--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ খেলসমূহ অসমৰ উপৰি মণিপুৰ, মেঘালয়, পশ্চিম বংগ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক : এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপ ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ এমাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব। প্রতিযোগিতাখনৰ ১২৩ সংখ্যক সংস্কৰণত এইবাৰ ২৪টা দলে অংশগ্রহণ কৰিব। এই ২৪টা দলক ছটা গ্ৰুপত ভাগ কৰা হ'ব। প্রতিযোগিতাখন এইবাৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলত অনুষ্ঠিত হ'ব।


এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ খেলসমূহ অসমৰ উপৰি মণিপুৰ, মেঘালয়, পশ্চিম বংগ আৰু ঝাৰখণ্ডত অনুষ্ঠিত হ'ব। প্রতিযোগিতাৰ খেলসমূহৰ বাবে এই ৰাজ্যকেইখনৰ ছটা স্থান নির্ধাৰণ কৰা হৈছে। ডুৰাণ্ড কাপৰ সূচী অনুসৰি পশ্চিম বংগত খেল অনুষ্ঠিত হ'ব।


কলকাতাৰ যুৱভাৰতীয় ক্রীড়াংগণ, কলকাতা কিশোৰ ভাৰতীয় ক্রীড়াংগণ, জে আৰ ডি টাটা ক্রীড়া প্রকল্প, ঝাৰখণ্ডৰ জামছেদপুৰ বা ৰাঁচীৰ মোৰহাবাদী ষ্টেডিয়াম, মণিপুৰৰ ইম্ফলৰ খুমান লম্পক ষ্টেডিয়াম, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম আৰু অসমৰ কোকৰাঝাৰৰ এছ এ আই ষ্টেডিয়ামত।


উল্লেখযোগ্য যে কোকৰাঝাৰত একৰাহে তৃতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ'ব। আনহাতে ইম্ফলত দ্বিতীয়বাৰৰ বাবে খেল অনুষ্ঠিত হ'ব। আনহাতে শ্বিলঙত যোৱাবাৰো খেল অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে প্ৰায় এশ বছৰ পুৰণি প্ৰতিযোগিতাখন ২০১৯ চনৰ পৰা ইয়াৰ ঘৰুৱা ভিত্তি দিল্লীৰ পৰা কলকাতালৈ স্থানান্তৰিত কৰা হয়।


ইফালে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ডুৰাণ্ড কাপৰ ট্ৰফীসমূহ উন্মোচন কৰে। এই সমাৰোহত চীফ অব ডিফেন্স ষ্টাফ অনিল চৌহান, সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ু সেনাপ্রধান এয়াৰ চীফ মার্শাল অমৰপ্ৰীত সিং আৰু নৌ সেনাপ্রধান এডমিৰেল দীনেশ কে ত্রিপাঠী উপস্থিত আছিল। উল্লেখযোগ্য যে ডুৰাণ্ড কাপৰ আয়োজক হ'ল ভাৰতীয় সেনা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু