--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজস্থানৰ ৰাজধানী জয়পুৰত অনুষ্ঠিত আইটাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত আজি অসম কন্যাই অনবদ্য প্ৰদৰ্শন কৰি ১২ অনূধ্বৰ্ ছোৱালীৰ একক শাখাৰ খিতাপ অৰ্জন কৰে৷

ডিজিটেল ডেস্কঃ অসমৰ প্ৰতিভাবান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ 


ৰাজস্থানৰ ৰাজধানী জয়পুৰত অনুষ্ঠিত আইটাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত আজি অসম কন্যাই অনবদ্য প্ৰদৰ্শন কৰি ১২ অনূধ্বৰ্ ছোৱালীৰ একক শাখাৰ খিতাপ অৰ্জন কৰে৷ জয়পুৰ ড্ৰিম হাউছ ৰিছ’ৰ্টত আজি সামৰণি পৰা ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজ প্ৰতিযোগিতাখনত ফাগুনে ফাইনেলত ৬-৪, ৬-২ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে উত্তৰ প্ৰদেশৰ শুভি ৰঞ্জনক৷ 



উল্লেখ্য যে চমকপ্ৰদ প্ৰদৰ্শনৰে ধাৰাবাহিক সফলতা অৰ্জন কৰি অহা ফাগুনৰ আজি ছুপাৰ ছিৰিজ খিতাপ জয়ে ৰাষ্ট্ৰীয় স্তৰত অসমৰ টেনিছ খেলুৱৈৰ গৌৰৱময় অনিৰুদ্ধ যাত্ৰাক অধিক শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ নৱাগত খেলুৱৈসকলৰ সুদৃঢ় স্থিতিক নতুনকৈ উজ্বলাই তুলিব৷ গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী ফাগুন মহানগৰীৰ হোলী চাইল্ড স্কুলৰ ছাত্ৰী৷ ফাগুণৰ এই সফলতাৰ বাবে অসম টেনিছ সন্থাই খেলুৱৈগৰাকীক অভিনন্দন জনাইছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ