--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। বংশগত, খাদ্যত পুষ্টিৰ অভাৱ, বায়ু প্ৰদূষণ, উদ্বিগ্নতা আৰু চাপ, চুলিত ব্যৱহাৰ কৰা তেল, হেয়াৰ ডাই আদিত থকা ৰাসায়নিক পদাৰ্থ আদিৰ বাবে চুলি পকিবলৈ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : আজিকালি বহু লোকেই খুব কম বয়সতে চুলি পকা সমস্যাৰ সন্মুখীন হয় ৷ অকালতে চুলি পকাটো বৰ্তমান সময়ত যুৱতী-মহিলাৰ বাবে এক সমস্যাত পৰিণত হৈছে।


এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। বংশগত, খাদ্যত পুষ্টিৰ অভাৱ, বায়ু প্ৰদূষণ, উদ্বিগ্নতা আৰু চাপ, চুলিত ব্যৱহাৰ কৰা তেল, হেয়াৰ ডাই আদিত থকা ৰাসায়নিক পদাৰ্থ আদিৰ বাবে চুলি পকিবলৈ আৰম্ভ কৰে।


পকা চুলি ঘৰত সহজে ক'লা কৰাৰ উপায়হমূহ জানো আহক :


নাৰিকল তেল - যদি চুলিত নাৰিকল তেল সঠিকভাৱে প্ৰয়োগ কৰা হয় তেন্তে পকা চুলিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। প্ৰথমতে এটা বাটিত নাৰিকল তেল লৈ তাত নেমুৰ ৰস মিহলি কৰক ৷ এই মিশ্ৰণটো চুলিত প্ৰয়োগ কৰাৰ আগতে পাতলকৈ গৰম কৰি ইয়াক গুৰিৰ পৰা ভালকৈ চুলিখিনিত প্ৰয়োগ কৰক ৷ এনে কৰিলে পকা চুলিৰ পৰা হাত সাৰিব পাৰি।


জবা ফুল - জবা ফুল চুলিৰ বাবে অতি উপকাৰী ৷ ইয়াৰ বাবে কেইটামান জবা ফুল ৰাতিটো পানীত তিয়াই থৈ পিছদিনা পুৱা এই পানীৰে চুলি ধুলে সহজতে চুলি পকা কমিবলৈ ধৰিব৷


মেথি - মেথি গুটি গুৰি কৰি ৩-৪টা আমলখিৰ ৰস আৰু নাৰিকল তেল মিহলি কৰি পেষ্ট এটা বনাওক ৷ এই পেষ্টটো চুলিত ভালকৈ লগাই এঘণ্টা ৰখাৰ পিছত ধুই দিয়ক ৷ এনে কৰিলে পকা চুলিৰ সমস্যাৰ পৰা কিছু সকাহ পাব পাৰে। মেথিয়ে চুলি সৰা নিয়ন্ত্ৰণতো সহায় কৰে।


আমলখি: আমলখিয়ে অতি সহজে চুলি পকা সমস্যা দূৰ কৰে। এটা বাটিত ১ চামুচ আমলখিৰ গুড়ি, ২ চামুচ চাহপাত, ১ চামুচ কফি লৈ মিশ্ৰণটো ভালদৰে চুলিত লগাওক। এনে কৰিলে চুলি পকা সমস্যা দূৰ হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ