--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ খেলসমূহ অসমৰ উপৰি মণিপুৰ, মেঘালয়, পশ্চিম বংগ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক : এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপ ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ এমাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব। প্রতিযোগিতাখনৰ ১২৩ সংখ্যক সংস্কৰণত এইবাৰ ২৪টা দলে অংশগ্রহণ কৰিব। এই ২৪টা দলক ছটা গ্ৰুপত ভাগ কৰা হ'ব। প্রতিযোগিতাখন এইবাৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলত অনুষ্ঠিত হ'ব।


এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ খেলসমূহ অসমৰ উপৰি মণিপুৰ, মেঘালয়, পশ্চিম বংগ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ'ব। প্রতিযোগিতাৰ খেলসমূহৰ বাবে এই ৰাজ্যকেইখনৰ ছটা স্থান নির্ধাৰণ কৰা হৈছে। ডুৰাণ্ড কাপৰ সূচী অনুসৰি পশ্চিম বংগত খেল অনুষ্ঠিত হ'ব।


কলকাতাৰ যুৱভাৰতীয় ক্রীড়াংগণ, কলকাতা কিশোৰ ভাৰতীয় ক্রীড়াংগণ, জে আৰ ডি টাটা ক্রীড়া প্রকল্প, ঝাৰখণ্ডৰ জামছেদপুৰ বা ৰাঁচীৰ মোৰহাবাদী ষ্টেডিয়াম, মণিপুৰৰ ইম্ফলৰ খুমান লম্পক ষ্টেডিয়াম, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম আৰু অসমৰ কোকৰাঝাৰৰ এছ এ আই ষ্টেডিয়ামত।


উল্লেখযোগ্য যে কোকৰাঝাৰত একৰাহে তৃতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ'ব। আনহাতে ইম্ফলত দ্বিতীয়বাৰৰ বাবে খেল অনুষ্ঠিত হ'ব। আনহাতে শ্বিলঙত যোৱাবাৰো খেল অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে প্ৰায় এশ বছৰ পুৰণি প্ৰতিযোগিতাখন ২০১৯ চনৰ পৰা ইয়াৰ ঘৰুৱা ভিত্তি দিল্লীৰ পৰা কলকাতালৈ স্থানান্তৰিত কৰা হয়।


ইফালে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ডুৰাণ্ড কাপৰ ট্ৰফীসমূহ উন্মোচন কৰে। এই সমাৰোহত চীফ অব ডিফেন্স ষ্টাফ অনিল চৌহান, সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ু সেনাপ্রধান এয়াৰ চীফ মার্শাল অমৰপ্ৰীত সিং আৰু নৌ সেনাপ্রধান এডমিৰেল দীনেশ কে ত্রিপাঠী উপস্থিত আছিল। উল্লেখযোগ্য যে ডুৰাণ্ড কাপৰ আয়োজক হ'ল ভাৰতীয় সেনা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ