--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনে এই প্রকল্পটো মেকমোহন ৰেখাৰ একেবাৰে কাষত তথা অৰুণাচল প্ৰদেশৰ উত্তৰে মাত্র ৪০-৫০ কিল'মিটাৰ আঁতৰত নিৰ্মাণ কৰি আছে।

ডিজিটেল ডেস্ক: চীনে অৰুণাচল প্ৰদেশৰ সমীপত য়াৰলুং ছাংপো নদীৰ ওপৰত ৬০ গিগাৱাট ক্ষমতাসম্পন্ন মেগা জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণকার্য ক্ষিপ্ৰতাৰে চলাই আছে। প্রকল্পটোৰ বান্ধ নিৰ্মাণৰ কাম ইতিমধ্যে বহুখিনি আগবঢ়া বুলিও জনা গৈছে। এই তথ্য জানিব পৰা গৈছে আই আই টি দিল্লীৰ এফ আই টি টিত ইনকুবেট কৰা এক ভাৰতীয় জিঅ'স্পেচিয়েল এ আই ডীপ টেক ষ্টার্টআপে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ বিশ্লেষণৰ পৰা। 


টাইম্‌ছ অব্ ইণ্ডিয়াত প্রকাশ পোৱা এখন প্রতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে। এই প্রতিবেদনত আৰ্থছেন্‌ছ লেবৰেটৰীৰ ৰাজহুৱা মূল্যাংকনৰ উদ্ধৃতি দি কোৱা হৈছে যে মূল বান্ধৰ স্থলৰ পৰা কেইবাখনো গাঁও সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হৈছে। ইয়াৰ লগতে নদীখনৰ গতিপথ সলনি কৰাৰ কাম কৰি থকা স্পষ্টৰূপত দেখিবলৈ পোৱা গৈছে তথা অৰুণাচল সীমান্তৰ কাষত বিশাল ঔদ্যোগিক গাঁথনি নিৰ্মাণ কৰা হৈছে। এই প্রতিবেদনত প্রকাশ পোৱা তথ্য ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে, কিয়নো ভাৰতে অৰুণাচল প্রদেশত ১১,২০০ মেগাৱটৰ উজনি ছিয়াং বহুমুখী প্ৰকল্পৰ (এছ ইউ এম পি) নিৰ্মাণৰ কাম আগবঢ়াইছে। এই প্রকল্পৰ সৈতে জড়িতসকলৰ মতে, এছ ইউ এম পিৰ উদ্দেশ্য হ'ল চীনৰ প্ৰকল্পৰ ফলত নদীৰ নামনি অংশত নদীৰ প্ৰৱাহত পৰা প্ৰভাৱ হ্রাস কৰা। 


চীনে এই প্রকল্পটো মেকমোহন ৰেখাৰ একেবাৰে কাষত তথা অৰুণাচল প্ৰদেশৰ উত্তৰে মাত্র ৪০-৫০ কিল'মিটাৰ আঁতৰত নিৰ্মাণ কৰি আছে। কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোত দেখা পোৱা মতে, চীনে নিৰ্মাণ কৰি থকা এই বান্ধৰ স্থিতি মাত্ৰ এবছৰৰ পাছত বহুখিনি সলনি হৈছে। যোৱা বছৰ জুলাইলৈকে বান্ধ নিৰ্মাণ কৰিবলগীয়া স্থানত কেইবাখনো গাঁও আছিল। কিন্তু যোৱা বছৰ ডিচেম্বৰৰ ভিতৰত এই গাঁওবোৰ তাৰ পৰা আঁতৰোৱা হয়। গাঁওসমূহ তাৰ পৰা উচ্ছেদ কৰাৰ পাছত খননৰ কাম আৰম্ভ কৰা হয়। চলিত বছৰৰ আগষ্টলৈ নদীৰ গতিপথ সলনিৰ কামো কৰা হয়। ইয়াৰ পৰা উচ্ছেদ কৰা গাঁওসমূহ আন স্থানত বহুওৱা হয়। বান্ধ নিৰ্মাণ কৰি থকাৰ সময়তে ইয়াৰ দাতি কাষৰীয়া অঞ্চসমুহক ক্ষিপ্ৰতাৰে নতুন পথ নির্মাণ, অস্থায়ী ঘৰ আৰু কার্যালয়ো নিৰ্মাণ কৰা হৈছে। 


টাইম্‌ছ অব ইণ্ডিয়াত প্ৰকাশ কৰা প্ৰতিবেদনখনত উল্লেখ কৰা মতে, এই প্রকল্পত প্রায় ১৬,৮০০ কোটি ডলাৰ ব্যয় কৰা হ'ব। ইয়াত পাঁচটা পৰ্যায়ৰ বিদ্যুৎ উৎপাদন কেন্দ্র থাকিব। বাতৰিটোত উল্লেখ কৰা মতে, প্রখ্যাত 'গ্রেট-ইউ-বেণ্ড' হৈ প্রায় ৪০ কিল'মিটাৰ দৈৰ্ঘ্যৰ সুৰংগও নিৰ্মাণ কৰি থকা হৈছে। এই সুৰংগৰ ওলাই যোৱা মুখ মেডগ কাউণ্টিৰ আগত সীমান্তৰ কাষত আছে। জানিব পৰা মতে, চীনে প্রায় ৫০ কিল'মিটাৰ ব্যাসার্ধৰ ভিতৰত নদীখনৰ প্ৰায় ২ হাজাৰ মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঢাল ব্যৱহাৰ কৰি নদীখনে ভাৰতত প্ৰৱেশ কৰাৰ আগতে কেইবাটাও বিদ্যুৎ উৎপাদন কেন্দ্ৰ পাৰ হৈ আহিব। এই বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য ক্ষিপ্ৰতাৰে চলি আছে। বাতৰিত প্ৰকাশ পোৱা মতে, চীনে এই বিশাল বান্ধটোক চাৰিটা ভাগত ভাগ কৰিছে। ইয়াৰ ভিতৰত মেনলিং নগৰৰ কাষত আটাইতকৈ ডাঙৰ বান্ধটো নিৰ্মাণ কৰা হৈছে। যোৱা বছৰ জুলাইত ইয়াৰ কাম আৰম্ভ কৰা হয়। আনহাতে, পাই নগৰৰ কাষত এক সম্ভাব্য নামনি বান্ধ নিৰ্মাণ কৰি থকা হৈছে। নামচা বৰৱা পাহাৰ হৈ সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। এই সুৰংগটোৰ পৰা ওলাই যোৱা মুখখন মেডগ কাউণ্টিৰ নামনিত ভাৰত-চীন সীমান্তৰ কাষত নির্মাণ কৰা হৈছে। বাতৰিটোত উল্লেখ কৰা মতে, সুৰংগৰ ওলাই যোৱা পথ থকা অঞ্চলটোত উন্নয়নমূলক কাম, আধাৰশিলা স্থাপনৰ সমাৰোহ ইতিমধ্যে হৈ গৈছে। চীনে নদীখনৰ ওপৰত নিৰ্মাণ কৰি থকা এই বিশাল বান্ধৰ প্ৰভাৱ ভাৰততো পৰিব। এই প্ৰভাৱ হ্রাস কৰাৰ কাৰণেই উজনি ছিয়াং বহুমুখী প্রকল্প নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে প্ৰকাশ কৰা মতে, প্ৰস্তাৱিত এছ ইউ এম পি জলাশয়ৰ জৰিয়তে ভাৰতে নদীৰ নামনি অংশত পানীৰ প্ৰভাৱ উন্নতভাৱে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে এই জলাশয়ৰ পানী ধাৰণ ক্ষমতা প্রায় ৯২০ কোটি ঘন মিটাৰ। খান্দুৰ মতে, ছিয়াং প্ৰকল্পৰ জলাশয়ৰ পানী ধাৰণ ক্ষমতা চীনৰ প্ৰকল্পটোৰ পানী ধাৰণ ক্ষমতা ৫২০ কোটি ঘন মিটাৰতকৈ বহু বেছি। 


উল্লেখযোগ্য যে উজনি ছিয়াং বহুমুখী প্রকল্পক অৰুণাচল প্রদেশত তীব্র বিৰোধিতা কৰা হৈছে। এই প্রকল্পই অঞ্চলটোৰ জনসাধাৰণক তাৰ পৰা উচ্ছেদ কৰা, তেওঁলোকে নিজৰ ভূমিত অধিকাৰ হেৰুওৱা, তথা জীৱিকাৰ সংকটত পৰাৰ আশংকা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি থকা হৈছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ ৪০-৫০ কিঃমিঃৰ নিলগতে দ্রুতগতিত চলিছে চীনৰ নিৰ্মাণকার্য
কণ্টেণ্ট ক্ৰিয়েটৰলৈ বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ লিগেল নটিছ
২৩ বছৰৰ চাকৰিত ৯ বছৰ ছুটীত পাৰ কৰিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে
এইবাৰ মহাকাশত পাৰমাণৱিক কৃত্ৰিম উপগ্ৰহৰ পৰিকল্পনা ৰাছিয়াৰ
শ্ৰীনগৰৰ ৭০০ বছৰ পুৰণি দুৰ্গেশ্বৰী মন্দিৰত ৩৭ বছৰৰ মূৰত পুনৰ পূজা-অৰ্চনা
দেশজুৰি পৰীক্ষা হ’ব পেকেজ্ড খোৱাপানীৰ নমুনা
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
'টাইম' আলোচনীত লাভলীনা
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু