--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই নিষেধাজ্ঞাসমূহ মূলধনী সঁজুলি, খনিজ আৰু কাৰিকৰী কৰ্মীৰ ওপৰত, যাৰ ফলত খৰচ অধিক হৈছে

ডিজিটেল ডেস্কঃ ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েশ্যন (ICEA)য়ে চৰকাৰলৈ লিখা এখন পত্ৰযোগে কয় যে চীনে আনুষ্ঠানিক অধিসূচনা অবিহনে ইচ্ছাকৃতভাৱে বাধা আৰোপ কৰিছে।


এই নিষেধাজ্ঞাসমূহ মূলধনী সঁজুলি, খনিজ আৰু কাৰিকৰী কৰ্মীৰ ওপৰত, যাৰ ফলত খৰচ অধিক হৈছে। যদি এনে হৈ থাকে তেন্তে ভাৰতে প্ৰায় ৩২ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। কিয়নো এই বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ লক্ষ্য হৈছে ৩২ বিলিয়ন ডলাৰৰ স্মাৰ্টফোন ৰপ্তানি।



আইচিইএই কয় যে চীনৰ উদ্দেশ্য হৈছে ভাৰতৰ যোগানৰ ধাৰাক প্ৰভাৱিত কৰা লগতে বিশ্বব্যাপী উৎপাদন কেন্দ্ৰত লাভ কৰা অগ্ৰগতিত বন্ধ কৰা। চীনৰ এই নিষেধাজ্ঞাৰ বাবে এতিয়া নিৰ্মাতাসকলৰ খৰচ বৃদ্ধি পাইছে। ইয়াৰোপৰি ডেলিভাৰীত সমস্যা হৈছে।গতিকে এনে ক্ষেত্ৰত ভাৰত চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ICEAয়ে। জানিব পৰা মতে, বৰ্তমান এপল, গুগল, মটৰ’লা, ফক্সকন, ভিভ’, অ’প’, লাভা, ডিক্সন, ফ্লেক্স আৰু টাটা ইলেক্ট্ৰনিকছৰ দৰে কোম্পানীসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।


ভাৰতৰ অনুমান অনুসৰি, ২০২৬ বিত্তীয় বৰ্ষৰ অন্তত ৩২ বিলিয়ন ডলাৰৰ স্মাৰ্টফোন ৰপ্তানি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল। কিন্তু চীনৰ এই ব্যৱহাৰে সেই লক্ষ্য সফল হ'ব নোৱাৰিব বুলি বৰ্তমানে অনুমান কৰা হৈছে। আনহাতে, ২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ ইলেক্ট্ৰনিক ছেক্টৰে ৬৪ বিলিয়ন ডলাৰৰ সামগ্ৰী উৎপাদন কৰিছে।


কিয় ভাৰতত এনে নিষেধাজ্ঞা জাৰি কৰিছে চীনে? এই প্ৰশ্নৰ উত্তৰ হ'ল—ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰপ্তানি। ২০২০ চনৰ পৰা ভাৰতত স্মাৰ্টফোন নিৰ্মাণ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি ঘটিছে। ২০২৫ বিত্তীয় বৰ্ষত দেশখনৰ ইলেক্ট্ৰনিক ছেক্টৰে মুঠ ৬৪ বিলিয়ন ডলাৰৰ সামগ্ৰী উৎপাদন কৰিছে, যাৰ পৰা ২৪.১ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে। ২০১৫ বিত্তীয় বৰ্ষত ভাৰতে স্মাৰ্টফোন ৰপ্তানিত বিশ্বত ১৬৭তম স্থান দখল কৰিছিল, কিন্তু বৰ্তমান সময়ত ভাৰত এগৰাকী মুখ্য ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হৈছে। ২০২৬ বিত্তীয় বৰ্ষৰ ভিতৰত স্মাৰ্টফোন ৰপ্তানি ৩২ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।


এপলে নিজৰ উৎপাদন কাৰখানা চীনৰ পৰা ভাৰতলৈ স্থানান্তৰ কৰি, ভাৰতৰ পৰা বিশ্বজুৰি আইফোন ৰপ্তানি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এই বিষয়টোৱে ড্ৰেগনক আৰু অধিক অস্বস্তিত পেলাইছে। প্ৰায় ৫ বছৰ আগলৈকে এপলে নিজৰ সকলো আইফোন কেৱল চীনতহে নিৰ্মাণ কৰিছিল। কিন্তু ২০২০ চনত ভাৰতত আৰম্ভ হোৱা স্মাৰ্টফোন উৎপাদনৰ বাবে পিএলআই (PLI) আঁচনিৰ সুবিধা লৈ, এই আমেৰিকান কোম্পানীটোৱে ফক্সকন আৰু টাটা ইলেক্ট্ৰনিক্সৰ সহযোগত ভাৰতত দ্ৰুত গতিত উৎপাদন বৃদ্ধি কৰিছে। বৰ্তমান বিশ্বজুৰি হোৱা আইফোন নিৰ্মাণৰ প্ৰায় ২০ শতাংশ ভাৰতত হৈছে।


ভাৰতৰ বাবে ১৫৫ বিলিয়ন ডলাৰৰ লক্ষ্য সহজ নহ’ব


চীনৰ এই পদক্ষেপই ভাৰতৰ বাবে গুৰুতৰ সমস্যা সৃষ্টি কৰিছে। আইচিইএ (ICEA)-ৰ মতে, চীনৰ এই নতুন সিদ্ধান্তসমূহে ভাৰতৰ ইলেক্ট্ৰনিক্স উৎপাদনৰ বিকাশ ইঞ্জিনক বিপদৰ সন্মুখীন কৰি তুলিছে। যদি এই সমস্যাৰ দ্রুত সমাধান নহয়, তেন্তে ভাৰতৰ গ্ল’বেল ৰপ্তানি ক্ষেত্ৰত অংশীদাৰিত্ব যথেষ্ট হ্ৰাস পাব। এই পৰিস্থিতিয়ে ২০৩০ চনৰ ভিতৰত ভাৰতৰ ১৫৫ বিলিয়ন ডলাৰৰ উৎপাদনৰ লক্ষ্যত উপনীত হ’ব অধিক কঠিন কৰি তুলিব।


চীনৰ নিষেধাজ্ঞাৰ প্ৰভাৱ কি?


চীনৰ এই পদক্ষেপৰ ফলত ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগত পৰিচালনাত কঠিনতা দেখা দিছে। ইয়াৰ প্ৰভাৱ উৎপাদনৰ পৰিসৰত পৰিছে আৰু সৰ্বাধিক গুৰুত্বপূর্ণভাৱে উৎপাদন ব্যয় বৃদ্ধি পাইছে। এই উপকৰণসমূহৰ স্থানীয়ভাৱে বা জাপান আৰু কোৰিয়াৰ সহায়ত উৎপাদন কৰাৰ ব্যয় চীনৰ পৰা আমদানিৰ তুলনাত ৩-৪ গুণ অধিক। এনে পৰিস্থিতিত, ভাৰত এতিয়া কম ব্যয়ত ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদন কৰিব পৰা বিকল্প পথ বিচাৰি আছে।


চীনে ভাৰতৰ ওপৰত কি কি নিষেধাজ্ঞা আৰোপ কৰিছে?


আটাইতকৈ গুৰুত্বপূর্ণ বিষয় হ’ল ৰেয়াৰ অৰ্থ খনিজ পদাৰ্থৰ সন্দৰ্ভত। ইলেক্ট্ৰনিক্স সামগ্ৰীৰ নিৰ্মাণত মুখ্য ভূমিকা থকা এই খনিজৰ চালান ভাৰতলৈ বন্ধ কৰি দিছে চীনে। ইয়াৰ ফলত ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগত গুৰুতৰ প্ৰভাৱ পৰিছে।


ইয়াৰ উপৰিও, চীনে মূলধনী সঁজুলি আৰু অন্যান্য আৱশ্যকীয় খনিজ সামগ্ৰীৰ চালানো ৰোকাই দিছে। লগতে, ভাৰতত নিযুক্ত কিছুমান কৰ্মচাৰীক চীনে ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিছে, যাতে প্ৰযুক্তি স্থানান্তৰ (Technology Transfer) বন্ধ হৈ থাকে।

কেৱল এইটো নহয়, চীনে নিজৰ কিছুমান প্ৰতিষ্ঠানক ভাৰতত চলি থকা কার্যকলাপ বন্ধ কৰিবলৈও নিৰ্দেশ দিছে। এই সকলোবোৰ পদক্ষেপৰ ফলত ভাৰতৰ ইলেক্ট্ৰনিক্স উৎপাদন ক্ষেত্ৰত ভাবুকি আৰু অনিশ্চয়তা বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি