--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ন্যায়াধীশ জে চি শ্বাহ আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে কেন্দ্রীয় গৃহ মন্ত্র্যলয়ে মঙলবাৰে এই তথ্য লোক সভাত প্রকাশ কৰে।

ডিজিটেল ডেস্কঃ ১৯৭৫-৭৭ বর্ষত দেশত জৰুৰীকালীন অৱস্থা বলৱতৰ সময়ত ১.০৭ কোটিতকৈও অধিক লোকক বন্ধ্যাকৰণ কৰা হৈছিল, যি তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ চৰকাৰে নিৰ্ধাৰণ কৰা 'লক্ষ্য'ক ৬০% অতিক্ৰম কৰিছিল।


ন্যায়াধীশ জে চি শ্বাহ আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে কেন্দ্রীয় গৃহ মন্ত্র্যলয়ে মঙলবাৰে এই তথ্য লোক সভাত প্রকাশ কৰে।


 শ্বাহ আয়োগে পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ ৰূপায়ণত বলপূর্বক যোগদান কৰাকে ধৰি জৰুৰীকালীন সময়ত অসৎ উপায় অৱলম্বনেৰে সংঘটিত দুষ্কাৰ্য আদি সন্দৰ্ভত তদন্ত কৰিছিল। ইয়াৰ প্ৰতিবেদন ১৯৭৮ চনৰ ৩১ আগষ্টত সংসদত দাখিল কৰা হৈছিল। গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এটা প্ৰশ্নৰ উত্তৰত সদনত প্রকাশ কৰে যে শ্বাহ আয়োগে অবিবাহিত লোকৰ বন্ধ্যাকৰণৰ ৫৪৮টা অভিযোগ আৰু বন্ধ্যাকৰণ সম্পৰ্কীয় ১,৭৭৪ লোকৰ মৃত্যুৰ ঘটনা উল্লেখ কৰিছে।


শ্বাহ আয়োগৰ মতে, তদানীন্তন চৰকাৰে ১৯৭৫-৭৬ আৰু ১৯৭৬-৭৭ চনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্রদেশসমূহত বন্ধ্যাকৰণৰ 'বার্ষিক লক্ষ্য' নির্ধাৰণ কৰিছিল। ১৯৭৫-৭৬ চনত ৰাজ্যসমূহে ২৪.৮ লাখৰ লক্ষ্য ৫.৬% গুণ অতিক্ৰম কৰি ২৬.২ লাখ লোকক বন্ধ্যাকৰণ কৰিছিল আৰু ১৯৭৬-৭৭ চনত এই সংখ্যা ৯১% বৃদ্ধিৰে নিৰ্ধাৰিত ৪২.৫ লাখ লোকক অতিক্রমি ৮১.৩ লাখ লোকক বন্ধ্যাকৰণ কৰিছিল।


সেই সময়ছোৱাত সর্বাধিক বন্ধ্যাকৰণ হোৱা ৰাজ্যসমূহ আছিল ক্রমে মহাৰাষ্ট্ৰ (১৪.৪ লাখ), মধ্য প্রদেশ (১১.১ লাখ), বেংগল (১০.৮ লাখ) আৰু উত্তৰ প্ৰদেশ ৯.৬৫ লাখ)। আয়োগৰ মতে, জৰুৰীকালীন সময়ত পৰিয়াল পৰিকল্পনাৰ স্বেচ্ছামূলক কাৰ্যসূচীত ১, হঠাৎ পৰিৱৰ্তন হৈছিল। তদানীন্তন কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী কৰণ সিঙে বন্ধ্যাকৰণৰ বাবে জৰুৰীকালীন সময়ছোৱা উপযুক্ত সময় বুলি দাবী কৰি ইন্দিৰা গান্ধীলৈ এটা টোকা লিখিছিল। ১৯৭৫-৭৬ আৰু ১৯৭৬-৭৭ চনত বন্ধ্যাকৰণৰ সাফল্যৰ হাৰ আছিল ক্রমে ১০৭% আৰু ১৯০%।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ