--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইংলেণ্ডে নিজৰ বেটিং গভীৰতা দেখুৱাই নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া খেলখনত নিশ্চিত পৰাজয়ৰ পৰা ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছিল। ছুপাৰ এইটত লগতে শ্রীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডে সহজ জয়লাভ কৰিছিল।

ডিজিটেল ডেস্ক : বিশ্ব ক্ৰিকেটৰ দুই শক্তিধৰ ভাৰত আৰু ইংলেণ্ড আজি টি-২০ বিশ্ব কাপৰ ছেমি ফাইনেলত পৰস্পৰ মুখামুখি হ'ব। প্রথমটো দল হিচাপে টি-২০ বিশ্ব কাপৰ খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে নামিব ভাৰতে। 


আনহাতে, ৪ বছৰ আগেয়ে শেষবাৰলৈ খিতাপ জিকা ইংলেণ্ডে পুনৰ ট্ৰফী তুলি ধৰাৰ প্ৰয়াস কৰিব। জিম্বাবুৱেৰ বিৰুদ্ধে আত্মবিশ্বাসী জয় আৰু ৱেষ্ট ইণ্ডিজৰ কঠিন প্রত্যাহ্বান ওফৰাই ভাৰতে প্রতিযোগিতাখনৰ ছেমি ফাইনেলত প্রৱেশ কৰিছিল। তাৰ আগেয়ে দক্ষিণ আফ্রিকাৰ হাতত সহজ আত্মসমর্পণ কৰা ভাৰতে দৃঢ় প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হয়। 


ইফালে, ইংলেণ্ডে নিজৰ বেটিং গভীৰতা দেখুৱাই নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া খেলখনত নিশ্চিত পৰাজয়ৰ পৰা ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছিল। ছুপাৰ এইটত লগতে শ্রীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডে সহজ জয়লাভ কৰিছিল। অৱশ্যে গ্রুপ পৰ্যায়ত ইংলেণ্ডে সংগ্রাম কৰিবলগীয়া হৈছিল। ৱেষ্ট ইণ্ডিজৰ হাতত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱা ইংলেণ্ডে নেপালাৰ বিৰুদ্ধে অন্তিম বলত অঘটনৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল। ইয়াৰ উপৰি স্কটলেণ্ড আৰু ইটালিৰ বিৰুদ্ধে কষ্টকৰ জয়ৰ মুখ দেখিছিল ইংলিছ বাহিনীয়ে। ঘৰুৱা পৰিৱেশত খেলিলেও বেটিং বিভাগক লৈ চিন্তিত ভাৰতীয় দলীয় মেনেজমেন্ট। অ'পেনিঙত অভিষেক শৰ্মাৰ ব্যৰ্থতা দলৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে একেৰাহে তিনিবাৰ শূন্যত আউট হোৱা অভিষেকে জিম্বাবুৱেৰ বিৰুদ্ধে এই পর্যন্ত সর্বাধিক ৫৫ ৰানৰ ইনিংছ খেলিছে। নিজৰ আন ৫টা ইনিংছত তেওঁ সংগ্ৰহ কৰিছে ২৫ ৰান। অভিষেক আজিৰ মেচখনত বাদ পৰিলে আলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক দললৈ আমন্ত্রণ জনোৱা হ'ব পাৰে। ইয়াৰ বিপৰীতে সঞ্জু ছেমছনৰ অ'পেনিঙৰ সংগী হ'ব পাৰে ঈশান কিষাণ। 


আনহাতে, তিলক বাৰ্মা নিজৰ পছন্দৰ তিনি নম্বৰত বেট ধৰিব। অৱশ্যে ফর্মত নাই ঈশানৰ লগতে অধিনায়ক সূর্যকুমাৰ যাদৱো। ইয়াৰ উপৰি ছেমছনৰ ৫০টা বলত মেচ জয়ী ৯৭ ৰানৰ ইনিংছৰ জৰিয়তে ৱেষ্ট ইণ্ডিজক জীৱন-মৰণৰ যুঁজখনত হৰুৱাই ভাৰতে ছেমি ফাইনেলৰ পাৰপত্ৰ লাভ কৰিছিল। আনহাতে, ইংলেণ্ডৰ বিৰুদ্ধে স্পীন বিভাগ ভাৰতৰ মূল অস্ত্ৰ হ'ব পাৰে। পিছে আগশাৰীৰ স্পীনাৰ বৰুণ চক্ৰৱৰ্তীৰ শেহতীয়া প্রদর্শনক লৈ চিন্তিত হৈ আছে ভাৰতীয় শিবিৰ। ছুপাৰ এইটত কঠিন প্রতিপক্ষৰ বিৰুদ্ধে সংগ্রাম কৰিবলগীয়া হোৱা বৰুণে তিনিখন মেচত তিনিটা উইকেটহে দখল কৰিছিল। বৰুণৰ স্থানত সেয়ে মূল একাদশত সুযোগ পাব পাৰে কুলদীপ যাদৱে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু