--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইংলেণ্ডে নিজৰ বেটিং গভীৰতা দেখুৱাই নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া খেলখনত নিশ্চিত পৰাজয়ৰ পৰা ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছিল। ছুপাৰ এইটত লগতে শ্রীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডে সহজ জয়লাভ কৰিছিল।

ডিজিটেল ডেস্ক : বিশ্ব ক্ৰিকেটৰ দুই শক্তিধৰ ভাৰত আৰু ইংলেণ্ড আজি টি-২০ বিশ্ব কাপৰ ছেমি ফাইনেলত পৰস্পৰ মুখামুখি হ'ব। প্রথমটো দল হিচাপে টি-২০ বিশ্ব কাপৰ খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে নামিব ভাৰতে। 


আনহাতে, ৪ বছৰ আগেয়ে শেষবাৰলৈ খিতাপ জিকা ইংলেণ্ডে পুনৰ ট্ৰফী তুলি ধৰাৰ প্ৰয়াস কৰিব। জিম্বাবুৱেৰ বিৰুদ্ধে আত্মবিশ্বাসী জয় আৰু ৱেষ্ট ইণ্ডিজৰ কঠিন প্রত্যাহ্বান ওফৰাই ভাৰতে প্রতিযোগিতাখনৰ ছেমি ফাইনেলত প্রৱেশ কৰিছিল। তাৰ আগেয়ে দক্ষিণ আফ্রিকাৰ হাতত সহজ আত্মসমর্পণ কৰা ভাৰতে দৃঢ় প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হয়। 


ইফালে, ইংলেণ্ডে নিজৰ বেটিং গভীৰতা দেখুৱাই নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া খেলখনত নিশ্চিত পৰাজয়ৰ পৰা ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছিল। ছুপাৰ এইটত লগতে শ্রীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডে সহজ জয়লাভ কৰিছিল। অৱশ্যে গ্রুপ পৰ্যায়ত ইংলেণ্ডে সংগ্রাম কৰিবলগীয়া হৈছিল। ৱেষ্ট ইণ্ডিজৰ হাতত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱা ইংলেণ্ডে নেপালাৰ বিৰুদ্ধে অন্তিম বলত অঘটনৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল। ইয়াৰ উপৰি স্কটলেণ্ড আৰু ইটালিৰ বিৰুদ্ধে কষ্টকৰ জয়ৰ মুখ দেখিছিল ইংলিছ বাহিনীয়ে। ঘৰুৱা পৰিৱেশত খেলিলেও বেটিং বিভাগক লৈ চিন্তিত ভাৰতীয় দলীয় মেনেজমেন্ট। অ'পেনিঙত অভিষেক শৰ্মাৰ ব্যৰ্থতা দলৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে একেৰাহে তিনিবাৰ শূন্যত আউট হোৱা অভিষেকে জিম্বাবুৱেৰ বিৰুদ্ধে এই পর্যন্ত সর্বাধিক ৫৫ ৰানৰ ইনিংছ খেলিছে। নিজৰ আন ৫টা ইনিংছত তেওঁ সংগ্ৰহ কৰিছে ২৫ ৰান। অভিষেক আজিৰ মেচখনত বাদ পৰিলে আলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক দললৈ আমন্ত্রণ জনোৱা হ'ব পাৰে। ইয়াৰ বিপৰীতে সঞ্জু ছেমছনৰ অ'পেনিঙৰ সংগী হ'ব পাৰে ঈশান কিষাণ। 


আনহাতে, তিলক বাৰ্মা নিজৰ পছন্দৰ তিনি নম্বৰত বেট ধৰিব। অৱশ্যে ফর্মত নাই ঈশানৰ লগতে অধিনায়ক সূর্যকুমাৰ যাদৱো। ইয়াৰ উপৰি ছেমছনৰ ৫০টা বলত মেচ জয়ী ৯৭ ৰানৰ ইনিংছৰ জৰিয়তে ৱেষ্ট ইণ্ডিজক জীৱন-মৰণৰ যুঁজখনত হৰুৱাই ভাৰতে ছেমি ফাইনেলৰ পাৰপত্ৰ লাভ কৰিছিল। আনহাতে, ইংলেণ্ডৰ বিৰুদ্ধে স্পীন বিভাগ ভাৰতৰ মূল অস্ত্ৰ হ'ব পাৰে। পিছে আগশাৰীৰ স্পীনাৰ বৰুণ চক্ৰৱৰ্তীৰ শেহতীয়া প্রদর্শনক লৈ চিন্তিত হৈ আছে ভাৰতীয় শিবিৰ। ছুপাৰ এইটত কঠিন প্রতিপক্ষৰ বিৰুদ্ধে সংগ্রাম কৰিবলগীয়া হোৱা বৰুণে তিনিখন মেচত তিনিটা উইকেটহে দখল কৰিছিল। বৰুণৰ স্থানত সেয়ে মূল একাদশত সুযোগ পাব পাৰে কুলদীপ যাদৱে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ