--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তৰুণৰ পৰা অভিজ্ঞ সকলোৱে সংগ্রাম কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত চেন্নাই ছুপাৰ কিংছে দলত মহেন্দ্ৰ সিং ধোনিৰ অভাৱ অনুভৱ কৰিছে।

ডিজিটেল ডেস্ক: চলিত আই পি এলত একেৰাহে তিনিখন খেলত পৰাজয়েৰে পইন্ট টেবুলৰ একেবাৰে তলৰ ফালে আছে চেন্নাই ছুপাৰ কিংছ।


তৰুণৰ পৰা অভিজ্ঞ সকলোৱে সংগ্রাম কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত চেন্নাই ছুপাৰ কিংছে দলত মহেন্দ্ৰ সিং ধোনিৰ অভাৱ অনুভৱ কৰিছে। বহুতৰ মতে ধোনিয়ে হয়তো দলক উদ্ধাৰ কৰিব পাৰিব। 


সমস্যাটো হ'ল হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে তেওঁ খেলিব পৰা নাই। অহা ১১ এপ্রিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নায়ে এখন গুৰুত্বপূৰ্ণ খেলত নামিব। দললৈ উভতি আহিবৰ বাবে ধোনিয়ে ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। অনুমান কৰা হৈছে যে ৪৪ বছৰীয়া ধোনিয়ে ইয়াৰ পাছতহে খেলিবলৈ পাৰপত্ৰ লাভ কৰিব পাৰে। প্রশিক্ষণ শিবিৰত পেশীত পোৱা আঘাতৰ কাৰণে তেওঁ প্রথম ৩খন মেচত খেলিব নোৱাৰিলে। 


প্ৰথম অৱস্থাত আই পি এলৰ প্ৰথম দুসপ্তাহতে ধোনিয়ে খেলিব নোৱাৰিব বুলি ভবা হৈছিল। কিন্তু পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনৰ আৰম্ভণিতে তেওঁক নেটত দেখা গৈছিল। দলৰ বাকীসকলক তেওঁ পৰামৰ্শ দিয়া দেখা পোৱা গৈছিল। 


ইফালে, চেন্নাই শিবিৰৰ বাবে আন এক ভাল খবৰ হ'ল দলটোৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ ডেৱাল্ড ব্রেভিছো দিল্লীৰ বিৰুদ্ধে মেচলৈ উভতিব পাৰে। তেওঁ আৰোগ্য হোৱাৰ পথত আগবাঢ়িছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ