--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তেওঁলোকৰ স্থান পূৰাইছে অভিষেক শৰ্মা আৰু তিলক বার্মাই। ভাৰতৰ যুৱ ক্রিকেটাৰসকলেও টি-২০ ক্রিকেটত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে।

ডিজিটেল ডেস্ক : এই পর্যন্ত কোনো দেশেই একেৰাহে দুবাৰকৈ টি-২০ বিশ্ব কাপৰ চেম্পিয়ন হ'ব পৰা নাই। ভাৰতে সেই ৰেকৰ্ড স্থাপনৰ সুযোগ লাভ কৰিছে। অৱশ্যে, এইবাৰৰ টি-২০ বিশ্ব কাপত ভাৰতীয় দলত নাই ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। 


তেওঁলোকৰ স্থান পূৰাইছে অভিষেক শৰ্মা আৰু তিলক বার্মাই। ভাৰতৰ যুৱ ক্রিকেটাৰসকলেও টি-২০ ক্রিকেটত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে। ভাৰতীয় দল যেনেকৈ সলনি হৈছে এইবাৰৰ বিশ্ব কাপো সলনি হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে এই প্রতিযোগিতাখনৰ পৰা বহিষ্কাৰ কৰিছে বাংলাদেশক। তেওঁলোকৰ স্থানত স্কটলেণ্ডক সুযোগ দিয়া হৈছে। বাংলাদেশৰ কাষত থিয় দি পাকিস্তানে পুনৰবাৰ ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ ঘোষণা কৰি জয় শ্বাহক প্রত্যাহ্বানৰ সন্মুখত ৰাখিছে। 


বিশ্ব কাপ আৰম্ভ হোৱাৰ আগেয়েই আকর্ষণীয় হৈ পৰিছে। বিতৰ্কৰ মাজতে অব্যাহত আছে প্রস্তুতি। ভাৰতৰ ৫খন আৰু শ্রীলংকাৰ ৩খন ষ্টেডিয়ামত মুঠ ৫৫খন খেল অনুষ্ঠিত হ'ব। এই তালিকাত কলকাতাৰ ইডেন গার্ডেনো আছে। ইডেনত প্ৰথম দিনাই প্রথমখন মেচ অনুষ্ঠিত হ'ব। খেলখনত মুখামুখি হ'ব ৱেষ্ট ইন্ডিজ আৰু স্কটলেণ্ড। একেদিনাই খেলপথাৰত নামিব পাকিস্তান-নেদাৰলেণ্ড আৰু ভাৰত-আমেৰিকা। এই ৪টা দলৰ সৈতে গ্রুপ 'এ'ত আছে নামিবিয়া। 


'বি' গ্ৰুপত আছে অস্ট্রেলিয়া, শ্রীলংকা, আয়াৰলেণ্ড, জিম্বাবুৱে আৰু ওমান। গ্রুপ 'চি'ত স্থান পাইছে ইংলেণ্ড, রেষ্ট ইণ্ডিজ, নেপাল, ইটালি আৰু স্কটলেণ্ডে। 'ডি' গ্ৰুপত দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, আফগানিস্তান, কানাডা আৰু ইউ এ ই আছে। এইবাৰৰ বিশ্ব কাপত আকর্ষণীয় কেন্দ্র ইটালি। ফুটবলত ৪ বাৰৰ বিশ্বজয়ী ইটালিয়ে প্ৰথমবাৰ খেলিব ক্রিকেট বিশ্ব কাপত। নিউজিলেণ্ডৰ উপৰি ভাৰতৰ সৈতে বিশ্ব কাপ জয়ৰ দৌৰত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা। 


টফী পুনৰ দখল কৰাৰ ক্ষেত্ৰত এই ৪ দলেই হ'ব ভাৰতৰ মূল প্রতিপক্ষ। ইয়াৰ মাজতে বাংলাদেশক বহিষ্কাৰ আৰু পাকিস্তানে ভাৰতৰ মেচ বৰ্জন কৰাৰ লগে লগে বিশ্ব কাপৰ আকৰ্ষণ অলপ হ'লেও হ্রাস পাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ