--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ লোকে জনোৱা মতে, ৰাতিৰ আহাৰ খোৱাৰ পিছলৈকে আকাশদীপ সম্পূৰ্ণ স্বাভাৱিক আৰু আনন্দিত অৱস্থাত আছিল, কোনো স্বাস্থ্যজনিত সমস্যাৰ একো লক্ষণ নাছিল।

ডিজিটেল ডেস্কঃ  ব্ৰাহ্মছ মিছাইল প্ৰকল্পৰ সৈতে জড়িত আকাশদীপ গুপ্তা নামৰ এগৰাকী যুৱ আৰু প্ৰতিভাৱান চিষ্টেম ইঞ্জিনিয়াৰৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। লক্ষ্ণৌৰ নিজৰ বাসগৃহত ৰহস‍্যজনকভাৱে মৃত‍্যু হয়  আকাশদীপৰ। দিল্লীৰ DRDO শাখাত কৰ্মৰত আছিল ইঞ্জিনিয়াৰগৰাকী। 


৩০ বছৰীয়া আকাশদীপ গুপ্তাই দীপাৱলী উৎসৱৰ বাবে ছুটী লৈ লক্ষ্ণৌৰ নিজৰ ঘৰলৈ আহিছিল। তেওঁৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৱে কেৱল পৰিয়ালটোক স্তম্ভিত কৰাই নহয়, স্থানীয় আৰক্ষী আৰু উচ্চপদস্থ বিষয়াসকলকো হতবাক কৰি তুলিছে, কিয়নো ইয়াৰ লগত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ মৃত্যুৰ কথা জড়িত হৈ আছে।


খবৰ অনুসৰি মঙলবাৰে গভীৰ নিশা হঠাতে আকাশদীপ গুপ্তাৰ স্বাস্থ্যৰ অৱনতি ঘটে। ততাতৈয়াকৈ পত্নী ভাৰতী গুপ্তাকে ধৰি তেওঁৰ পৰিয়ালে তেওঁক আলমবাগৰ লোকবন্ধু চিকিৎসালয়লৈ লৈ যায়। পৰিয়ালৰ লোকে জনোৱা মতে, ৰাতিৰ আহাৰ খোৱাৰ পিছলৈকে আকাশদীপ সম্পূৰ্ণ স্বাভাৱিক আৰু আনন্দিত অৱস্থাত আছিল, কোনো স্বাস্থ্যজনিত সমস্যাৰ একো লক্ষণ নাছিল। তেওঁলোকে আনন্দৰে দীপাৱলী উদযাপন কৰিছিল। গভীৰ নিশা হঠাৎ সংঘটিত হোৱা এই ঘটনাই স্তম্ভিত কৰি তুলিলে পৰিয়ালটোক। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ কাৰণ হিচাপে কোনো স্পষ্ট ৰোগ বা আঘাতৰ অনুপস্থিতিয়ে বিষয়টো আৰু অধিক সন্দেহজনক কৰি তুলিছে।


চিকিৎসালয় প্ৰশাসনে আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আলমবাগ পৰিদৰ্শক এছ চি সৰোজ আৰু আৰক্ষী বাহিনী। লগে লগে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বুধবাৰে চিকিৎসকৰ এটা দলে কৰা মৰণোত্তৰ পৰীক্ষাত মৃত্যুৰ স্পষ্ট আৰু নিৰ্ণায়ক কাৰণ উলিয়াব পৰা নাই। কোনো ধৰণৰ বাহ্যিক বা আভ্যন্তৰীণ আঘাত পোৱা নগ’ল, যাৰ ফলত বিষক্ৰিয়া বা বল প্ৰয়োগ হোৱাৰ সম্ভাৱনা নুই কৰা হৈছে। গতিকে বিষয়টোৰ তললৈ গৈ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰ দলটোৱে আকাশদ্বীপ গুপ্তাৰ ভিছেৰাৰ নমুনা সংৰক্ষণ কৰি ৰাখিছে। ভিছেৰাৰ পোষ্টমৰ্টেম ৰিপৰ্টে নিৰ্ণয় কৰিব যে এই মৃত্যু স্বাভাৱিক আছিল নে আন কোনো ৰহস্যজনক কাৰণত হৈছিল।


প্ৰায় সাত বছৰ ধৰি DRDOত কৰ্মৰত আছিল আকাশদীপ গুপ্তা। ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগৰ ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ অন্যতম চিষ্টেম ইঞ্জিনিয়াৰ আছিল আকাশদীপ। এই ক্ষেপণাস্ত্ৰ ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। এনে এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ প্ৰকল্পৰ সৈতে জড়িত এজন যুৱ বিজ্ঞানীৰ সন্দেহজনক মৃত্যুয়ে নিৰাপত্তা সংস্থাসমূহৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে।


উল্লেখ্য যে আকাশদীপে প্ৰায় ছমাহ পূৰ্বে দিল্লীৰ বেংক কৰ্মচাৰী ভাৰতী গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ পৰা অৱসৰ লোৱা তেওঁৰ পিতৃ কুলদীপ গুপ্তাই আৰক্ষীক জনাইছে যে তেওঁৰ পুত্ৰৰ কাৰো লগত কোনো বিবাদ বা শত্ৰুতা নাই। আৰক্ষীয়ে এতিয়া তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সকলো দিশৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত কৰি আছে, য’ত তেওঁৰ শেহতীয়া কল ৰেকৰ্ড, স্বাস্থ্যৰ ইতিহাস, DRDOত তেওঁৰ কামৰ সবিশেষ আদিও অন্তৰ্ভূক্ত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ