--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নতুনকৈ প্ৰকাশ কৰা দেশৰ ভূমিকম্প মানচিত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। ভাৰতে কেইবা দশকৰ পাছত ভূমিকম্প মণ্ডলৰ মানচিত্র প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : অসমকে ধৰি সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল প্রৱল ভূমিকম্পই জোকাৰি পেলোৱাৰ আশংকা কৰা হৈছে। কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, উত্তৰাখণ্ড, হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰকে ধৰি সমগ্ৰ হিমালয় অঞ্চলক ভূমিকম্পৰ সৰ্বাধিক আশংকা থকা মণ্ডল-৬ত স্থান দিয়া হৈছে।


নতুনকৈ প্ৰকাশ কৰা দেশৰ ভূমিকম্প মানচিত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। ভাৰতে কেইবা দশকৰ পাছত ভূমিকম্প মণ্ডলৰ মানচিত্র প্রকাশ কৰিছে। নতুন মানচিত্রত সমগ্র হিমালয় অঞ্চলক নতুন মণ্ডল ৬ত ৰখা হৈছে। আগতে হিমালয় অঞ্চলক মণ্ডল ৪ আৰু ৫ত ৰখা হৈছিল। আনহাতে, সমগ্র দেশৰ ৬১% অঞ্চল প্ৰৱল মজলীয়া ভূঁইকঁপৰ শংকা থকা মণ্ডলত অন্তর্ভুক্ত হৈছে। 


উল্লেখযোগ্য যে হিমালয়ৰ আটাইতকৈ দ্রুত গতিত সংঘর্ষ হোৱা দুখন প্লেটৰ মাজত আছে। ভাৰতীয় প্লেট প্রতি বছৰে ৫ চেণ্টিমিটাৰত কৈ উত্তৰ দিশে গতি কৰিছে। ইয়াৰ ফলত ভূগৰ্ভত গভীৰ চাপৰ সৃষ্টি হৈছে। যেতিয়া এই চাপ বাহিৰলৈ ওলাই আহে তেতিয়াই প্রবল ভূমিকম্পৰ সৃষ্টি হয়। ভাৰতীয় প্লেট উত্তৰলৈ অগ্ৰসৰ হোৱাৰ ফলত হিমালয়ৰ তলত তিনিটা ডাঙৰ বিচ্যুতিৰ সৃষ্টি হৈছে। এই বিচ্যুতি তিনিটা হ'ল ক্রমে মেইন ফ্রণ্টেল থ্রাষ্ট, মেইন বাউণ্ডেৰী থ্রাষ্ট আৰু মেইন চেণ্ট্ৰেল থ্রাস্ট। এই চাপৰ যিকোনো সময়তে প্ৰৱল বেগত বহির্মুখী হ'ব পাৰে আৰু তেতিয়াই উপৰিভাগত প্ৰলয়ৰ সৃষ্টি হ'ব। মন কৰিবলগীয়া যে মধ্য হিমালয়ত প্রায় দুশ বছৰে এটাও প্ৰৱল ভূঁইকঁপ হোৱা নাই। আন কথাত ইয়াত বৃহৎ চাপ জমা হৈ আছে। নতুন মানচিত্রত সমগ্র হিমালয় অঞ্চলক ষষ্ঠ মণ্ডলত ৰখা হৈছে। সক্রিয় মোহন্দ বিচ্যুতৰ কাষত থকা ডেৰাডুনৰ দৰে মহানগৰ প্ৰতি সৰ্বাধিক শংকাৰ উৎপত্তি হৈছে। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ, গুজৰাট বিশেষকৈ কচ্চ, বিহাৰ-নেপাল সীমান্তকো অতি উচ্চ শংকাযুক্ত মণ্ডলত ৰখা হৈছে। বিজ্ঞানীসকলে প্রকাশ কৰা মতে, এই মানচিত্রই এই সতর্কবাণী শুনাইছে যে যিকোনো সময়তে প্রৱল ভূঁইকঁপ আহিব পাৰে। ইয়াৰ বাবে এতিয়াও প্রস্তুত হৈ থাকিব লাগে। 


নতুন নিয়ম অনুসৰি, কোনো স্থান যদি দুটা মণ্ডলৰ সীমাত থাকে তেতিয়া সেই স্থানক উচ্চ শংকাযুক্ত মণ্ডলত ধৰা হ'ব। ব্যুৰ' অব ইণ্ডিয়ান ষ্টেণ্ডার্ডে (বি আই এছ) কয় যে নতুন মানচিত্র নতুন মণ্ডল মানচিত্র প্রবেবিলিষ্টিক ছিছমিক হাজার্ড এছেছমেণ্ট (পি এছ এইচ এ) প্রযুক্তি কৌশলক ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। বি এছ আয়ে কয় যে সমগ্ৰ দেশৰ তিনি চতুর্থাংশ অঞ্চল অতি শংকাজনক মণ্ডলৰ ভিতচৰত পৰাৰ পাছত এতিয়া নতুন ঘৰ নিৰ্মাণ কৰোঁতে ২০২৫ চনৰ নতুন বিধি কাৰ্যকৰী কৰিব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ