--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মহিলাক অর্থনৈতিকভাৱে সবলীকৰণ কৰাৰ উপৰি এই কাৰ্যসূচীয়ে কৃষি খণ্ডত শেহতীয়া ড্র'ন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে এই আঁচনিৰ জৰিয়তে।

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ 'নমো ড্র'ন দিদি' আঁচনিয়ে গ্রামীণ মহিলাৰ বিত্তীয় আত্মনিৰ্ভৰশীলতাৰ দিশত এক পৰিৱৰ্তনকামী ভূমিকা লৈছে। আধুনিক প্রযুক্তিৰ সৈতে গ্রামীণ মহিলাক পৰিচিত কৰি 'ড্র'ন দিদি' আঁচনিয়ে এক ৰূপান্তৰকাৰী পদক্ষেপ লৈছে।


মহিলাক অর্থনৈতিকভাৱে সবলীকৰণ কৰাৰ উপৰি এই কাৰ্যসূচীয়ে কৃষি খণ্ডত শেহতীয়া ড্র'ন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে এই আঁচনিৰ জৰিয়তে। গাঁৱৰ মহিলাক ড্র'ন পাইলট হিচাপে প্রশিক্ষণ দিয়া হৈছে আৰু ড্ৰ'নেৰে কৃষিভূমিত সাৰ আৰু কীটনাশক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। 


এই আঁচনিৰ অধীনত মহিলাক ড্র'ন যোগান ধৰা হয় আৰু ড্ৰ'ন চলাবলৈ প্রশিক্ষণ দিয়া হয়। এই ড্ৰ'নৰ জৰিয়তে কৃষিভূমিত সাৰ আৰু কীটনাশক সামগ্রী ছটিয়াই গ্রামীণ মহিলাসকল অর্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। বিহাৰৰ গয়া জিলাৰ খিজাসৰাই ব্লকৰ হেমাৰা গাঁৱৰ মহিলা ৰূপা কুমাৰীয়ে এগৰাকী সাধাৰণ গৃহিণীৰ পৰা বৰ্তমান সময়ত এগৰাকী সফল উদ্যোগী আৰু প্রশিক্ষিত ড্র'ন পাইলট হিচাপে পৰিগণিত হৈছে। 


বিহাৰৰ জিলাখনৰ প্ৰথমগৰাকী 'ড্র'ন দিদি' ৰূপাই এই 'নমো ড্র'ন দিদি' আঁচনিৰ অধীনত ড্র'ন লাভ কৰি প্ৰতি মাহে ৬০ হাজাৰ টকাকৈ উপাৰ্জন কৰিছে। ড্র'ন ব্যৱহাৰ কৰি ৰূপাই ৫০০ একৰতকৈ অধিক কৃষি ভূমিত সাৰ আৰু কীটনাশক দ্রব্য প্রয়োগ কৰিবলৈ সক্ষম হৈছে। ৫ মিনিটত এক একৰ কৃষিভূমিত সাৰ এই ড্র'নেৰে ছটিয়াবলৈ সক্ষম হৈছে ৰূপা কুমাৰীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু