--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত কয় যে কেৱল ভাৰততে চলিত বিশ্ব কাপ ইতিমধ্যেই ৫০ কোটি দর্শকে উপভোগ কৰিছে।

ডিজিটেল ডেস্ক: বাংলাদেশে টি-২০ বিশ্ব কাপ বৰ্জন কৰাৰ পাছত অধিকাংশ ক্রিকেট প্রেমীয়ে প্রতিযোগিতাখনত দর্শকৰ উপস্থিতিক লৈ চিন্তিত হৈছিল। একাংশই আশংকা কৰিছিল যে বাংলাদেশ অবিহনে বিশ্ব কাপত দৰ্শকৰ সংখ্যা হ্রাস পাব। পৃষ্ঠপোষক লোকচানৰ সন্মুখীন হ'ব। আই চি চিৰ বৃহৎ ক্ষতি হ'ব। পিছে এইবাৰৰ বিশ্ব কাপত দৰ্শকৰ সংখ্যাই অভিলেখ গঢ়িলে।


আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত কয় যে কেৱল ভাৰততে চলিত বিশ্ব কাপ ইতিমধ্যেই ৫০ কোটি দর্শকে উপভোগ কৰিছে। বিশ্বজুৰি দৰ্শকৰ সংখ্যাই ৬০ কোটি অতিক্রম কৰিলে। এতিয়া এখন ছেমি ফাইনেল আৰু ফাইনেল বাকী আছে। 


অধ্যক্ষ শ্বাহে কয় যে এইবাৰ এই প্রতিযোগিতাখনে নতুন উচ্চতাত আৰোহণ কৰিলে। দৰাচলতে ২০খন দেশে এইবাৰৰ বিশ্ব কাপত অংশ লৈছিল। ফলত বিশ্ব কাপৰ পৰিসৰ পূৰ্বতকৈ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত মেচৰ সংখ্যাও বেছি। আন এটা কথা হ'ল চলিত প্রতিযোগিতাখনত একপক্ষীয় খেলৰ সংখ্যা বহু কম হৈছে। ফলত প্রতিযোগিতাখনে দর্শকক আকর্ষিত কৰিবলৈ সক্ষম হৈছে। তদুপৰি, এই প্রতিযোগিতাখনৰ পূর্বে উদ্ভৱ হোৱা বিভিন্ন বিতর্কয়ো হয়তো দর্শকক আকৰ্ষণ কৰাৰ কাৰণ হ'ব পাৰে। 


আন এটা কথা মন কৰিব লগীয়া যে বাংলাদেশে বিশ্ব কাপ বর্জন কৰিলেও সেই দেশখনত বিশ্ব কাপৰ মেচ দেখুওৱা হৈছে। দৰ্শকৰ অভিলেখ উপস্থিতিৰ অৰ্থ হ'ল বাংলাদেশে নেখেলিলে যি আর্থিক লোকচানৰ কথা ভবা হৈছিল সেয়া ভুগিব লগীয়া হোৱা নাই। বৰঞ্চ সমগ্র বিতৰ্কৰ বাবে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বাংলাদেশ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ