--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ নাটনিয়ে দেশবাসীৰ লগতে অসমবাসীকো অধিক উদ্বিগ্ন কৰি তুলিছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ নাটনিয়ে দেশবাসীৰ লগতে অসমবাসীকো অধিক উদ্বিগ্ন কৰি তুলিছে। 


সাম্প্ৰতিক সময়ত দৈনন্দিন জীৱনৰ অন্যতম প্রধান চালিকা শক্তি ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ এনে সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে নিশা ৰন্ধন গেছৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে প্রযোজ্য হোৱাকৈ গ্ৰহণ কৰা এক সিদ্ধান্তই অসমৰ দৰে আৰ্থিকভাৱে দুৰ্বল ৰাজ্য এখনৰ জনসাধাৰণৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 


কেন্দ্ৰীয় চৰকাৰৰ বুধবাৰৰ নতুন নির্দেশনা অনুসৰি, অসমৰ গাঁও আৰু নগৰ অঞ্চলৰ যিবোৰ স্থানত পাইপ গেছ যোগান ধৰা প্ৰাকৃতিক গেছ পৰিবাহী পাইপ লাইন আছে, তেনে অঞ্চলৰ বাসিন্দাসকলে বর্তমানে লৈ থকা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংযোগ তাৎক্ষণিকভাৱে এৰি দিব লাগিব। এই নির্দেশনা মর্মে নগৰ আৰু পঞ্চায়ত এলেকাৰ যিবোৰ জনবসতি অঞ্চললৈ পাইপ যোগে যোগান ধৰা ৰন্ধন গেছ পৰিবাহী পাইপলাইন গৈছে, তেনেবোৰ এলেকাৰ জনসাধাৰণে আগন্তুক তিনি মাহৰ ভিতৰত এল পি জি চিলিণ্ডাৰ সংশ্লিষ্ট গেছ এজেন্সিত জমা দি পাইপ যোগে যোগান ধৰা ৰন্ধন গেছৰ সংযোগ বাধ্যতামূলকভাৱে ল'ব লাগিব।


এনেদৰে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংযোগ ত্যাগ কৰি নতুনকৈ পাইপযোগে ৰন্ধন গেছৰ বাবে সংযোগ ল'বলৈ হ'লে পাইপ গেছৰ আমানত ধন হিচাপে একোটা পৰিয়ালে ৯হাজাৰ টকা আমানত ৰূপে জমা দিব লাগিব। তদুপৰি ৯ হাজাৰ টকা আমানতৰ উপৰি ৫০০ টকা পঞ্জীয়ন মাচুলসহ মুঠ ৯৫০০ টকা একোটা পৰিয়ালে পাইপ গেছৰ বাবে আৰম্ভণিতেই পাইপ গেছ যোগান ধৰা কৰ্তৃপক্ষক জমা দিব লাগিব। ইয়াৰ উপৰি যিটো পথৰ পৰা সংশ্লিষ্ট পৰিয়ালটোৰ ৰান্ধনি ঘৰৰ কিমান দূৰত্ব হ'ব, সেই দূৰত্ব অনুসৰি আনুষংগিক পাইপ, প্রয়োজনীয় সামগ্ৰী আদিৰ বাবে অতিৰিক্ত ধন সুকীয়াকৈ আদায় দিব লাগিব। এনেদৰেই এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ সংশ্লিষ্ট গেছ এজেন্সিত জমা দি নতুনকৈ পাইপ গেছৰ সংযোগ লোৱাটো কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক কৰাক কেন্দ্ৰ কৰি ৰাজ্যবাসীৰ মাজতো ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু