--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। বংশগত, খাদ্যত পুষ্টিৰ অভাৱ, বায়ু প্ৰদূষণ, উদ্বিগ্নতা আৰু চাপ, চুলিত ব্যৱহাৰ কৰা তেল, হেয়াৰ ডাই আদিত থকা ৰাসায়নিক পদাৰ্থ আদিৰ বাবে চুলি পকিবলৈ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : আজিকালি বহু লোকেই খুব কম বয়সতে চুলি পকা সমস্যাৰ সন্মুখীন হয় ৷ অকালতে চুলি পকাটো বৰ্তমান সময়ত যুৱতী-মহিলাৰ বাবে এক সমস্যাত পৰিণত হৈছে।


এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। বংশগত, খাদ্যত পুষ্টিৰ অভাৱ, বায়ু প্ৰদূষণ, উদ্বিগ্নতা আৰু চাপ, চুলিত ব্যৱহাৰ কৰা তেল, হেয়াৰ ডাই আদিত থকা ৰাসায়নিক পদাৰ্থ আদিৰ বাবে চুলি পকিবলৈ আৰম্ভ কৰে।


পকা চুলি ঘৰত সহজে ক'লা কৰাৰ উপায়হমূহ জানো আহক :


নাৰিকল তেল - যদি চুলিত নাৰিকল তেল সঠিকভাৱে প্ৰয়োগ কৰা হয় তেন্তে পকা চুলিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। প্ৰথমতে এটা বাটিত নাৰিকল তেল লৈ তাত নেমুৰ ৰস মিহলি কৰক ৷ এই মিশ্ৰণটো চুলিত প্ৰয়োগ কৰাৰ আগতে পাতলকৈ গৰম কৰি ইয়াক গুৰিৰ পৰা ভালকৈ চুলিখিনিত প্ৰয়োগ কৰক ৷ এনে কৰিলে পকা চুলিৰ পৰা হাত সাৰিব পাৰি।


জবা ফুল - জবা ফুল চুলিৰ বাবে অতি উপকাৰী ৷ ইয়াৰ বাবে কেইটামান জবা ফুল ৰাতিটো পানীত তিয়াই থৈ পিছদিনা পুৱা এই পানীৰে চুলি ধুলে সহজতে চুলি পকা কমিবলৈ ধৰিব৷


মেথি - মেথি গুটি গুৰি কৰি ৩-৪টা আমলখিৰ ৰস আৰু নাৰিকল তেল মিহলি কৰি পেষ্ট এটা বনাওক ৷ এই পেষ্টটো চুলিত ভালকৈ লগাই এঘণ্টা ৰখাৰ পিছত ধুই দিয়ক ৷ এনে কৰিলে পকা চুলিৰ সমস্যাৰ পৰা কিছু সকাহ পাব পাৰে। মেথিয়ে চুলি সৰা নিয়ন্ত্ৰণতো সহায় কৰে।


আমলখি: আমলখিয়ে অতি সহজে চুলি পকা সমস্যা দূৰ কৰে। এটা বাটিত ১ চামুচ আমলখিৰ গুড়ি, ২ চামুচ চাহপাত, ১ চামুচ কফি লৈ মিশ্ৰণটো ভালদৰে চুলিত লগাওক। এনে কৰিলে চুলি পকা সমস্যা দূৰ হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু