--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুই ভাতৃয়ে ভগ্নীৰ ভৱিষ্যত আৰু মানসিক অৱস্থাৰ কথা চিন্তা কৰি খবৰটো গোপনে ৰখাৰ সিদ্ধান্ত লয়। পিতৃৰ মৃতদেহ হাস্পতালৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰি তেওঁলোকে মাতৃ আৰু ভগ্নীক ফোনযোগে জনায় যে শংকৰলাল আই চি ইউত চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান কথা ক'ব পৰা অৱস্থাত নাই।

ডিজিটেল ডেস্ক: এফালে ঘৰত বিয়াৰ আনন্দ, আনফালে বুকুত শোকৰ পাহাৰ! যি পিতৃয়ে নিজৰ কন্যাৰ বিয়াখনক লৈ অলেখ সপোন দেখিছিল, সেই পিতৃয়েই কন্যাৰ বিয়াৰ আনন্দত নাচি থাকোঁতেই চিৰদিনৰ বাবে চকু মুদিলে। কিন্তু পিতৃৰ মৃত্যুৰ খবৰ গোপনে ৰাখি সম্পন্ন কৰা হ’ল কন্যাৰ বিয়াৰ সকলো ৰীতি-নীতি। ৰাজস্থানৰ উদয়পুৰত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই এতিয়া সকলোৰে চকু সেমেকাই তুলিছে।


প্ৰাপ্ত তথ্য অনুসৰি ২০ নৱেম্বৰৰ নিশা ৫১ বছৰীয়া শংকৰলাল মেঘৱালে নিজৰ কন্যা প্ৰিয়ংকাৰ বিয়াৰ পৰম্পৰাগত অনুষ্ঠান 'বিন্দোলী'ত আনন্দত নাচি আছিল। কিন্তু হঠাৎ তেওঁ বুকুৰ বিষত আক্ৰান্ত হয়। অৱস্থা অধিক সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে নিজৰ বাহনেৰে তেওঁক ঋষভদেৱ হাস্পতাললৈ লৈ যায়। তাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক উদয়পুৰৰ এম বি হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু উদয়পুৰ পোৱাৰ পিছতে চিকিৎসকে শংকৰলালক মৃত ঘোষণা কৰে। হাৰ্ট এটেকত মৃত্যু ঘটে শংকৰলাল মেঘৱালৰ।


শংকৰলাল আহমেদাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত গাড়ী চালক হিচাপে কৰ্মৰত আছিল। তিনিগৰাকী সন্তানৰ পিতৃ শংকৰলালৰ ডাঙৰ কন্যা প্ৰিয়ংকাৰ (২৬) বিয়া ২১ নৱেম্বৰৰ দুপৰীয়া অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিয়াৰ আনন্দ-উল্লাসৰ মাজতে পৰিয়ালটোৰ সন্মুখত আহি পৰে এক চৰম কঠিন পৰিস্থিতি। 

পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত তেওঁৰ দুই পুত্ৰ দিলীপ (২৪) আৰু উমেশ (২২) এক জটিল সিদ্ধান্তৰ সন্মুখীন হয়। তেওঁলোক বহুত চিন্তাত পৰে। তেওঁলোকে ভাবে যে এই দুঃসংবাদ ঘৰত এতিয়াই জনাব নে? এই খবৰে ভগ্নীৰ ন-জীৱনৰ পাতনি মেলাৰ সপোন ভাঙি চূৰমাৰ কৰিব নেকি? নে ভগ্নী আৰু মাতৃক এই চৰম মানসিক আঘাতৰ পৰা ৰক্ষা কৰিবলৈ কিছু সময়ৰ বাবে সত্যটো গোপনে ৰাখিব? অৱশেষত দুই ভাতৃয়ে ভগ্নীৰ ভৱিষ্যত আৰু মানসিক অৱস্থাৰ কথা চিন্তা কৰি খবৰটো গোপনে ৰখাৰ সিদ্ধান্ত লয়। পিতৃৰ মৃতদেহ হাস্পতালৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰি তেওঁলোকে মাতৃ আৰু ভগ্নীক ফোনযোগে জনায় যে শংকৰলাল আই চি ইউত চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান কথা ক'ব পৰা অৱস্থাত নাই।


তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ আত্মীয় দুগৰাকী লোকে দৰাপক্ষৰ সৈতে যোগাযোগ কৰে। ঘটনাৰ বিষয়ে জানিব পাৰি দৰাজনেও এক মানৱীয় সিদ্ধান্ত গ্ৰহণ কৰে। সেই নিশাই ১৫-২০গৰাকী আত্মীয়ৰ সৈতে প্ৰায় ২৫ কিলোমিটাৰ দূৰৰ চনৱাড়া গাঁৱৰ পৰা কইনাঘৰলৈ আহে দৰাপক্ষ।


ইয়াৰ পিছতে পিছদিনা দুপৰীয়া অনুষ্ঠিত হ'বলগীয়া বিয়াখন সেই নিশাই অতি সাধাৰণভাৱে সম্পন্ন কৰাৰ সিদ্ধান্ত লয় পৰিয়ালে। পুৱতি নিশা প্ৰায় ৩ বজালৈ বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হয়। তাৰ পিছতহে দুই ভাতৃয়ে পৰিয়ালৰ আন সদস্যসকলক পিতৃৰ মৃত্যুৰ দুঃসংবাদটো দিয়ে।


২১ নৱেম্বৰত শংকৰলালৰ শেষকৃত্য সম্পন্ন কৰা হয়। যিগৰাকী পিতৃয়ে কিছু সময় পূৰ্বে কন্যাৰ বিয়াৰ আনন্দত নাচি আছিল, সেইগৰাকী পিতৃৰেই কন্যাৰ বিদায়ৰ কিছুসময় পিছতে সম্পন্ন কৰা হয় শেষকৃত্য।


একেটা সময়তে পৰিয়ালটোৱে এফালে কন্যাৰ নতুন জীৱনৰ পাতনি মেলিলে, আনফালে ঘৰখনৰ মুৰব্বীগৰাকীক চিৰবিদায় জনালে। আনন্দ আৰু বেদনাৰ এনে এক কৰুণ সংমিশ্ৰণে উদয়পুৰৰ এই ঘটনাক কৰি তুলিছে সঁচাকৈয়ে হৃদয়বিদাৰক।


পিতৃৰ সপোন আছিল কন্যাৰ বিয়াখন নিজ চকুৰে উপভোগ কৰা। কিন্তু নিয়তিয়ে সেই সপোন আধৰুৱা কৰি থৈ গ'ল। আনহাতে, দুই ভাতৃয়ে নিজৰ বুকুৰ ভিতৰত শোকৰ পাহাৰ লৈও ভগ্নীৰ মুখত হাঁহি অটুট ৰাখিবলৈ যি সিদ্ধান্ত ল'লে, সেয়া সকলোৰে মাজত আলোচ্যৰ বিষয় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰ্মান্তিক! কন্যাৰ বিয়াৰ আগনিশা নাচি নাচিয়েই মৃত্যুক সাবটিলে পিতৃয়ে
গার্হস্থ্য হিংসাৰ বলি হৈ বিশ্বত ঘণ্টাত গড়ে প্রাণ হেৰুৱায় ৫গৰাকী মহিলাই
মহাকাশত উপস্থিত প্রথমজন পাকিস্তানী জিচান আলী
অৰুণাচলৰ ৪০-৫০ কিঃমিঃৰ নিলগতে দ্রুতগতিত চলিছে চীনৰ নিৰ্মাণকার্য
কণ্টেণ্ট ক্ৰিয়েটৰলৈ বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ লিগেল নটিছ
২৩ বছৰৰ চাকৰিত ৯ বছৰ ছুটীত পাৰ কৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
'টাইম' আলোচনীত লাভলীনা
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন