--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নাছাই প্রকাশ কৰা মতে আর্টেমিছ-২ অভিযান সম্পূর্ণৰূপে সাজু হৈ উঠিছে। কোনো ধৰণৰ কাৰিকৰী সমস্যা নাই।

ডিজিটেল ডেস্ক: চন্দ্ৰত ৫৪ বছৰৰ পাছত মানৱ অভিযানৰ বাবে সাজু হৈছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা 'নাছা'। ১৯৭২ চনৰ পাছত প্ৰথমবাৰৰ বাবে চাৰিজন মহাকাশচাৰী চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব। 


নাছাই প্রকাশ কৰা মতে আর্টেমিছ-২ অভিযান সম্পূর্ণৰূপে সাজু হৈ উঠিছে। কোনো ধৰণৰ কাৰিকৰী সমস্যা নাই। অহা ১ এপ্রিলত আর্টেমিছ-২ চন্দ্ৰ অভিমুখে ৰাওনা হ'ব। ইয়াত থকা চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰৰ চৌপাশে পাক মাৰিব আৰু তাৰ পাছত পুনৰ পৃথিৱীলৈ উভতি আহিব। ইতিমধ্যে চাৰিজন মহাকাশচাৰী ক্রমে কমাণ্ডাৰ ৰীড ৱাইজমেন, পাইলট ভিক্টৰ গ্ল'ভাৰ, ক্রিষ্টিনা কোচ আৰু কানাডাৰ জেৰেমী হেমছেন চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। তেওঁলোক টি-৩৭ জেট বিমানেৰে কেনেডী মহাকাশ কেন্দ্রত উপস্থিত হৈছে। তেওঁলোকে তাৰ পৰা বিশাল এছ এল এছ ৰকেটত উঠি চন্দ্ৰ অভিমুখে উৰা মাৰিব। এই অভিযান দহ দিনীয়া হ'ব। নাছাই প্রকাশ কৰা মতে এই অভিযানত মহাকাশচাৰী কেইজনে চন্দ্ৰপৃষ্ঠত নানামে, ইয়াৰ পৰিৱৰ্তে তেওঁলোক চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব আৰু চন্দ্ৰৰ চৌদিশে পৰিভ্ৰমণ কৰিব। নাছাৰ মতে ই হ'ব আৰ্টেমিছ অভিযানৰ প্ৰথমটো মানৱসহ অভিযানৰ পৰীক্ষা। 


আনহাতে চন্দ্ৰৰ কাষলৈ যোৱা ভিক্টৰ গ্ল'ভাৰ প্ৰথমজন অশ্বেত মহাকাশচাৰী হ'ব। একেদৰে ক্ৰিষ্টিনা চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা আৰু জেৰেমী হেনথেন প্রথমজন অনা-আমেৰিকান হ'ব। জেৰেমীৰ বাদে আনকেইগৰাকীৰ পূৰ্বৰ মহাকাশ অভিযানৰ অভিজ্ঞতা আছে। মহাকাশ যাত্রী কেইজন অৰিয়ন কেপছুলত উঠি চন্দ্ৰৰ কক্ষপথলৈ ৰাওনা হ'ব। তেওঁলোকে এই অভিযানত অৰিয়নৰ লাইফ ছাপর্ট ছিষ্টেম, নেভিগেশ্যন, যোগাযোগ আৰু হিট শ্বিল্ডৰ পৰীক্ষা কৰিব। কমাণ্ডাৰ ৱাইজমেনে কয় যে এই অভিযানৰ উদ্দেশ্য কেৱল চন্দ্ৰৰ কাষলৈ যোৱাই নহয়, নাছাৰ কেইবা কোটি ডলাৰৰ আর্টেমিছ কাৰ্যসূচীৰ প্রকৃত পৰীক্ষা। এতিয়া যদি সকলো ঠিকে-ঠাকে থাকে তেতিয়া পৰৱৰ্তী অভিযানবোৰত চন্দ্ৰত অৱতৰণ কৰা আৰু তাত দীঘলীয়া সময় থকাটো সহজ হৈ পৰিব। উল্লেখযোগ্য যে নাছা আর্টেমিছ অভিযানৰ প্ৰধান লক্ষ্য হ'ল চন্দ্ৰত মানুহৰ স্থায়ী বসতিস্থল স্থাপন কৰা আৰু তাৰ পাছত মঙল গ্রহত মানৱ অভিযান চলোৱা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ