--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সোমবাৰে পুৱা এই প্ৰেমিক যুগলক হায়দৰাবাদ বিমানবন্দৰত দেখা গ’ল, য’ৰ পৰা তেওঁলোক নিজৰ বিবাহ অনুষ্ঠানৰ বাবে ৰাজস্থানৰ উদয়পুৰলৈ ৰাওনা হয়। Finally-an-Instagram-

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতীয় ছবি জগতৰ জনপ্ৰিয় তাৰকা বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ বিয়াৰ উৰাবাতৰিয়ে অৱশেষত লাভ কৰিলে পূৰ্ণতা।


বহু বছৰ ধৰি চলা জল্পনা-কল্পনাৰ অন্ত পেলাই এই তাৰকা যুটীটোৱে নিজৰ বিবাহৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। 


সোমবাৰে পুৱা এই প্ৰেমিক যুগলক হায়দৰাবাদ বিমানবন্দৰত দেখা গ’ল, য’ৰ পৰা তেওঁলোক নিজৰ বিবাহ অনুষ্ঠানৰ বাবে ৰাজস্থানৰ উদয়পুৰলৈ ৰাওনা হয়।



উদয়পুৰলৈ যোৱাৰ পূৰ্বে বিজয় আৰু ৰশ্মিকাই ছচিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। অনুৰাগীয়ে তেওঁলোকক মৰমেৰে দিয়া 'VIROSH' (বিৰোশ) নামটোৰ প্ৰতি সন্মান জনাই তেওঁলোকে এই বিশেষ দিনটোক ‘দ্য ৱেডিং অফ বিৰোশ’ (The Wedding of Virosh) বুলি অভিহিত কৰিছে। তেওঁলোকে অনুৰাগীসকলক ধন্যবাদ জনাই লিখে যে তেওঁলোকৰ মৰমৰ বাবেই আজি এই সম্পৰ্কই পূৰ্ণতা পাইছে।



প্ৰাপ্ত খবৰ অনুসৰি, অহা ২৬ ফেব্ৰুৱাৰীত উদয়পুৰত এক অতি ব্যক্তিগত আৰু অন্তৰংগ পৰিৱেশত দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। এই অনুষ্ঠানত কেৱল পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীহে উপস্থিত থাকিব। ইয়াৰ পিছতে ৪ মাৰ্চত হায়দৰাবাদত এখন বিশাল অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।



২০১৮ চনত ‘গীতা গোবিন্দম’ ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বিজয় আৰু ৰশ্মিকাই একেলগে কাম কৰিছিল। তাৰ পিছত ‘ডিয়েৰ কমৰেড’ ছবিত তেওঁলোকৰ অন-স্ক্ৰীণ কেমেষ্ট্ৰীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল। তেতিয়াৰ পৰাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ চৰ্চা চলি আছিল, যি এতিয়া বিবাহৰ ৰূপ ল’বলৈ গৈ আছে।


বিমানবন্দৰত দুয়োৰে মুখত বিৰিঙা হাঁহিয়ে স্পষ্ট কৰি দিছে যে তেওঁলোক এই নতুন জীৱনক লৈ অতিশয় উৎসাহিত। অনুৰাগীসকলেও এতিয়া অধীৰ আগ্ৰহেৰে তেওঁলোকৰ বিবাহৰ ফটোসমূহলৈ অপেক্ষা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ