--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাফটাত এইবছৰ এই চলচ্চিত্রখনেই আছিল ভাৰতীয় একমাত্র চলচ্চিত্র। এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা লক্ষ্মীপ্রিয়া দেৱীৰ।

ডিজিটেল ডেস্ক: মর্যাদাপূর্ণ 'ব্রিটিছ একাডেমি অব্ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ' (বাফটা) বঁটাত এইবছৰ জিলিকি উঠিল ভাৰত। মণিপুৰী ভাষাৰ চলচ্চিত্র 'বুং'-এ 'বেষ্ট চিলড্রেন এণ্ড ফেমিলী' শাখাত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰি ইতিহাস ৰচনা কৰে। এই বঁটা লাভ কৰি 'বুং' হৈ পৰে বাফটা বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্র। 


আনহাতে, বাফটাত এইবছৰ এই চলচ্চিত্রখনেই আছিল ভাৰতীয় একমাত্র চলচ্চিত্র। এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা লক্ষ্মীপ্রিয়া দেৱীৰ। এইখন হৈছে মণিপুৰী লেখক-চলচ্চিত্র নির্মাতা লক্ষ্মীপ্রিয়া দেৱীৰ পৰিচালনাৰ প্ৰথম কাহিনী-চিত্র (ফিছাৰ ফিল্ম)। বিকেশ ভূটানী, এলেন মেক এলেক্স, ৰীতেশ সিধৱানী আৰু জাত সৌদাগৰৰ সৈতে চিনেমাখন প্রযোজনা কৰিছে ফাৰহান আখতাৰে। চিনেমাখনত অভিনয় কৰিছে গুগুন কিপগেন আৰু বালা হিজামে। 


উল্লেখযোগ্য যে এই বঁটা গ্রহণ কৰিবলৈ ফাৰহান আখতাৰ বঁটা প্রদান অনুষ্ঠানত উপস্থিত আছিল। 'বুং'-ৰ সৈতে উক্ত শাখাৰ প্ৰতিযোগী চলচ্চিত্রকেইখন আছিল 'এক্র", 'লিল' এণ্ড ষ্টিটছ' আৰু 'জুট'পিয়া-২।' 'বুং' নামৰ চলচ্চিত্ৰখনৰ প্রিমিয়াৰ হৈছিল ২০২৪ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত 'ডিস্ক'ভাৰি' শাখাত। তেতিয়াৰ পৰা 'ৱাৰছ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-২০২৪', 'মামি মুম্বাই চলচ্চিত্র মহোৎসৱ ২০২৪', '৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ' (আই এফ এফ আই) কে ধৰি বিশ্বৰ কেইবাখনো চলচ্চিত্র মহোৎসৱত এই চলচ্চিত্রখন প্রদর্শিত হৈছে। 


চলচ্চিত্ৰখন হৈছে মণিপুৰৰ বুং নামৰ এটি ল'ৰাৰ কাহিনী। ল'ৰাটোৱে এটা উপহাৰেৰে মাকক আশ্চর্যান্বিত কৰাৰ পৰিকল্পনা কৰে। সি বিশ্বাস কৰে যে দেউতাকক ঘৰলৈ ওভতাই অনাটোৱে হ'ব মাকৰ বাবে বিশেষ উপহাৰ। দেউতাকৰ বাবে কৰা সন্ধানত ল'ৰাটোৱে আশা নকাৰ এক উপহাৰ পায় আৰু এক নতুন আৰম্ভণিৰ। 


উল্লেখযোগ্য যে দেওবাৰে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত হোৱা ৭৯ সংখ্যক বাফটা বঁটা প্রদান অনুষ্ঠানত বলিউডৰ অভিনেত্রী তথা প্রযোজক আলিয়া ভাটেও এটা বঁটা প্ৰদান কৰে। বলিউডৰ হিমেন প্রয়াত ধর্মেন্দ্ৰৰ নাম সোঁৱৰণিৰ শাখাত উল্লেখ কৰা হয়।


উৎসঃ দৈনিক জনমভূমি 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ