--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ নাটনিয়ে দেশবাসীৰ লগতে অসমবাসীকো অধিক উদ্বিগ্ন কৰি তুলিছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ নাটনিয়ে দেশবাসীৰ লগতে অসমবাসীকো অধিক উদ্বিগ্ন কৰি তুলিছে। 


সাম্প্ৰতিক সময়ত দৈনন্দিন জীৱনৰ অন্যতম প্রধান চালিকা শক্তি ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ এনে সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে নিশা ৰন্ধন গেছৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে প্রযোজ্য হোৱাকৈ গ্ৰহণ কৰা এক সিদ্ধান্তই অসমৰ দৰে আৰ্থিকভাৱে দুৰ্বল ৰাজ্য এখনৰ জনসাধাৰণৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 


কেন্দ্ৰীয় চৰকাৰৰ বুধবাৰৰ নতুন নির্দেশনা অনুসৰি, অসমৰ গাঁও আৰু নগৰ অঞ্চলৰ যিবোৰ স্থানত পাইপ গেছ যোগান ধৰা প্ৰাকৃতিক গেছ পৰিবাহী পাইপ লাইন আছে, তেনে অঞ্চলৰ বাসিন্দাসকলে বর্তমানে লৈ থকা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংযোগ তাৎক্ষণিকভাৱে এৰি দিব লাগিব। এই নির্দেশনা মর্মে নগৰ আৰু পঞ্চায়ত এলেকাৰ যিবোৰ জনবসতি অঞ্চললৈ পাইপ যোগে যোগান ধৰা ৰন্ধন গেছ পৰিবাহী পাইপলাইন গৈছে, তেনেবোৰ এলেকাৰ জনসাধাৰণে আগন্তুক তিনি মাহৰ ভিতৰত এল পি জি চিলিণ্ডাৰ সংশ্লিষ্ট গেছ এজেন্সিত জমা দি পাইপ যোগে যোগান ধৰা ৰন্ধন গেছৰ সংযোগ বাধ্যতামূলকভাৱে ল'ব লাগিব।


এনেদৰে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংযোগ ত্যাগ কৰি নতুনকৈ পাইপযোগে ৰন্ধন গেছৰ বাবে সংযোগ ল'বলৈ হ'লে পাইপ গেছৰ আমানত ধন হিচাপে একোটা পৰিয়ালে ৯হাজাৰ টকা আমানত ৰূপে জমা দিব লাগিব। তদুপৰি ৯ হাজাৰ টকা আমানতৰ উপৰি ৫০০ টকা পঞ্জীয়ন মাচুলসহ মুঠ ৯৫০০ টকা একোটা পৰিয়ালে পাইপ গেছৰ বাবে আৰম্ভণিতেই পাইপ গেছ যোগান ধৰা কৰ্তৃপক্ষক জমা দিব লাগিব। ইয়াৰ উপৰি যিটো পথৰ পৰা সংশ্লিষ্ট পৰিয়ালটোৰ ৰান্ধনি ঘৰৰ কিমান দূৰত্ব হ'ব, সেই দূৰত্ব অনুসৰি আনুষংগিক পাইপ, প্রয়োজনীয় সামগ্ৰী আদিৰ বাবে অতিৰিক্ত ধন সুকীয়াকৈ আদায় দিব লাগিব। এনেদৰেই এতিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ সংশ্লিষ্ট গেছ এজেন্সিত জমা দি নতুনকৈ পাইপ গেছৰ সংযোগ লোৱাটো কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক কৰাক কেন্দ্ৰ কৰি ৰাজ্যবাসীৰ মাজতো ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ