--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ কৃষি ক্ষেত্ৰত এই প্ৰক্ৰিয়াৰদ্বাৰা কৃষকসকলক উৎসাহিত কৰাই নহয়, নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে

ডিজিটেল ডেস্ক : মৰিগাঁও জিলা কৃষি বিভাগৰ তত্ত্বাৱধানত পৰীক্ষামূলকভাৱে সকলো ঋতুতে চজিনা গছে চজিনা ফল দিয়াৰ এক প্রক্রিয়া সফলভাৱে সমাপন কৰিছে। বিশেষকৈ অসমৰ কৃষি ক্ষেত্ৰত এই প্ৰক্ৰিয়াৰদ্বাৰা কৃষকসকলক উৎসাহিত কৰাই নহয়, নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।


মৰিগাঁও জিলা কৃষি বিভাগৰ উল্লেখযোগ্য অগ্রগতিৰ অংশ হিচাপে ODC-3 (Odisha Drumstick clone-3) জাতৰ সকলো ঋতুতে ফল দিয়া চজিনাৰ খেতি আৰম্ভ কৰিছিল। চজিনা অসমত ঋতুভিত্তিকভাৱে ডাঙৰ গছত উৎপন্ন হয় আৰু ইয়াৰ উৎপাদন একেবাৰে সীমিত। কিন্তু কেৰালাৰ ত্রিশূৰত সকলো ঋতুতে ফল দিয়া চজিনা খেতি প্রত্যক্ষ কৰি অনুপ্রাণিত হৈ মৰিগাঁও জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুচাহিদ ফাৰুকীয়ে মৰিগাঁও জিলাতো সেই সকলো ঋতুতে ফল দিয়া চজিনা জাতৰ খেতি কৰাৰ মন মেলে।


 জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ফাৰুকীয়ে ODC-3 জাতক উপযোগী জাতৰ চজিনা বুলি চিনাক্ত কৰি মিকিৰভেটা কৃষি চক্ৰৰ অন্তৰ্গত হাবিবৰঙাবাৰীৰ তামুলীবড়ী গাঁৱৰ কৃষক ৰাজুমণি ভূঞাক বীজ প্রদান কৰে। প্ৰথম বছৰত খেতিডৰাত পানী জমা হোৱাত কেইবাজোপা গছ মৰি যায় আৰু জীয়াই থকাবোৰতো ফুল-ফল কমকৈ লাগে। কিন্তু এইবাৰ চজিনা গছবোৰত যথেষ্ট পৰিমাণৰ ফুল আৰু ফল ধৰাত এক সমৃদ্ধ উৎপাদন হোৱা পৰিলক্ষিত হৈছে। ODC-3 এই জাতৰ চজিনাৰ উৎপাদন ক্ষমতা অত্যধিক। এই জাতৰ চজিনা গছে বছৰি গড়ে ২০০-২৫০টা ফল দিয়ে আৰু ব্যাৱসায়িক বা বৃহৎ পৰিসৰত খেতি কৰিলে প্রতি হেক্টৰত ৪০-৫০ টন পর্যন্ত উৎপাদন হোৱাৰ সম্ভাৱনা আছে। প্রতিডাল চজিনাৰ ওজন ১৫০ গ্ৰামৰ পৰা ২০০ গ্রাম পর্যন্ত হয় আৰু দীঘল ৪৫ চেন্টিমিটাৰৰ পৰা ৬০ চেন্টিমিটাৰলৈ হোৱা দেখা যায়। তদুপৰি ইয়াৰ ঔষধি গুণ, পুষ্টিগুণ আৰু বজাৰত ইয়াৰ স্থায়ী আৱশ্যকতাৰ বাবে চজিনাক ৰাজ্যৰ কৃষিক্ষেত্ৰত আশাপ্রদ ফচল হিচাপে প্রতিষ্ঠা কৰিছে। এই সন্দৰ্ভত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুচাহিদ ফাৰুকীয়ে কয় যে মই অসমত ক'তো সকলো ঋতুতে ফল দিয়া চজিনাৰ জাত এতিয়ালৈকে দেখা নাই। মৰিগাঁৱত লাভ কৰা এই সফলতাই প্ৰমাণ কৰে যে ইয়াক ৰাজ্যৰ অন্যান্য অংশত প্রচলন কৰিব পাৰি। ইয়াৰ জৰিয়তে কৃষকে নতুন আয়ৰ সুযোগ পাব আৰু পুষ্টি সুৰক্ষা নিশ্চিত হ'ব।


ইফালে, ৰাজুমণি ভূঞাই কয়, 'এইবছৰ গছবোৰত অবিৰামভাৱে ফুল-ফল ধৰিছে। উৎপাদন আশা কৰাতকৈ অধিক হৈছে আৰু মই নিশ্চিত যে বৃহৎ পৰিসৰত এই খেতি কৰিলে ভাল আয় কৰিব পাৰিম। লগতে তেওঁক এই কৃষিকার্যত জড়িত হ'বলৈ উৎসাহিত কৰা আৰু সুযোগ দিয়াৰ বাবে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুচাহিদ ফাৰুকীৰ শলাগ লয়। তাৎপর্যপূর্ণ বিষয় যে সকলো ঋতুতে উপলব্ধ হ'ব লগীয়া নতুন জাতৰ চজিনাই কৃষকৰ মাজত এক নৱজাগৰণ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ