ৰাস কৰাই এই নতুন সিদ্ধান্তৰ মূল লক্ষ্য। নগদ লেনদেনৰ বাবে টোলগেটত অধিক সময় খৰচ হয়, যাৰ ফলত যানজঁটৰ সৃষ্টি হয়। ডিজিটেল মাধ্যম তথা ইউপিআই ব্যৱহাৰৰ ফলত এই প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু সূচল হৈ পৰিব বুলি আশা কৰা হৈছে।


টোল প্লাজাৰ শেহতীয়া স্থিতি


দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ত বৰ্তমান ১,১৫০ খনতকৈও অধিক টোলগেট আছে। ইতিমধ্যে ৫ মিলিয়নতকৈও অধিক গ্ৰাহকে FASTag ৰ বাৰ্ষিক পাছৰ সুবিধা গ্ৰহণ কৰিছে। ৩,০০০ টকাৰ বিনিময়ত বছৰি ২০০ বাৰ টোলগেট অতিক্ৰম কৰাৰ বিশেষ সুবিধা আছে।


অনাগত দিনত কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলক নিজৰ বাহনত বৈধ আৰু সঠিক পৰিমাণৰ বেলেন্স থকা FASTag ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ