--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইতিহাসত প্ৰথমবাৰৰ বাবে টকাৰ বিনিময় হাৰ ৯৫ ৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাত দেশৰ অৰ্থনৈতিক মহলত হাহাকাৰৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বজাৰত ভাৰতীয় টকাৰ মূল্যত এক অভূতপূৰ্ব পতন ঘটিছে। শুকুৰবাৰে লেনদেনৰ শেষত আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ নামি যায়।


ইতিহাসত প্ৰথমবাৰৰ বাবে টকাৰ বিনিময় হাৰ ৯৫ ৰ ঘৰ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাত দেশৰ অৰ্থনৈতিক মহলত হাহাকাৰৰ সৃষ্টি হৈছে।



খাৰুৱা তেলৰ মূল্যবৃদ্ধি: বিশ্ব বজাৰত ব্ৰেন্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত ১১১ ডলাৰৰ ওপৰলৈ যোৱাৰ ফলত ভাৰতীয় মুদ্ৰাৰ ওপৰত অত্যাধিক চাপ পৰিছে।


শক্তিশালী ডলাৰ সূচাংক: বিশ্বৰ অন্যান্য প্ৰধান মুদ্ৰাৰ তুলনাত ডলাৰৰ স্থিতি অধিক শক্তিশালী হোৱা।


বিদেশী বিনিয়োগকাৰীৰ প্ৰস্থান: ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে ধাৰাবাহিকভাৱে মূলধন প্ৰত্যাহাৰ কৰা।




শুকুৰবাৰে টকাৰ মূল্য পূৰ্বৰ বন্ধ হোৱা মূল্যৰ তুলনাত ২২.৭৫ পইচা দুৰ্বল হৈ ৯৪.১৮৭৫ ত মুকলি হৈছিল। দিনটোৰ লেনদেনৰ অন্তত ই প্ৰায় ৮৯.২৫ পইচা হ্ৰাস পাই ৯৪.৮৫২৫ ত স্থিৰ হয়। উল্লেখ্য যে, দিনটোৰ এটা সময়ত ই সৰ্বনিম্ন ৯৪.৮৬ স্তৰ স্পৰ্শ কৰিছিল।


অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে "টকাৰ এই দ্ৰুত পতনে দেশৰ আমদানি ব্যয় বৃদ্ধি কৰিব। ইয়াৰ ফলত পেট্ৰ’ল-ডিজেলৰ পৰা আৰম্ভ কৰি আমদানি কৰা ইলেক্ট্ৰনিক সামগ্ৰী আৰু ভোজ্য তেলৰ মূল্যবৃদ্ধি হোৱাটো নিশ্চিত।"


টকাৰ এই নিম্নগামী যাত্ৰা ৰোধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) বজাৰত হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে। যদিহে এই স্থিতি অব্যাহত থাকে, তেন্তে ই দেশৰ মুদ্ৰাস্ফীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু