--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাস মহোৎসৱ তথা অন্যান্য সময়ত মাজুলীলৈ অহা পৰ্যটক আৰু ভক্তসকলে এই বাছখনৰ ওপৰ মহলাত বহি মাজুলীৰ মনোৰম প্ৰাকৃতিক দৃশ্য, ঐতিহাসিক সত্ৰসমূহ আৰু গ্ৰাম্য জীৱনশৈলী অতি আকৰ্ষণীয়ভাৱে উপভোগ কৰিব পাৰিব।

ডিজিটেল ডেস্ক: নদীদ্বীপ মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে সংযোজন হ’ল উত্তৰ-পূব ভাৰতৰ প্ৰথমখন দুমহলীয়া পৰ্যটক বাছ 'পুষ্পক'।


জলন্ধৰৰ পৰা মাজুলীলৈ অনা হৈছে বাছখন। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ সপোন আৰু পৰিকল্পনাৰ ফচল দুমহলীয়া পর্যটক বাছ 'পুষ্পক'। মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এই বিশেষ উদ্যোগে দ্বীপ জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ বাট মুকলি কৰাৰ আশা কৰা হৈছে। 


উল্লেখযোগ্য যে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে লণ্ডন ভ্ৰমণৰ সময়ত তাত চলা দুমহলীয়া বাছত ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰিছিল। সেই অভিজ্ঞতাৰ পৰাই অনুপ্ৰাণিত হৈ দেশী-বিদেশী পৰ্যটকক মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সত্ৰীয়া সংস্কৃতি দেখুৱাবলৈ লণ্ডনৰ আৰ্হিত এই বাছখন নিৰ্মাণৰ পৰিকল্পনা কৰা হয়।


পঞ্জাবৰ জলন্ধৰত বিশেষভাৱে নিৰ্মাণ কৰা এই বাছখনৰ উচ্চতা প্ৰায় ১৪ ফুট ৬ ইঞ্চি, দৈৰ্ঘ্য ২৩ ফুট আৰু বহল ১০ ফুট। অহা ২৫ নৱেম্বৰত আউনীআটী সত্ৰৰ পৰা বাছখনৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। 


ৰাস মহোৎসৱ তথা অন্যান্য সময়ত মাজুলীলৈ অহা পৰ্যটক আৰু ভক্তসকলে এই বাছখনৰ ওপৰ মহলাত বহি মাজুলীৰ মনোৰম প্ৰাকৃতিক দৃশ্য, ঐতিহাসিক সত্ৰসমূহ আৰু গ্ৰাম্য জীৱনশৈলী অতি আকৰ্ষণীয়ভাৱে উপভোগ কৰিব পাৰিব।


মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এই বিশেষ সংযোজনক লৈ ইতিমধ্যে উৎসুকতাৰ সৃষ্টি হৈছে। দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব 'পুষ্পক'৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
'টাইম' আলোচনীত লাভলীনা
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন