--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰত্যেকখন বিহু সন্মিলনৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ । মঞ্চ কঁপাই দৰ্শকক সুৰৰ মূৰ্ছনাৰে মোহাচ্ছন্ন কৰি ৰখা অসমৰ হিয়াৰ আমঠু কিম্বদন্তী শিল্পী জুবিন গাৰ্গক এইবাৰ বিহুৰ মঞ্চত কোনেও দেখিবলৈ নাপায় ।

ডিজিটেল ডেস্ক: ব’হাগৰ উমাল বতাহজাকৰ মাজতো যেন এইবাৰ ক’ৰবাত উকা উকা ভাব। বিহুৰ ঢোল-পেঁপা,‌ কুলি-কেতেকীৰ মাততকৈও অসমীয়াৰ বুকুত গুঞ্জৰিত হৈছে এটা নাম জুবিন গাৰ্গ।


প্ৰত্যেকখন বিহু সন্মিলনৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ । মঞ্চ কঁপাই দৰ্শকক সুৰৰ মূৰ্ছনাৰে মোহাচ্ছন্ন কৰি ৰখা অসমৰ হিয়াৰ আমঠু কিম্বদন্তী শিল্পী জুবিন গাৰ্গক এইবাৰ বিহুৰ মঞ্চত কোনেও দেখিবলৈ নাপায় । অসমৰ বিহু মঞ্চ এতিয়া কেৱল এক বিশাল শূন্যতা ৷


প্ৰতিটো বিহু সন্মিলনৰ মঞ্চত যাৰ উপস্থিতি আছিল অপৰিহাৰ্য, যাৰ গানৰ অবিহনে অসমীয়াৰ বিহুৰ আনন্দ আধৰুৱা, সেই জুবিন গাৰ্গ নামৰ সুৰৰ অনুপস্থিতিয়ে এইবাৰ বিহুৰ ৰং যেন কিছু ম্লান কৰি পেলাব ।


প্ৰতিবছৰেই জুবিনক চাবলৈ ৰৈ থকা অসমীয়াৰ বিহু মঞ্চবোৰ যেন এইবাৰ উকা হৈ ৰ'ব। লতাশিলৰ পৰা চৰাইদেউলৈ, প্ৰতিখন বিহু মঞ্চত যাৰ সুৰৰ যাদুৱে ডেকা-বুঢ়া সকলোকে নচুৱাইছিল, সেই জুবিন এইবাৰ নাই। জুবিনৰ অবিহনে বিহুৰ যেন সেই মাদকতাই নাই। তেওঁৰ গানবোৰ অসমীয়াৰ আৱেগ । তেওঁৰ কণ্ঠ আৰু উপস্থিতিৰ যি উন্মাদনা, সেয়া উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল । জুবিনৰ এই অনুপস্থিতিয়ে কেৱল অনুৰাগীসকলক মৰ্মাহত কৰাই নহয়, বৰঞ্চ সমগ্ৰ শিল্পী সমাজতো এক বিৰূপ প্ৰভাৱ পেলাইছে ।


ব'হাগৰ উছাহৰ মাজতো খালী হৈ আছে অসমীয়াৰ প্ৰাণ। এনে ব'হাগ আগে কেতিয়াও অহা নাছিল, য'ত জুবিন নাছিল। আজি চৌপাশে কেৱল এটাই চৰ্চা, 'জুবিনবিহীন ব'হাগ'।


উৎসঃ দৈনিক জনমভূমি










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু