--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পৰিৱৰ্তনসমূহে আপোনাৰ বিত্তীয়, অত্যাৱশ্যকীয় সেৱাসমূহ, আৰু সঞ্চয়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। ১ ডিচেম্বৰৰ পৰা কি সলনি হ’ব জানি লওঁ আহক।

ডিজিটেল ডেস্কঃ আজি নৱেম্বৰৰ অন্তিমটো দিন । কাইলৈ ডিচেম্বৰৰ ১ তাৰিখ ।বছৰৰ শেষৰটো মাহত কেইবাটাও গুৰুত্বপূৰ্ণ বিত্তীয় নিয়ম আৰু পৰিৱৰ্তন কাৰ্যকৰী হ’ব। এই পৰিৱৰ্তনসমূহে আপোনাৰ বিত্তীয়, অত্যাৱশ্যকীয় সেৱাসমূহ, আৰু সঞ্চয়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। ১ ডিচেম্বৰৰ পৰা কি সলনি হ’ব জানি লওঁ আহক।


ইউনিফাইড পেঞ্চন আঁচনি-UPS


ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ পৰা ইউ পি এছলৈ স্থানান্তৰিত হ’ব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৩০ নৱেম্বৰৰ পূৰ্বে নিজৰ বিকল্প দাখিল কৰিব লাগিব। ইতিমধ্যে চৰকাৰে এবাৰ সময়সীমা বৃদ্ধি কৰিছে যদিও এতিয়া বিষয়াসকলে স্পষ্ট কৰি দিছে যে ১ ডিচেম্বৰৰ পিছত এই ব্যৱস্থা পুনৰ নহ’ব। গতিকে যিসকল কৰ্মচাৰীয়ে এতিয়াও নিজৰ বিকল্প জমা দিয়া নাই তেওঁলোকে তৎক্ষণাত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে।


পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণ পত্ৰ


৩০ নৱেম্বৰত সমগ্ৰ দেশৰ লাখ লাখ পেঞ্চনাৰৰ বাৰ্ষিক জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ। এই তাৰিখৰ ভিতৰত যদি পেঞ্চনাৰসকলে প্ৰমাণ পত্ৰ দাখিল কৰিব নোৱাৰে তেন্তে ডিচেম্বৰৰ পৰা তেওঁলোকৰ পেঞ্চন সাময়িকভাৱে স্থগিত ৰখা হ’ব পাৰে। 


পেঞ্চন পৰিশোধ পুনৰ আৰম্ভ কৰিবলৈ কিছু সময় লাগিব পাৰে, কিয়নো সংশ্লিষ্ট বিভাগে তেওঁলোকৰ নথি-পত্ৰ পুনৰ পৰীক্ষা কৰিব লাগিব। অৱশ্যে "জীৱন প্ৰমান" মোবাইল এপ আৰু বহু বেংকৰ সেৱাৰ জৰিয়তে এই প্ৰক্ৰিয়াটো সহজেই সম্পূৰ্ণ কৰিব পৰা যায়।


এল পি জিৰ মূল্য


প্ৰতি মাহৰ দৰে ১ ডিচেম্বৰত সংশোধন কৰা হ’ব এল পি জি চিলিণ্ডাৰৰ মূল্য। এই পৰিৱৰ্তনসমূহ বিশ্বৰ খাৰুৱা তেলৰ মূল্য আৰু বিদেশী মুদ্ৰাৰ হাৰৰ উঠা-নমাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। যোৱা কেইমাহমানত এল পি জিৰ মূল্য কিছু স্থিতিশীলতা দেখা গৈছে যদিও বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ সামান্য বৃদ্ধি বা হ্ৰাসৰ সম্ভাৱনা সমানেই আছে বুলি বিশেষজ্ঞসকলৰ মত।


কৰৰ নিয়ম


যদি আপুনি অক্টোবৰ মাহত টিডিএছ কৰ্তন কৰিছিল, তেন্তে ধাৰা ১৯৪-আইএ, ১৯৪-আইবি, ১৯৪এম, আৰু ১৯৪এছৰ অধীনত প্ৰাসংগিক বিবৃতিসমূহ ৩০ নৱেম্বৰৰ পূৰ্বে দাখিল কৰাটো বাধ্যতামূলক। সময়সীমা অতিক্ৰম কৰিলে জৰিমনা আৰু অতিৰিক্ত সুত লাগিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু