--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চাচ-২এ প্ৰেৰণ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যেতিয়া চি এম ইয়ে চন্দ্রত খুন্দা মাৰে তেতিয়া উপগ্ৰহটোৰ দিন হৈ থকা অংশৰ একেবাৰে পাতল বায়ুমণ্ডলৰ চাপ যথেষ্ট বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : ভাৰতৰ চন্দ্ৰযান-২ অভিযানে এক বিশেষ সাফল্য লাভ কৰিছে। চন্দ্রযানত থকা 'চন্দ্রজ, এটমস্ফিয়েৰিক কম্প'জিশ্যন এক্সপ্ল'ৰাৰ-২য়ে (চাচ-২) সূৰ্যৰ মুকুট ভৰ নিৰ্গমণে (চি এম ই) চন্দ্ৰপৃষ্ঠত কেনে ধৰণৰ প্ৰভাৱ পেলায় সেই কথা জানিব পাৰিছে। 


চাচ-২এ প্ৰেৰণ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যেতিয়া চি এম ইয়ে চন্দ্রত খুন্দা মাৰে তেতিয়া উপগ্ৰহটোৰ দিন হৈ থকা অংশৰ একেবাৰে পাতল বায়ুমণ্ডলৰ চাপ যথেষ্ট বৃদ্ধি পায়। সেই সময়ত চন্দ্ৰৰ এই অংশটোৰ বায়ুমণ্ডলৰ চাপ এহেজাৰ গুণতকৈ অধিক বৃদ্ধি পায়। সঁজুলিবিধে লাভ কৰা এই তথ্য ইয়াৰ আগতে বিজ্ঞানীসকলে তৈয়াৰ কৰা মডেলৰ সৈতে মিলি গৈছে। বিজ্ঞানীসকলে এনে ধৰণৰ প্ৰভাৱৰ ভৱিষ্যবাণী কৰিছিল। চন্দ্ৰৰ বায়ু মণ্ডল অতি পাতল আৰু ইয়াক এগজ'স্ফিয়েৰ বুলি কোৱা হয়। 


চন্দ্ৰত চি এম ইৰ প্ৰথম প্ৰভাৱ চাচে-২য়ে দেখা পাইছিল যোৱা বছৰ ১০ মে'ত। সেই দিনা বৃহৎ হাৰত চি এম ই হৈছিল। ই চন্দ্রপৃষ্ঠত খুন্দা মৰাৰ পাছত চন্দ্ৰপৃষ্ঠৰ পৰা পৰমাণু বাহিৰলৈ ওলাই যোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ পৰিছিল। এই পৰমাণু এগজ'স্ফিয়েৰত প্ৰৱেশ কৰে। ফলত এগজ'স্ফিয়েৰ চাপ বৃদ্ধি পাইছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ