ডিজিটেল ডেস্ক: মানৱতাৰ সেৱাই কাল হ’ল এজন কৰ্তব্যনিষ্ঠ আৰক্ষী কমাণ্ডোৰ বাবে। পথ দুৰ্ঘটনাত আহত লোকসকলক উদ্ধাৰ কৰিবলৈ গৈ নিজৰ জীৱনেই হেৰুৱাবলগীয়া হ’ল জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন সাহসী কমাণ্ডোৱে। এই শোকাৱহ ঘটনাত আন এজন কমাণ্ডোও গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুৰে যুঁজ দিছে।
বুধবাৰে হাৰিয়ানাৰ আম্বালাৰ সমীপৱৰ্তী দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। জানিব পৰা মতে, পথত সংঘটিত এটা দুৰ্ঘটনাৰ পিছত আহত যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ দুজন কমাণ্ডো। কিন্তু উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে এখন তীব্ৰবেগী অচিনাকি বাহনে দুয়োকে মহতিয়াই নিয়ে। ফলত দুয়োজন কমাণ্ডো গুৰুতৰভাৱে আহত হয়।
পিছত তেওঁলোকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুৰ ওচৰত হাৰ মানে শ্বাবাজ আহমেদ নামৰ কমাণ্ডোজনে। আনহাতে, আনজন কমাণ্ডো জোৰাৱৰ সিঙৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, নিহত শ্বাবাজ আহমেদ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ থানামাণ্ডী অঞ্চলৰ বাসিন্দা। তেওঁ আৰু আহত জোৱান জোৰাৱৰ সিং দুয়োটা ছিলেকশ্যন গ্ৰেড কনিষ্টবল হিচাপে কৰ্মৰত আছিল। দুয়োজনেই জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত বিশেষ সুৰক্ষা বাহিনী (SSF)-ৰ সদস্য আছিল।
কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া কমাণ্ডোজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে। মানৱতাৰ সেৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা এই আৰক্ষী জোৱানসকলৰ ত্যাগ আৰু সাহসিকতাক সকলোৱে জনাইছে চেল্যুট।