--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰত্যেকখন বিহু সন্মিলনৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ । মঞ্চ কঁপাই দৰ্শকক সুৰৰ মূৰ্ছনাৰে মোহাচ্ছন্ন কৰি ৰখা অসমৰ হিয়াৰ আমঠু কিম্বদন্তী শিল্পী জুবিন গাৰ্গক এইবাৰ বিহুৰ মঞ্চত কোনেও দেখিবলৈ নাপায় ।

ডিজিটেল ডেস্ক: ব’হাগৰ উমাল বতাহজাকৰ মাজতো যেন এইবাৰ ক’ৰবাত উকা উকা ভাব। বিহুৰ ঢোল-পেঁপা,‌ কুলি-কেতেকীৰ মাততকৈও অসমীয়াৰ বুকুত গুঞ্জৰিত হৈছে এটা নাম জুবিন গাৰ্গ।


প্ৰত্যেকখন বিহু সন্মিলনৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ । মঞ্চ কঁপাই দৰ্শকক সুৰৰ মূৰ্ছনাৰে মোহাচ্ছন্ন কৰি ৰখা অসমৰ হিয়াৰ আমঠু কিম্বদন্তী শিল্পী জুবিন গাৰ্গক এইবাৰ বিহুৰ মঞ্চত কোনেও দেখিবলৈ নাপায় । অসমৰ বিহু মঞ্চ এতিয়া কেৱল এক বিশাল শূন্যতা ৷


প্ৰতিটো বিহু সন্মিলনৰ মঞ্চত যাৰ উপস্থিতি আছিল অপৰিহাৰ্য, যাৰ গানৰ অবিহনে অসমীয়াৰ বিহুৰ আনন্দ আধৰুৱা, সেই জুবিন গাৰ্গ নামৰ সুৰৰ অনুপস্থিতিয়ে এইবাৰ বিহুৰ ৰং যেন কিছু ম্লান কৰি পেলাব ।


প্ৰতিবছৰেই জুবিনক চাবলৈ ৰৈ থকা অসমীয়াৰ বিহু মঞ্চবোৰ যেন এইবাৰ উকা হৈ ৰ'ব। লতাশিলৰ পৰা চৰাইদেউলৈ, প্ৰতিখন বিহু মঞ্চত যাৰ সুৰৰ যাদুৱে ডেকা-বুঢ়া সকলোকে নচুৱাইছিল, সেই জুবিন এইবাৰ নাই। জুবিনৰ অবিহনে বিহুৰ যেন সেই মাদকতাই নাই। তেওঁৰ গানবোৰ অসমীয়াৰ আৱেগ । তেওঁৰ কণ্ঠ আৰু উপস্থিতিৰ যি উন্মাদনা, সেয়া উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল । জুবিনৰ এই অনুপস্থিতিয়ে কেৱল অনুৰাগীসকলক মৰ্মাহত কৰাই নহয়, বৰঞ্চ সমগ্ৰ শিল্পী সমাজতো এক বিৰূপ প্ৰভাৱ পেলাইছে ।


ব'হাগৰ উছাহৰ মাজতো খালী হৈ আছে অসমীয়াৰ প্ৰাণ। এনে ব'হাগ আগে কেতিয়াও অহা নাছিল, য'ত জুবিন নাছিল। আজি চৌপাশে কেৱল এটাই চৰ্চা, 'জুবিনবিহীন ব'হাগ'।


উৎসঃ দৈনিক জনমভূমি










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ