--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ন্যায়াধীশ জে চি শ্বাহ আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে কেন্দ্রীয় গৃহ মন্ত্র্যলয়ে মঙলবাৰে এই তথ্য লোক সভাত প্রকাশ কৰে।

ডিজিটেল ডেস্কঃ ১৯৭৫-৭৭ বর্ষত দেশত জৰুৰীকালীন অৱস্থা বলৱতৰ সময়ত ১.০৭ কোটিতকৈও অধিক লোকক বন্ধ্যাকৰণ কৰা হৈছিল, যি তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ চৰকাৰে নিৰ্ধাৰণ কৰা 'লক্ষ্য'ক ৬০% অতিক্ৰম কৰিছিল।


ন্যায়াধীশ জে চি শ্বাহ আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে কেন্দ্রীয় গৃহ মন্ত্র্যলয়ে মঙলবাৰে এই তথ্য লোক সভাত প্রকাশ কৰে।


 শ্বাহ আয়োগে পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ ৰূপায়ণত বলপূর্বক যোগদান কৰাকে ধৰি জৰুৰীকালীন সময়ত অসৎ উপায় অৱলম্বনেৰে সংঘটিত দুষ্কাৰ্য আদি সন্দৰ্ভত তদন্ত কৰিছিল। ইয়াৰ প্ৰতিবেদন ১৯৭৮ চনৰ ৩১ আগষ্টত সংসদত দাখিল কৰা হৈছিল। গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এটা প্ৰশ্নৰ উত্তৰত সদনত প্রকাশ কৰে যে শ্বাহ আয়োগে অবিবাহিত লোকৰ বন্ধ্যাকৰণৰ ৫৪৮টা অভিযোগ আৰু বন্ধ্যাকৰণ সম্পৰ্কীয় ১,৭৭৪ লোকৰ মৃত্যুৰ ঘটনা উল্লেখ কৰিছে।


শ্বাহ আয়োগৰ মতে, তদানীন্তন চৰকাৰে ১৯৭৫-৭৬ আৰু ১৯৭৬-৭৭ চনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্রদেশসমূহত বন্ধ্যাকৰণৰ 'বার্ষিক লক্ষ্য' নির্ধাৰণ কৰিছিল। ১৯৭৫-৭৬ চনত ৰাজ্যসমূহে ২৪.৮ লাখৰ লক্ষ্য ৫.৬% গুণ অতিক্ৰম কৰি ২৬.২ লাখ লোকক বন্ধ্যাকৰণ কৰিছিল আৰু ১৯৭৬-৭৭ চনত এই সংখ্যা ৯১% বৃদ্ধিৰে নিৰ্ধাৰিত ৪২.৫ লাখ লোকক অতিক্রমি ৮১.৩ লাখ লোকক বন্ধ্যাকৰণ কৰিছিল।


সেই সময়ছোৱাত সর্বাধিক বন্ধ্যাকৰণ হোৱা ৰাজ্যসমূহ আছিল ক্রমে মহাৰাষ্ট্ৰ (১৪.৪ লাখ), মধ্য প্রদেশ (১১.১ লাখ), বেংগল (১০.৮ লাখ) আৰু উত্তৰ প্ৰদেশ ৯.৬৫ লাখ)। আয়োগৰ মতে, জৰুৰীকালীন সময়ত পৰিয়াল পৰিকল্পনাৰ স্বেচ্ছামূলক কাৰ্যসূচীত ১, হঠাৎ পৰিৱৰ্তন হৈছিল। তদানীন্তন কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী কৰণ সিঙে বন্ধ্যাকৰণৰ বাবে জৰুৰীকালীন সময়ছোৱা উপযুক্ত সময় বুলি দাবী কৰি ইন্দিৰা গান্ধীলৈ এটা টোকা লিখিছিল। ১৯৭৫-৭৬ আৰু ১৯৭৬-৭৭ চনত বন্ধ্যাকৰণৰ সাফল্যৰ হাৰ আছিল ক্রমে ১০৭% আৰু ১৯০%।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু