--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ লোকে জনোৱা মতে, ৰাতিৰ আহাৰ খোৱাৰ পিছলৈকে আকাশদীপ সম্পূৰ্ণ স্বাভাৱিক আৰু আনন্দিত অৱস্থাত আছিল, কোনো স্বাস্থ্যজনিত সমস্যাৰ একো লক্ষণ নাছিল।

ডিজিটেল ডেস্কঃ  ব্ৰাহ্মছ মিছাইল প্ৰকল্পৰ সৈতে জড়িত আকাশদীপ গুপ্তা নামৰ এগৰাকী যুৱ আৰু প্ৰতিভাৱান চিষ্টেম ইঞ্জিনিয়াৰৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লক্ষ্ণৌৰ নিজৰ বাসগৃহত ৰহস‍্যজনকভাৱে মৃত‍্যু হয়  আকাশদীপৰ। দিল্লীৰ DRDO শাখাত কৰ্মৰত আছিল ইঞ্জিনিয়াৰগৰাকী। 


৩০ বছৰীয়া আকাশদীপ গুপ্তাই দীপাৱলী উৎসৱৰ বাবে ছুটী লৈ লক্ষ্ণৌৰ নিজৰ ঘৰলৈ আহিছিল। তেওঁৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৱে কেৱল পৰিয়ালটোক স্তম্ভিত কৰাই নহয়, স্থানীয় আৰক্ষী আৰু উচ্চপদস্থ বিষয়াসকলকো হতবাক কৰি তুলিছে, কিয়নো ইয়াৰ লগত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ মৃত্যুৰ কথা জড়িত হৈ আছে।


খবৰ অনুসৰি মঙলবাৰে গভীৰ নিশা হঠাতে আকাশদীপ গুপ্তাৰ স্বাস্থ্যৰ অৱনতি ঘটে। ততাতৈয়াকৈ পত্নী ভাৰতী গুপ্তাকে ধৰি তেওঁৰ পৰিয়ালে তেওঁক আলমবাগৰ লোকবন্ধু চিকিৎসালয়লৈ লৈ যায়। পৰিয়ালৰ লোকে জনোৱা মতে, ৰাতিৰ আহাৰ খোৱাৰ পিছলৈকে আকাশদীপ সম্পূৰ্ণ স্বাভাৱিক আৰু আনন্দিত অৱস্থাত আছিল, কোনো স্বাস্থ্যজনিত সমস্যাৰ একো লক্ষণ নাছিল। তেওঁলোকে আনন্দৰে দীপাৱলী উদযাপন কৰিছিল। গভীৰ নিশা হঠাৎ সংঘটিত হোৱা এই ঘটনাই স্তম্ভিত কৰি তুলিলে পৰিয়ালটোক। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ কাৰণ হিচাপে কোনো স্পষ্ট ৰোগ বা আঘাতৰ অনুপস্থিতিয়ে বিষয়টো আৰু অধিক সন্দেহজনক কৰি তুলিছে।


চিকিৎসালয় প্ৰশাসনে আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আলমবাগ পৰিদৰ্শক এছ চি সৰোজ আৰু আৰক্ষী বাহিনী। লগে লগে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বুধবাৰে চিকিৎসকৰ এটা দলে কৰা মৰণোত্তৰ পৰীক্ষাত মৃত্যুৰ স্পষ্ট আৰু নিৰ্ণায়ক কাৰণ উলিয়াব পৰা নাই। কোনো ধৰণৰ বাহ্যিক বা আভ্যন্তৰীণ আঘাত পোৱা নগ’ল, যাৰ ফলত বিষক্ৰিয়া বা বল প্ৰয়োগ হোৱাৰ সম্ভাৱনা নুই কৰা হৈছে। গতিকে বিষয়টোৰ তললৈ গৈ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰ দলটোৱে আকাশদ্বীপ গুপ্তাৰ ভিছেৰাৰ নমুনা সংৰক্ষণ কৰি ৰাখিছে। ভিছেৰাৰ পোষ্টমৰ্টেম ৰিপৰ্টে নিৰ্ণয় কৰিব যে এই মৃত্যু স্বাভাৱিক আছিল নে আন কোনো ৰহস্যজনক কাৰণত হৈছিল।


প্ৰায় সাত বছৰ ধৰি DRDOত কৰ্মৰত আছিল আকাশদীপ গুপ্তা। ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগৰ ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ অন্যতম চিষ্টেম ইঞ্জিনিয়াৰ আছিল আকাশদীপ। এই ক্ষেপণাস্ত্ৰ ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। এনে এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ প্ৰকল্পৰ সৈতে জড়িত এজন যুৱ বিজ্ঞানীৰ সন্দেহজনক মৃত্যুয়ে নিৰাপত্তা সংস্থাসমূহৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে।


উল্লেখ্য যে আকাশদীপে প্ৰায় ছমাহ পূৰ্বে দিল্লীৰ বেংক কৰ্মচাৰী ভাৰতী গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ পৰা অৱসৰ লোৱা তেওঁৰ পিতৃ কুলদীপ গুপ্তাই আৰক্ষীক জনাইছে যে তেওঁৰ পুত্ৰৰ কাৰো লগত কোনো বিবাদ বা শত্ৰুতা নাই। আৰক্ষীয়ে এতিয়া তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সকলো দিশৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত কৰি আছে, য’ত তেওঁৰ শেহতীয়া কল ৰেকৰ্ড, স্বাস্থ্যৰ ইতিহাস, DRDOত তেওঁৰ কামৰ সবিশেষ আদিও অন্তৰ্ভূক্ত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু