--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তৰুণৰ পৰা অভিজ্ঞ সকলোৱে সংগ্রাম কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত চেন্নাই ছুপাৰ কিংছে দলত মহেন্দ্ৰ সিং ধোনিৰ অভাৱ অনুভৱ কৰিছে।

ডিজিটেল ডেস্ক: চলিত আই পি এলত একেৰাহে তিনিখন খেলত পৰাজয়েৰে পইন্ট টেবুলৰ একেবাৰে তলৰ ফালে আছে চেন্নাই ছুপাৰ কিংছ।


তৰুণৰ পৰা অভিজ্ঞ সকলোৱে সংগ্রাম কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত চেন্নাই ছুপাৰ কিংছে দলত মহেন্দ্ৰ সিং ধোনিৰ অভাৱ অনুভৱ কৰিছে। বহুতৰ মতে ধোনিয়ে হয়তো দলক উদ্ধাৰ কৰিব পাৰিব। 


সমস্যাটো হ'ল হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে তেওঁ খেলিব পৰা নাই। অহা ১১ এপ্রিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নায়ে এখন গুৰুত্বপূৰ্ণ খেলত নামিব। দললৈ উভতি আহিবৰ বাবে ধোনিয়ে ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। অনুমান কৰা হৈছে যে ৪৪ বছৰীয়া ধোনিয়ে ইয়াৰ পাছতহে খেলিবলৈ পাৰপত্ৰ লাভ কৰিব পাৰে। প্রশিক্ষণ শিবিৰত পেশীত পোৱা আঘাতৰ কাৰণে তেওঁ প্রথম ৩খন মেচত খেলিব নোৱাৰিলে। 


প্ৰথম অৱস্থাত আই পি এলৰ প্ৰথম দুসপ্তাহতে ধোনিয়ে খেলিব নোৱাৰিব বুলি ভবা হৈছিল। কিন্তু পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনৰ আৰম্ভণিতে তেওঁক নেটত দেখা গৈছিল। দলৰ বাকীসকলক তেওঁ পৰামৰ্শ দিয়া দেখা পোৱা গৈছিল। 


ইফালে, চেন্নাই শিবিৰৰ বাবে আন এক ভাল খবৰ হ'ল দলটোৰ নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ ডেৱাল্ড ব্রেভিছো দিল্লীৰ বিৰুদ্ধে মেচলৈ উভতিব পাৰে। তেওঁ আৰোগ্য হোৱাৰ পথত আগবাঢ়িছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু