--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত কয় যে কেৱল ভাৰততে চলিত বিশ্ব কাপ ইতিমধ্যেই ৫০ কোটি দর্শকে উপভোগ কৰিছে।

ডিজিটেল ডেস্ক: বাংলাদেশে টি-২০ বিশ্ব কাপ বৰ্জন কৰাৰ পাছত অধিকাংশ ক্রিকেট প্রেমীয়ে প্রতিযোগিতাখনত দর্শকৰ উপস্থিতিক লৈ চিন্তিত হৈছিল। একাংশই আশংকা কৰিছিল যে বাংলাদেশ অবিহনে বিশ্ব কাপত দৰ্শকৰ সংখ্যা হ্রাস পাব। পৃষ্ঠপোষক লোকচানৰ সন্মুখীন হ'ব। আই চি চিৰ বৃহৎ ক্ষতি হ'ব। পিছে এইবাৰৰ বিশ্ব কাপত দৰ্শকৰ সংখ্যাই অভিলেখ গঢ়িলে।


আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত কয় যে কেৱল ভাৰততে চলিত বিশ্ব কাপ ইতিমধ্যেই ৫০ কোটি দর্শকে উপভোগ কৰিছে। বিশ্বজুৰি দৰ্শকৰ সংখ্যাই ৬০ কোটি অতিক্রম কৰিলে। এতিয়া এখন ছেমি ফাইনেল আৰু ফাইনেল বাকী আছে। 


অধ্যক্ষ শ্বাহে কয় যে এইবাৰ এই প্রতিযোগিতাখনে নতুন উচ্চতাত আৰোহণ কৰিলে। দৰাচলতে ২০খন দেশে এইবাৰৰ বিশ্ব কাপত অংশ লৈছিল। ফলত বিশ্ব কাপৰ পৰিসৰ পূৰ্বতকৈ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত মেচৰ সংখ্যাও বেছি। আন এটা কথা হ'ল চলিত প্রতিযোগিতাখনত একপক্ষীয় খেলৰ সংখ্যা বহু কম হৈছে। ফলত প্রতিযোগিতাখনে দর্শকক আকর্ষিত কৰিবলৈ সক্ষম হৈছে। তদুপৰি, এই প্রতিযোগিতাখনৰ পূর্বে উদ্ভৱ হোৱা বিভিন্ন বিতর্কয়ো হয়তো দর্শকক আকৰ্ষণ কৰাৰ কাৰণ হ'ব পাৰে। 


আন এটা কথা মন কৰিব লগীয়া যে বাংলাদেশে বিশ্ব কাপ বর্জন কৰিলেও সেই দেশখনত বিশ্ব কাপৰ মেচ দেখুওৱা হৈছে। দৰ্শকৰ অভিলেখ উপস্থিতিৰ অৰ্থ হ'ল বাংলাদেশে নেখেলিলে যি আর্থিক লোকচানৰ কথা ভবা হৈছিল সেয়া ভুগিব লগীয়া হোৱা নাই। বৰঞ্চ সমগ্র বিতৰ্কৰ বাবে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বাংলাদেশ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু