--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ফাইনেলত ভাৰতে ব্রাজিলক ৩-০ গ'লত পৰাস্ত কৰি ইতিহাস গড়ে। ৰিয়েল মাদ্রিদৰ এই প্রতিযোগিতা যুৱ ফুটবলাৰৰ বিশ্ব কাপ হিচাপে পৰিচিত।

ডিজিটেল ডেস্ক : স্পেইনৰ মাটিত ভাৰতৰ অনূর্ধ্ব-১২ বছৰৰ দলে চমক সৃষ্টি কৰিছে। ৰিয়েল মাদ্রিদ ফাউণ্ডেশ্যনৰ ৱৰ্ল্ড চেলেঞ্জৰ চেম্পিয়ন হ'ল ভাৰতীয় অনূর্ধ্ব-১২ বছৰৰ দলটো।


ফাইনেলত ভাৰতে ব্রাজিলক ৩-০ গ'লত পৰাস্ত কৰি ইতিহাস গড়ে। ৰিয়েল মাদ্রিদৰ এই প্রতিযোগিতা যুৱ ফুটবলাৰৰ বিশ্ব কাপ হিচাপে পৰিচিত। অনূর্ধ্ব-১০, ১২ আৰু ১৪ বছৰ পৰ্যায়ৰ প্ৰতিযোগিতাত বিভিন্ন দেশৰ দলে অংশগ্ৰহণ কৰে। 


এইবাৰ ৮০টাৰ অধিক দলে ভাগ লৈছিল। ১ হাজাৰৰ বেছি যুৱ ফুটবলাৰক লৈ প্রতিযোগিতা অনুষ্ঠিত হৈছিল ৰিয়েল মাদ্রিদৰ স্প'ৰ্টছ চিটিত। ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশৰ দলে অংশ লৈছিল বার্ষিক প্রতিযোগিতাখনত। সেই প্রতিযোগিতাখনতে চেম্পিয়ন হয় ভাৰত। সমগ্র প্রতিযোগিতাখনত ধাৰাবাহিক প্রদর্শন দাঙি ধৰিছিল ভাৰতৰ অনূর্ধ্ব-১২ দলটোৱে। 


চেম্পিয়ন ভাৰতীয় দলটোক ট্রফী তুলি দিয়ে ৰিয়েল আৰু ব্রাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰবাৰ্টো কার্লোছে। প্রতিযোগিতাখনত ভাৰতে স্পেইন, জার্মানি, আমেৰিকা, উৰুগুৱে, মেক্সিকো, মালয়েছিয়া, কানাডা, মৰক্কো আৰু আজাৰবাইজানক হৰুৱাইছিল। ইফালে, ভাৰতৰ অনূর্ধ্ব-১৪ বছৰৰ দলেও ভাল খেলিছিল। ছেমি ফাইনেলত ভাৰতে ইটালিৰ হাতত ২-৩ গ'লত পৰাজিত হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ