--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্যপ্রাচ্যৰ যুদ্ধখনত ইৰানে ট্রাম্প বাহিনীক সমুচিত প্রত্যুত্তৰ দি থকাৰ সময়তে কঁকালত টঙালি বান্ধিছে চীনে।

ডিজিটেল ডেস্ক : আমেৰিকাৰে জলযুদ্ধৰ বাবে সাজু হৈছে চীন। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নেতৃত্বত যুদ্ধোন্মাদ আমেৰিকাই ইখনৰ পিছত সিখন দেশ আক্রমণ কৰি গৈছে।


মধ্যপ্রাচ্যৰ যুদ্ধখনত ইৰানে ট্রাম্প বাহিনীক সমুচিত প্রত্যুত্তৰ দি থকাৰ সময়তে কঁকালত টঙালি বান্ধিছে চীনে। আমেৰিকাক ভালকৈ এসেকা দিয়াৰ বাবে ছাবমেৰিন যুদ্ধৰ বাবে সাজু হৈছে চীনৰ নৌ সেনা। ছাবমেৰিন যুদ্ধত যাতে আমেৰিকাৰ গতি-বিধিৰ সকলো তথ্য লাভ কৰিব পাৰি, তাৰ বাবে চীনে ৪২খন জাহাজ তিনিখনকৈ মহাসাগৰত মোতায়েন কৰিব। প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ আৰু উত্তৰ মহাসাগৰত চীনে মোতায়েন কৰা এই জাহাজসমূহে আমেৰিকাৰ নৌ সেনাৰ গতি-বিধি, কাম-কাজ সন্দর্ভত গবেষণামূলক কাম-কাজ কৰি বিস্তৃত তথ্য চৰকাৰক যোগান ধৰিব। 


তদুপৰি, ভাৰতৰ কাষৰীয়া ৰাষ্ট্ৰখনে মহাসাগৰৰ পৰিৱেশ অধ্যয়নৰ বাবে শতাধিক 'মহাসাগৰীয় ছেন্সৰ' সাগৰৰ বিভিন্ন স্থানত স্থাপন কৰিছে। এইবোৰে বিপক্ষৰ ছাবমেৰিন আৰু নৌ জাহাজৰ সকলো গতি-বিধি চীনৰ নৌ সেনাক যোগান ধৰিব।


টাইৱান, গুৱাম আৰু মালাক্কা প্রণালীৰ ওচৰত 'মহাসাগৰীয় ছেন্সৰ' স্থাপনৰ লগতে এই তিনি স্থানত শত্রু ৰাষ্ট্ৰৰ গতি-বিধিত বিশেষ দৃষ্টি ৰাখিছে চীনে। চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ নিৰ্দেশত দেশখনৰ নৌ বাহিনীয়ে আমেৰিকাৰে সম্ভাব্য এখন যুদ্ধৰ বাবে সকলো প্রস্তুতি সম্পন্ন কৰিছে। সাগৰতলিৰ মেপিং, সাগৰীয় পৰিৱেশ, পানীৰ তলত ছাবমেৰিনৰ সকলো তথ্য, গতি-বিধি সন্দৰ্ভত শুদ্ধ আৰু সঠিক তথ্য লাভৰ ক্ষেত্রত সফলতা লাভ কৰিছে চীনে। ইয়াৰ জৰিয়তে আমেৰিকা আৰু ইয়াৰ মিত্র দেশসমূহে এই অঞ্চলত চলাব পৰা কোনো আক্রমণ প্রতিৰোধ আৰু সমুচিত প্রত্যুত্তৰত সক্ষম হ'ব চীন।


​​​​​​​ৰাষ্ট্ৰখনে সাগৰত মোতায়েন কৰা জাহাজ আৰু মহাসাগৰীয় ছেন্সৰসমূহৰ জৰিয়তে ছাবমেৰিনক নিৰাপদে ৰখাৰ লগতে ভূমি আৰু সাগৰীয় শব্দ ধৰা পেলাই লুকাই থাকি বিপক্ষৰ ছাবমেৰিনক আক্রমণ কৰিবলৈ সহজ হ'ব। সংবাদ প্রতিষ্ঠান ৰয়টাৰত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি চীনে আমেৰিকাৰ বিৰুদ্ধে ছাবমেৰিন সম্ভাব্য যুদ্ধৰ বাবে কেইবা বছৰৰ গৱেষণা আৰু সংগঠিত প্রচেষ্টাৰে আগবাঢ়িছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ