--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পৰিৱৰ্তনসমূহে আপোনাৰ বিত্তীয়, অত্যাৱশ্যকীয় সেৱাসমূহ, আৰু সঞ্চয়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। ১ ডিচেম্বৰৰ পৰা কি সলনি হ’ব জানি লওঁ আহক।

ডিজিটেল ডেস্কঃ আজি নৱেম্বৰৰ অন্তিমটো দিন । কাইলৈ ডিচেম্বৰৰ ১ তাৰিখ ।বছৰৰ শেষৰটো মাহত কেইবাটাও গুৰুত্বপূৰ্ণ বিত্তীয় নিয়ম আৰু পৰিৱৰ্তন কাৰ্যকৰী হ’ব। এই পৰিৱৰ্তনসমূহে আপোনাৰ বিত্তীয়, অত্যাৱশ্যকীয় সেৱাসমূহ, আৰু সঞ্চয়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। ১ ডিচেম্বৰৰ পৰা কি সলনি হ’ব জানি লওঁ আহক।


ইউনিফাইড পেঞ্চন আঁচনি-UPS


ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ পৰা ইউ পি এছলৈ স্থানান্তৰিত হ’ব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৩০ নৱেম্বৰৰ পূৰ্বে নিজৰ বিকল্প দাখিল কৰিব লাগিব। ইতিমধ্যে চৰকাৰে এবাৰ সময়সীমা বৃদ্ধি কৰিছে যদিও এতিয়া বিষয়াসকলে স্পষ্ট কৰি দিছে যে ১ ডিচেম্বৰৰ পিছত এই ব্যৱস্থা পুনৰ নহ’ব। গতিকে যিসকল কৰ্মচাৰীয়ে এতিয়াও নিজৰ বিকল্প জমা দিয়া নাই তেওঁলোকে তৎক্ষণাত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে।


পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণ পত্ৰ


৩০ নৱেম্বৰত সমগ্ৰ দেশৰ লাখ লাখ পেঞ্চনাৰৰ বাৰ্ষিক জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ। এই তাৰিখৰ ভিতৰত যদি পেঞ্চনাৰসকলে প্ৰমাণ পত্ৰ দাখিল কৰিব নোৱাৰে তেন্তে ডিচেম্বৰৰ পৰা তেওঁলোকৰ পেঞ্চন সাময়িকভাৱে স্থগিত ৰখা হ’ব পাৰে। 


পেঞ্চন পৰিশোধ পুনৰ আৰম্ভ কৰিবলৈ কিছু সময় লাগিব পাৰে, কিয়নো সংশ্লিষ্ট বিভাগে তেওঁলোকৰ নথি-পত্ৰ পুনৰ পৰীক্ষা কৰিব লাগিব। অৱশ্যে "জীৱন প্ৰমান" মোবাইল এপ আৰু বহু বেংকৰ সেৱাৰ জৰিয়তে এই প্ৰক্ৰিয়াটো সহজেই সম্পূৰ্ণ কৰিব পৰা যায়।


এল পি জিৰ মূল্য


প্ৰতি মাহৰ দৰে ১ ডিচেম্বৰত সংশোধন কৰা হ’ব এল পি জি চিলিণ্ডাৰৰ মূল্য। এই পৰিৱৰ্তনসমূহ বিশ্বৰ খাৰুৱা তেলৰ মূল্য আৰু বিদেশী মুদ্ৰাৰ হাৰৰ উঠা-নমাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। যোৱা কেইমাহমানত এল পি জিৰ মূল্য কিছু স্থিতিশীলতা দেখা গৈছে যদিও বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ সামান্য বৃদ্ধি বা হ্ৰাসৰ সম্ভাৱনা সমানেই আছে বুলি বিশেষজ্ঞসকলৰ মত।


কৰৰ নিয়ম


যদি আপুনি অক্টোবৰ মাহত টিডিএছ কৰ্তন কৰিছিল, তেন্তে ধাৰা ১৯৪-আইএ, ১৯৪-আইবি, ১৯৪এম, আৰু ১৯৪এছৰ অধীনত প্ৰাসংগিক বিবৃতিসমূহ ৩০ নৱেম্বৰৰ পূৰ্বে দাখিল কৰাটো বাধ্যতামূলক। সময়সীমা অতিক্ৰম কৰিলে জৰিমনা আৰু অতিৰিক্ত সুত লাগিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ