--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ফাইনেলত ভাৰতে ব্রাজিলক ৩-০ গ'লত পৰাস্ত কৰি ইতিহাস গড়ে। ৰিয়েল মাদ্রিদৰ এই প্রতিযোগিতা যুৱ ফুটবলাৰৰ বিশ্ব কাপ হিচাপে পৰিচিত।

ডিজিটেল ডেস্ক : স্পেইনৰ মাটিত ভাৰতৰ অনূর্ধ্ব-১২ বছৰৰ দলে চমক সৃষ্টি কৰিছে। ৰিয়েল মাদ্রিদ ফাউণ্ডেশ্যনৰ ৱৰ্ল্ড চেলেঞ্জৰ চেম্পিয়ন হ'ল ভাৰতীয় অনূর্ধ্ব-১২ বছৰৰ দলটো।


ফাইনেলত ভাৰতে ব্রাজিলক ৩-০ গ'লত পৰাস্ত কৰি ইতিহাস গড়ে। ৰিয়েল মাদ্রিদৰ এই প্রতিযোগিতা যুৱ ফুটবলাৰৰ বিশ্ব কাপ হিচাপে পৰিচিত। অনূর্ধ্ব-১০, ১২ আৰু ১৪ বছৰ পৰ্যায়ৰ প্ৰতিযোগিতাত বিভিন্ন দেশৰ দলে অংশগ্ৰহণ কৰে। 


এইবাৰ ৮০টাৰ অধিক দলে ভাগ লৈছিল। ১ হাজাৰৰ বেছি যুৱ ফুটবলাৰক লৈ প্রতিযোগিতা অনুষ্ঠিত হৈছিল ৰিয়েল মাদ্রিদৰ স্প'ৰ্টছ চিটিত। ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশৰ দলে অংশ লৈছিল বার্ষিক প্রতিযোগিতাখনত। সেই প্রতিযোগিতাখনতে চেম্পিয়ন হয় ভাৰত। সমগ্র প্রতিযোগিতাখনত ধাৰাবাহিক প্রদর্শন দাঙি ধৰিছিল ভাৰতৰ অনূর্ধ্ব-১২ দলটোৱে। 


চেম্পিয়ন ভাৰতীয় দলটোক ট্রফী তুলি দিয়ে ৰিয়েল আৰু ব্রাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰবাৰ্টো কার্লোছে। প্রতিযোগিতাখনত ভাৰতে স্পেইন, জার্মানি, আমেৰিকা, উৰুগুৱে, মেক্সিকো, মালয়েছিয়া, কানাডা, মৰক্কো আৰু আজাৰবাইজানক হৰুৱাইছিল। ইফালে, ভাৰতৰ অনূর্ধ্ব-১৪ বছৰৰ দলেও ভাল খেলিছিল। ছেমি ফাইনেলত ভাৰতে ইটালিৰ হাতত ২-৩ গ'লত পৰাজিত হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু