--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মহিলাক অর্থনৈতিকভাৱে সবলীকৰণ কৰাৰ উপৰি এই কাৰ্যসূচীয়ে কৃষি খণ্ডত শেহতীয়া ড্র'ন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে এই আঁচনিৰ জৰিয়তে।

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ 'নমো ড্র'ন দিদি' আঁচনিয়ে গ্রামীণ মহিলাৰ বিত্তীয় আত্মনিৰ্ভৰশীলতাৰ দিশত এক পৰিৱৰ্তনকামী ভূমিকা লৈছে। আধুনিক প্রযুক্তিৰ সৈতে গ্রামীণ মহিলাক পৰিচিত কৰি 'ড্র'ন দিদি' আঁচনিয়ে এক ৰূপান্তৰকাৰী পদক্ষেপ লৈছে।


মহিলাক অর্থনৈতিকভাৱে সবলীকৰণ কৰাৰ উপৰি এই কাৰ্যসূচীয়ে কৃষি খণ্ডত শেহতীয়া ড্র'ন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে এই আঁচনিৰ জৰিয়তে। গাঁৱৰ মহিলাক ড্র'ন পাইলট হিচাপে প্রশিক্ষণ দিয়া হৈছে আৰু ড্ৰ'নেৰে কৃষিভূমিত সাৰ আৰু কীটনাশক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। 


এই আঁচনিৰ অধীনত মহিলাক ড্র'ন যোগান ধৰা হয় আৰু ড্ৰ'ন চলাবলৈ প্রশিক্ষণ দিয়া হয়। এই ড্ৰ'নৰ জৰিয়তে কৃষিভূমিত সাৰ আৰু কীটনাশক সামগ্রী ছটিয়াই গ্রামীণ মহিলাসকল অর্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। বিহাৰৰ গয়া জিলাৰ খিজাসৰাই ব্লকৰ হেমাৰা গাঁৱৰ মহিলা ৰূপা কুমাৰীয়ে এগৰাকী সাধাৰণ গৃহিণীৰ পৰা বৰ্তমান সময়ত এগৰাকী সফল উদ্যোগী আৰু প্রশিক্ষিত ড্র'ন পাইলট হিচাপে পৰিগণিত হৈছে। 


বিহাৰৰ জিলাখনৰ প্ৰথমগৰাকী 'ড্র'ন দিদি' ৰূপাই এই 'নমো ড্র'ন দিদি' আঁচনিৰ অধীনত ড্র'ন লাভ কৰি প্ৰতি মাহে ৬০ হাজাৰ টকাকৈ উপাৰ্জন কৰিছে। ড্র'ন ব্যৱহাৰ কৰি ৰূপাই ৫০০ একৰতকৈ অধিক কৃষি ভূমিত সাৰ আৰু কীটনাশক দ্রব্য প্রয়োগ কৰিবলৈ সক্ষম হৈছে। ৫ মিনিটত এক একৰ কৃষিভূমিত সাৰ এই ড্র'নেৰে ছটিয়াবলৈ সক্ষম হৈছে ৰূপা কুমাৰীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ