--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্যপ্রাচ্যৰ যুদ্ধখনত ইৰানে ট্রাম্প বাহিনীক সমুচিত প্রত্যুত্তৰ দি থকাৰ সময়তে কঁকালত টঙালি বান্ধিছে চীনে।

ডিজিটেল ডেস্ক : আমেৰিকাৰে জলযুদ্ধৰ বাবে সাজু হৈছে চীন। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নেতৃত্বত যুদ্ধোন্মাদ আমেৰিকাই ইখনৰ পিছত সিখন দেশ আক্রমণ কৰি গৈছে।


মধ্যপ্রাচ্যৰ যুদ্ধখনত ইৰানে ট্রাম্প বাহিনীক সমুচিত প্রত্যুত্তৰ দি থকাৰ সময়তে কঁকালত টঙালি বান্ধিছে চীনে। আমেৰিকাক ভালকৈ এসেকা দিয়াৰ বাবে ছাবমেৰিন যুদ্ধৰ বাবে সাজু হৈছে চীনৰ নৌ সেনা। ছাবমেৰিন যুদ্ধত যাতে আমেৰিকাৰ গতি-বিধিৰ সকলো তথ্য লাভ কৰিব পাৰি, তাৰ বাবে চীনে ৪২খন জাহাজ তিনিখনকৈ মহাসাগৰত মোতায়েন কৰিব। প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ আৰু উত্তৰ মহাসাগৰত চীনে মোতায়েন কৰা এই জাহাজসমূহে আমেৰিকাৰ নৌ সেনাৰ গতি-বিধি, কাম-কাজ সন্দর্ভত গবেষণামূলক কাম-কাজ কৰি বিস্তৃত তথ্য চৰকাৰক যোগান ধৰিব। 


তদুপৰি, ভাৰতৰ কাষৰীয়া ৰাষ্ট্ৰখনে মহাসাগৰৰ পৰিৱেশ অধ্যয়নৰ বাবে শতাধিক 'মহাসাগৰীয় ছেন্সৰ' সাগৰৰ বিভিন্ন স্থানত স্থাপন কৰিছে। এইবোৰে বিপক্ষৰ ছাবমেৰিন আৰু নৌ জাহাজৰ সকলো গতি-বিধি চীনৰ নৌ সেনাক যোগান ধৰিব।


টাইৱান, গুৱাম আৰু মালাক্কা প্রণালীৰ ওচৰত 'মহাসাগৰীয় ছেন্সৰ' স্থাপনৰ লগতে এই তিনি স্থানত শত্রু ৰাষ্ট্ৰৰ গতি-বিধিত বিশেষ দৃষ্টি ৰাখিছে চীনে। চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ নিৰ্দেশত দেশখনৰ নৌ বাহিনীয়ে আমেৰিকাৰে সম্ভাব্য এখন যুদ্ধৰ বাবে সকলো প্রস্তুতি সম্পন্ন কৰিছে। সাগৰতলিৰ মেপিং, সাগৰীয় পৰিৱেশ, পানীৰ তলত ছাবমেৰিনৰ সকলো তথ্য, গতি-বিধি সন্দৰ্ভত শুদ্ধ আৰু সঠিক তথ্য লাভৰ ক্ষেত্রত সফলতা লাভ কৰিছে চীনে। ইয়াৰ জৰিয়তে আমেৰিকা আৰু ইয়াৰ মিত্র দেশসমূহে এই অঞ্চলত চলাব পৰা কোনো আক্রমণ প্রতিৰোধ আৰু সমুচিত প্রত্যুত্তৰত সক্ষম হ'ব চীন।


​​​​​​​ৰাষ্ট্ৰখনে সাগৰত মোতায়েন কৰা জাহাজ আৰু মহাসাগৰীয় ছেন্সৰসমূহৰ জৰিয়তে ছাবমেৰিনক নিৰাপদে ৰখাৰ লগতে ভূমি আৰু সাগৰীয় শব্দ ধৰা পেলাই লুকাই থাকি বিপক্ষৰ ছাবমেৰিনক আক্রমণ কৰিবলৈ সহজ হ'ব। সংবাদ প্রতিষ্ঠান ৰয়টাৰত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি চীনে আমেৰিকাৰ বিৰুদ্ধে ছাবমেৰিন সম্ভাব্য যুদ্ধৰ বাবে কেইবা বছৰৰ গৱেষণা আৰু সংগঠিত প্রচেষ্টাৰে আগবাঢ়িছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু