--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিদ্যালয়খনত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক নথকাৰ ফলত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদান লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাবকসকলে।

ডিজিটেল ডেস্কঃ বঙাইগাঁও জিলাৰ বিজনীৰ সমীপৱৰ্তী জামদহাৰ এক নম্বৰ জাৰাগুৰীত অৱস্থিত জাৰাগুৰী মহাত্মা এম.ভি. স্কুলত শিক্ষক সংকটক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। 


বিদ্যালয়খনত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক নথকাৰ ফলত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদান লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাবকসকলে।


অভিভাৱকসকলৰ অভিযোগ অনুসাৰে, বিষয়ভিত্তিক শিক্ষক অভাৱৰ বাবে বিদ্যালয়খনত শিক্ষাৰ মান দিনকদিনে অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে। বিশেষকৈ বিজ্ঞান আৰু গণিতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষক নথকাত শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।



বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, পূৰ্বে এজন শিক্ষক আছিল যদিও সাম্প্ৰতিক সময়ত তেখেতৰ বদলি হোৱাত বিদ্যালয়খনত শিক্ষাদান কাৰ্যত জটিলতা সৃষ্টি হৈছে। বিজ্ঞান আৰু গণিত বিষয়ত অতি শীঘ্ৰে নতুন শিক্ষক নিযুক্তি দিয়াটো অত্যাৱশ্যক বুলি তেখেতে উল্লেখ কৰে।


ইফালে, অভিভাৱকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকৰ মতে, শিক্ষক নিযুক্তি নোহোৱালৈকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ অনিশ্চিত হৈ থাকিব। উল্লেখযোগ্য যে, শিক্ষা বিভাগে এই সমস্যাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ’ব। অঞ্চলবাসীয়ে শীঘ্ৰ সমাধানৰ আশা প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ