--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা সপ্তাহত স্পেনিছ লীগত আলভাদৰ বিৰুদ্ধে মেচখনত ৰিয়েল মাদ্রিদৰ মিলিতাৱে আঘাত পায়।

ডিজিটেল ডেস্ক : বিশ্ব কাপ ফুটবলৰ আগেয়ে প্রতিখন দেশেই আঘাতৰ সমস্যাত ভুগিবলগীয়া হৈছে। প্রত্যেকেই নিজা নিজা সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছে।


পিছে চাপ হ্রাস পোৱা নাই। সেই অনুসৰি ব্রাজিলৰ ডিফেণ্ডাৰ এডাৰ মিলিতাৱে প্রতিযোগিতাখন খেলিব নোৱাৰিব। অনিশ্চয়তাৰ সৃষ্টি হৈছে জিনেডাইন জিদানৰ পুত্ৰ লুকাক লৈও। ইয়াৰ বিপৰীতে জার্মানিয়ে দল ঘোষণাই পিছুৱাই দিবলগীয়া হৈছে। 


যোৱা সপ্তাহত স্পেনিছ লীগত আলভাদৰ বিৰুদ্ধে মেচখনত ৰিয়েল মাদ্রিদৰ মিলিতাৱে আঘাত পায়। বাওঁভৰিৰ হেমট্ৰিঙৰ আঘাতৰ অস্ত্রোপচাৰ কৰিবলগীয়া হোৱাৰ বাবে মিলিতাৱে বিশ্ব কাপৰ পূৰ্বে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ আশা ক্ষীণ। তেওঁ যে খেলিব নোৱাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত। ইফালে, জিদানৰ পুত্ৰ লুকাই স্পেইনৰ দ্বিতীয় ডিভিজনৰ গ্রেনাডাৰ হৈ খেলি আছে। গ'লৰক্ষক লুকাই দেওবাৰে আলমেৰিস্কাৰ বিৰুদ্ধে খেলখনত আঘাত পায়। জানিব পৰা মতে, তেওঁ যদি অস্ত্রোপ্ৰচাৰ কৰে তেন্তে বিশ্ব কাপত খেলাৰ সম্ভাৱনা নিঃশেষ হ'ব। 


আনহাতে, জার্মানিৰ প্রশিক্ষক জুলিয়ান নাগেলছমেনে ১২ মে'ত নিজৰ দল ঘোষণা কৰাৰ কথা আছিল। পিছে দল ঘোষণা এতিয়া ২১ মে'লৈ পিছুৱাই দিয়া হৈছে। লগতে সমগ্র দলটো গোট খোৱাৰ সময়ো ২৭ মে'লৈ পিছুৱাই দিবলগীয়া হৈছে। জার্মান কাপৰ ফাইনেল ২৩ মে'ত হ'ব। য'ত মুখামুখি হ'ব বেয়ার্ন মিউনিক আৰু ষ্টুটগাৰ্ট। জার্মানিৰ প্রশিক্ষকগৰাকীয়ে বেয়াৰ্নৰ ফুটবলাৰসকলক অতিৰিক্ত জিৰণি দিব বিচাৰিছে। কিছুদিন পূর্বে ছাচা গনাব্রিক বাদ দিয়া হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ