--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চাচ-২এ প্ৰেৰণ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যেতিয়া চি এম ইয়ে চন্দ্রত খুন্দা মাৰে তেতিয়া উপগ্ৰহটোৰ দিন হৈ থকা অংশৰ একেবাৰে পাতল বায়ুমণ্ডলৰ চাপ যথেষ্ট বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : ভাৰতৰ চন্দ্ৰযান-২ অভিযানে এক বিশেষ সাফল্য লাভ কৰিছে। চন্দ্রযানত থকা 'চন্দ্রজ, এটমস্ফিয়েৰিক কম্প'জিশ্যন এক্সপ্ল'ৰাৰ-২য়ে (চাচ-২) সূৰ্যৰ মুকুট ভৰ নিৰ্গমণে (চি এম ই) চন্দ্ৰপৃষ্ঠত কেনে ধৰণৰ প্ৰভাৱ পেলায় সেই কথা জানিব পাৰিছে। 


চাচ-২এ প্ৰেৰণ কৰা তথ্যৰ পৰা জানিব পৰা মতে, যেতিয়া চি এম ইয়ে চন্দ্রত খুন্দা মাৰে তেতিয়া উপগ্ৰহটোৰ দিন হৈ থকা অংশৰ একেবাৰে পাতল বায়ুমণ্ডলৰ চাপ যথেষ্ট বৃদ্ধি পায়। সেই সময়ত চন্দ্ৰৰ এই অংশটোৰ বায়ুমণ্ডলৰ চাপ এহেজাৰ গুণতকৈ অধিক বৃদ্ধি পায়। সঁজুলিবিধে লাভ কৰা এই তথ্য ইয়াৰ আগতে বিজ্ঞানীসকলে তৈয়াৰ কৰা মডেলৰ সৈতে মিলি গৈছে। বিজ্ঞানীসকলে এনে ধৰণৰ প্ৰভাৱৰ ভৱিষ্যবাণী কৰিছিল। চন্দ্ৰৰ বায়ু মণ্ডল অতি পাতল আৰু ইয়াক এগজ'স্ফিয়েৰ বুলি কোৱা হয়। 


চন্দ্ৰত চি এম ইৰ প্ৰথম প্ৰভাৱ চাচে-২য়ে দেখা পাইছিল যোৱা বছৰ ১০ মে'ত। সেই দিনা বৃহৎ হাৰত চি এম ই হৈছিল। ই চন্দ্রপৃষ্ঠত খুন্দা মৰাৰ পাছত চন্দ্ৰপৃষ্ঠৰ পৰা পৰমাণু বাহিৰলৈ ওলাই যোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ পৰিছিল। এই পৰমাণু এগজ'স্ফিয়েৰত প্ৰৱেশ কৰে। ফলত এগজ'স্ফিয়েৰ চাপ বৃদ্ধি পাইছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু