--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • অসমীয়া চলচ্চিত্র 'মই এটি নিশাচৰ' হিউষ্টনত অনুষ্ঠিত হ'বলগীয়া ৫৯ সংখ্যক হিউষ্টন ৱৰ্ল্ডফেষ্ট ৰেমি এৱাৰ্ডছৰ বাবে মনোনীত হৈছে

ডিজিটেল ডেস্ক: বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত সফল যাত্রা অব্যাহত ৰাখি অসমীয়া চলচ্চিত্র 'মই এটি নিশাচৰ' হিউষ্টনত অনুষ্ঠিত হ'বলগীয়া ৫৯ সংখ্যক হিউষ্টন ৱৰ্ল্ডফেষ্ট ৰেমি এৱাৰ্ডছৰ বাবে মনোনীত হৈছে। 


হিউষ্টন ৱৰ্ল্ডফেষ্ট মহোৎসৱে পূৰ্বৰ সংস্কৰণত ষ্টিভেন স্পিলবার্গ, জর্জ লিউকাচ, এঙলী, ৰিডলে স্কট, অলিভাৰ ষ্ট'ন আদি বিশ্ববিখ্যাত চলচ্চিত্র নির্মাতাসকলক স্বীকৃতি আৰু সন্মান প্ৰদান কৰি আহিছে। ১৯৬১ চনত ফিল্ম ছ'চাইটি হিচাপে আৰম্ভ হোৱা এই উৎসৱটোৱে ১৯৬৮ চনত এক প্রতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰূপে খ্যাতি লাভ কৰে। 


পৃথিৱীৰ প্ৰাচীনতম স্বাধীন চলচ্চিত্র মহোৎসৱ হিচাপে হিউষ্টন ৱৰ্ল্ডফেষ্ট স্বীকৃত। যদিও ভেনিচ আৰু কাঁ উৎসৱ অধিক পুৰণি, সেই উৎসৱসমূহত মূলতঃ বৃহৎ ষ্টুডিঅ'ৰ চলচ্চিত্ৰসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰ বিপৰীতে হিউষ্টন ৱৰ্ল্ডফেষ্টে সদায় স্বাধীন চলচ্চিত্র সৃষ্টিকাৰীসকলৰ সৃষ্টিৰাজিক সন্মান কৰি আহিছে। 


পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্র নির্মাতা বিদ্যুৎ কটকীৰ দ্বাৰা পৰিচালিত আৰু অসমৰ খ্যাতনামা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা লিখিত 'মই এটি নিশাচৰ' ছবিখন প্ৰযোজনা কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম আৰু ৰেড ৰিভাৰ এণ্ড ব্লু হিলে। 'মই এটি নিশাচৰ' এখন গভীৰ সংবেদনশীল চলচ্চিত্র, য'ত মানৱীয় স্থিতি আৰু নৈতিক দ্ব্যৰ্থতাৰ বিষয়সমূহ গভীৰভাৱে উন্মোচিত কৰা হৈছে। 


ছবিখনৰ কাহিনীভাগ এজন গাঁৱলীয়া চোৰক কেন্দ্ৰ কৰি আগবাঢ়ে। সামাজিক অস্থিৰতা আৰু বিভিন্নধৰণৰ পক্ষপাতমূলক পৰিস্থিতিৰ মাজতো তেওঁ নিজৰ বুদ্ধি আৰু মানৱীয় অনুভূতিৰ উপলব্ধিৰ জৰিয়তে জীৱনৰ পথ সন্ধান কৰে। হিউষ্টন ৱৰ্ল্ডফেষ্টৰ কার্যসূচী সঞ্চালক কেথলীন হানেয়ে পৰিচালক বিদ্যুৎ কটকীলৈ প্ৰেৰণ কৰা এখন ই-মেইলত উল্লেখ কৰে যে এই বছৰ মহোৎসৱটোলৈ অভিলেখসংখ্যক ছবিৰ আৱেদন লাভ কৰা হৈছিল। ফলস্বৰূপে ৱৰ্ল্ডফেষ্ট ২০২৬ৰ আনুষ্ঠানিক নিৰ্বাচনৰ বাবে জুৰী সদস্যসকলৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাটো অত্যন্ত কঠিন হৈছিল। এই উপলক্ষে তেওঁ পৰিচালক তথা ছবিখনৰ সমগ্ৰ দলক অভিনন্দন জ্ঞাপন কৰে। 


পৰিচালক বিদ্যুৎ কটকীয়ে কয়, 'আমাৰ চলচ্চিত্ৰৰ জৰিয়তে আমেৰিকাৰ টেক্সাছলৈ অসমৰ এটি অংশ লৈ যাব পৰাটো আমাৰ বাবে এক বিশেষ আনন্দৰ বিষয়। যদিও ছবিখন অসমৰ এখন ভিতৰুৱা গাঁৱৰ পটভূমিক লৈ আৰু অলপতে এৰি অহা অতীতৰ এক নির্দিষ্ট সময়ক কেন্দ্র কৰি নিৰ্মিত, বর্ণিত কাহিনীয়ে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে আজিৰ পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে আমি সন্মুখীন হোৱা সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহ একে ধৰণৰ। ইয়াৰ পূৰ্বে 'মই এটি নিশাচৰ' চলচ্চিত্ৰখনে একোলেড বিশ্ব চলচ্চিত্র প্রতিযোগিতাত 'উৎকৃষ্টতাৰ বঁটা-বিশেষ উল্লেখ' লাভ কৰিছিল। মুভি মেকাৰ আলোচনীয়ে এই উৎসৱক 'পঞ্জীয়ন মাচুল দিয়া শীর্ষ ২৫টা উৎসৱ'ৰ ভিতৰত অন্তর্ভুক্ত কৰিছে। ইয়াৰ উপৰি 'মই এটি নিশাচৰ' আমেৰিকাৰ মণ্টানা ৰাজ্যৰ বিউট চহৰত অনুষ্ঠিত কভেলাইট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত নির্বাচিত হৈছে। 


ছবিখনৰ শিল্পীসকল ক্রমে- লেখক, পৰিচালক : বিদ্যুৎ কটকী, কাহিনী: অনুৰাধা শৰ্মা পূজাৰী, দৃশ্যগ্রহণ পৰিচালক: মধু আম্বট, সম্পাদনা: পল্লৱী কটকী, শব্দ গ্রহণ আৰু মিশ্রণ: ভাস্কৰ ৰয়, সুলগ্না সন্দিকৈ, সংগীত: অজয় সিংহ, শীর্ষগীত: নীলোৎপল বৰা, অভিনয়: প্রাঞ্জল শঞ্জইকীয়া, অৰুণ নাথ, গুণমণি বৰুৱা, ড'ৰথী ভৰদ্বাজ, জ্যোতি নাৰায়ণ নাথ, অৰুণ হাজৰিকা, অর্ঘদীপ বৰুৱা, কৌশিক নাথ, হিৰণ্য ডেকা, সঞ্জীৱ সভাপণ্ডিত, পূর্ণিমা পাঠক শইকীয়া, নিকুমণি বৰুৱা আৰু অতুল পাচনী।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement