--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নতুনকৈ প্ৰকাশ কৰা দেশৰ ভূমিকম্প মানচিত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। ভাৰতে কেইবা দশকৰ পাছত ভূমিকম্প মণ্ডলৰ মানচিত্র প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : অসমকে ধৰি সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল প্রৱল ভূমিকম্পই জোকাৰি পেলোৱাৰ আশংকা কৰা হৈছে। কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, উত্তৰাখণ্ড, হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰকে ধৰি সমগ্ৰ হিমালয় অঞ্চলক ভূমিকম্পৰ সৰ্বাধিক আশংকা থকা মণ্ডল-৬ত স্থান দিয়া হৈছে।


নতুনকৈ প্ৰকাশ কৰা দেশৰ ভূমিকম্প মানচিত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। ভাৰতে কেইবা দশকৰ পাছত ভূমিকম্প মণ্ডলৰ মানচিত্র প্রকাশ কৰিছে। নতুন মানচিত্রত সমগ্র হিমালয় অঞ্চলক নতুন মণ্ডল ৬ত ৰখা হৈছে। আগতে হিমালয় অঞ্চলক মণ্ডল ৪ আৰু ৫ত ৰখা হৈছিল। আনহাতে, সমগ্র দেশৰ ৬১% অঞ্চল প্ৰৱল মজলীয়া ভূঁইকঁপৰ শংকা থকা মণ্ডলত অন্তর্ভুক্ত হৈছে। 


উল্লেখযোগ্য যে হিমালয়ৰ আটাইতকৈ দ্রুত গতিত সংঘর্ষ হোৱা দুখন প্লেটৰ মাজত আছে। ভাৰতীয় প্লেট প্রতি বছৰে ৫ চেণ্টিমিটাৰত কৈ উত্তৰ দিশে গতি কৰিছে। ইয়াৰ ফলত ভূগৰ্ভত গভীৰ চাপৰ সৃষ্টি হৈছে। যেতিয়া এই চাপ বাহিৰলৈ ওলাই আহে তেতিয়াই প্রবল ভূমিকম্পৰ সৃষ্টি হয়। ভাৰতীয় প্লেট উত্তৰলৈ অগ্ৰসৰ হোৱাৰ ফলত হিমালয়ৰ তলত তিনিটা ডাঙৰ বিচ্যুতিৰ সৃষ্টি হৈছে। এই বিচ্যুতি তিনিটা হ'ল ক্রমে মেইন ফ্রণ্টেল থ্রাষ্ট, মেইন বাউণ্ডেৰী থ্রাষ্ট আৰু মেইন চেণ্ট্ৰেল থ্রাস্ট। এই চাপৰ যিকোনো সময়তে প্ৰৱল বেগত বহির্মুখী হ'ব পাৰে আৰু তেতিয়াই উপৰিভাগত প্ৰলয়ৰ সৃষ্টি হ'ব। মন কৰিবলগীয়া যে মধ্য হিমালয়ত প্রায় দুশ বছৰে এটাও প্ৰৱল ভূঁইকঁপ হোৱা নাই। আন কথাত ইয়াত বৃহৎ চাপ জমা হৈ আছে। নতুন মানচিত্রত সমগ্র হিমালয় অঞ্চলক ষষ্ঠ মণ্ডলত ৰখা হৈছে। সক্রিয় মোহন্দ বিচ্যুতৰ কাষত থকা ডেৰাডুনৰ দৰে মহানগৰ প্ৰতি সৰ্বাধিক শংকাৰ উৎপত্তি হৈছে। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ, গুজৰাট বিশেষকৈ কচ্চ, বিহাৰ-নেপাল সীমান্তকো অতি উচ্চ শংকাযুক্ত মণ্ডলত ৰখা হৈছে। বিজ্ঞানীসকলে প্রকাশ কৰা মতে, এই মানচিত্রই এই সতর্কবাণী শুনাইছে যে যিকোনো সময়তে প্রৱল ভূঁইকঁপ আহিব পাৰে। ইয়াৰ বাবে এতিয়াও প্রস্তুত হৈ থাকিব লাগে। 


নতুন নিয়ম অনুসৰি, কোনো স্থান যদি দুটা মণ্ডলৰ সীমাত থাকে তেতিয়া সেই স্থানক উচ্চ শংকাযুক্ত মণ্ডলত ধৰা হ'ব। ব্যুৰ' অব ইণ্ডিয়ান ষ্টেণ্ডার্ডে (বি আই এছ) কয় যে নতুন মানচিত্র নতুন মণ্ডল মানচিত্র প্রবেবিলিষ্টিক ছিছমিক হাজার্ড এছেছমেণ্ট (পি এছ এইচ এ) প্রযুক্তি কৌশলক ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। বি এছ আয়ে কয় যে সমগ্ৰ দেশৰ তিনি চতুর্থাংশ অঞ্চল অতি শংকাজনক মণ্ডলৰ ভিতচৰত পৰাৰ পাছত এতিয়া নতুন ঘৰ নিৰ্মাণ কৰোঁতে ২০২৫ চনৰ নতুন বিধি কাৰ্যকৰী কৰিব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু