--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শক্তি অর্থনীতিবিদ আনছ আলহাজীয়ে কয় যে মধ্যপ্রাচ্যৰ যুদ্ধৰ অচিৰেই অন্ত নপৰিলে বিশ্বৰ অৰ্থনীতিৰ পতন ঘটা নিশ্চিত।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধ আৰু হৰমুজ প্রণালীত চলি থকা সংকট অধিক দীঘলীয়া হ'লে বিশ্বৰ অৰ্থনীতিত গুৰুতৰ সংকটৰ সৃষ্টি হ'ব। শক্তি খণ্ডৰ বিশেষজ্ঞসকলে কয় যে খাৰুৱা তেল আৰু গেছৰ সংকটে বিশ্বৰ অৰ্থনীতিক পতনৰ মুখলৈ লৈ যাব। 


শক্তি অর্থনীতিবিদ আনছ আলহাজীয়ে কয় যে মধ্যপ্রাচ্যৰ যুদ্ধৰ অচিৰেই অন্ত নপৰিলে বিশ্বৰ অৰ্থনীতিৰ পতন ঘটা নিশ্চিত। আলহাজীয়ে এইবুলি সকীয়াই দিয়ে যে যুদ্ধ দীঘলীয়া হ'লে বিশ্বৰ অৰ্থনীতিত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব। তেওঁ যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হোৱাৰ ফলত বিশ্বৰ শক্তিৰ বজাৰত সৃষ্টি হোৱা গভীৰ সংকটৰ কথা উল্লেখ কৰি কয়, 'যদি মধ্যপ্রাচ্যৰ যুদ্ধৰ শীঘ্ৰে অন্তনপৰে তেতিয়া মে' মাহৰ আৰম্ভণিতে বিশ্বৰ অৰ্থনীতিৰ পতন ঘটিব।' 


উল্লেখযোগ্য যে অৰ্থনীতিৰ পতন ঘটাৰ অৰ্থ হ'ল হঠাতে বিশ্বৰ অৰ্থনীতি গুৰুতৰ তথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা আৰু ইয়াৰ ফলত বিশ্বৰ উন্নয়নৰ হাৰ বৃহৎ হাৰত অৱনমিত হোৱা, শ্বেয়াৰ বজাৰত সূচকাংকৰ পতন অব্যাহত থকা, সা-সম্পত্তিৰ মূল্য বৃহৎ হাৰত হ্রাস পোৱা, ব্যৱসায়-বাণিজ্যত স্থবিৰতাৰ সৃষ্টি হ'ব। অর্থনীতিবিদজনে লগতে কয় যে বিশ্বৰ বাবে হৰমুজ প্রণালী অতি গুৰুত্বপূৰ্ণ আৰু এই সামুদ্রিক পথ বন্ধ হৈ পৰাটো সমগ্ৰ বিশ্বৰ বাবে গভীৰ উদ্বেগৰ বিষয়, কিয়নো এই পথেৰে প্ৰায় ২০% খাৰুৱা তেল পৰিবহণ কৰা হয়। সেয়েহে এই সামুদ্রিক পথ বন্ধ হৈ পৰাৰ প্ৰভাৱ বিশ্বৰ বাণিজ্যত অতি গভীৰ হ'ব। যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ পৰাৰ প্ৰভাৱ প্ৰথমে ইউৰোপত স্পষ্ট হৈ পৰিছে বুলি তেওঁ সতর্কবাণীটোত উল্লেখ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ