--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইতিহাসত প্ৰথমবাৰৰ বাবে টকাৰ বিনিময় হাৰ ৯৫ ৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাত দেশৰ অৰ্থনৈতিক মহলত হাহাকাৰৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বজাৰত ভাৰতীয় টকাৰ মূল্যত এক অভূতপূৰ্ব পতন ঘটিছে। শুকুৰবাৰে লেনদেনৰ শেষত আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ নামি যায়।


ইতিহাসত প্ৰথমবাৰৰ বাবে টকাৰ বিনিময় হাৰ ৯৫ ৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাত দেশৰ অৰ্থনৈতিক মহলত হাহাকাৰৰ সৃষ্টি হৈছে।



খাৰুৱা তেলৰ মূল্যবৃদ্ধি: বিশ্ব বজাৰত ব্ৰেন্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ১১১ ডলাৰৰ ওপৰলৈ যোৱাৰ ফলত ভাৰতীয় মুদ্ৰাৰ ওপৰত অত্যাধিক চাপ পৰিছে।


শক্তিশালী ডলাৰ সূচাংক: বিশ্বৰ অন্যান্য প্ৰধান মুদ্ৰাৰ তুলনাত ডলাৰৰ স্থিতি অধিক শক্তিশালী হোৱা।


বিদেশী বিনিয়োগকাৰীৰ প্ৰস্থান: ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে ধাৰাবাহিকভাৱে মূলধন প্ৰত্যাহাৰ কৰা।




শুকুৰবাৰে টকাৰ মূল্য পূৰ্বৰ বন্ধ হোৱা মূল্যৰ তুলনাত ২২.৭৫ পইচা দুৰ্বল হৈ ৯৪.১৮৭৫ ত মুকলি হৈছিল। দিনটোৰ লেনদেনৰ অন্তত ই প্ৰায় ৮৯.২৫ পইচা হ্ৰাস পাই ৯৪.৮৫২৫ ত স্থিৰ হয়। উল্লেখ্য যে, দিনটোৰ এটা সময়ত ই সৰ্বনিম্ন ৯৪.৮৬ স্তৰ স্পৰ্শ কৰিছিল।


অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে "টকাৰ এই দ্ৰুত পতনে দেশৰ আমদানি ব্যয় বৃদ্ধি কৰিব। ইয়াৰ ফলত পেট্ৰ’ল-ডিজেলৰ পৰা আৰম্ভ কৰি আমদানি কৰা ইলেক্ট্ৰনিক সামগ্ৰী আৰু ভোজ্য তেলৰ মূল্যবৃদ্ধি হোৱাটো নিশ্চিত।"


টকাৰ এই নিম্নগামী যাত্ৰা ৰোধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) বজাৰত হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে। যদিহে এই স্থিতি অব্যাহত থাকে, তেন্তে ই দেশৰ মুদ্ৰাস্ফীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ