--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিদ্যালয়খনত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক নথকাৰ ফলত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদান লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাবকসকলে।

ডিজিটেল ডেস্কঃ বঙাইগাঁও জিলাৰ বিজনীৰ সমীপৱৰ্তী জামদহাৰ এক নম্বৰ জাৰাগুৰীত অৱস্থিত জাৰাগুৰী মহাত্মা এম.ভি. স্কুলত শিক্ষক সংকটক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। 


বিদ্যালয়খনত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক নথকাৰ ফলত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদান লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাবকসকলে।


অভিভাৱকসকলৰ অভিযোগ অনুসাৰে, বিষয়ভিত্তিক শিক্ষক অভাৱৰ বাবে বিদ্যালয়খনত শিক্ষাৰ মান দিনকদিনে অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে। বিশেষকৈ বিজ্ঞান আৰু গণিতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষক নথকাত শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।



বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, পূৰ্বে এজন শিক্ষক আছিল যদিও সাম্প্ৰতিক সময়ত তেখেতৰ বদলি হোৱাত বিদ্যালয়খনত শিক্ষাদান কাৰ্যত জটিলতা সৃষ্টি হৈছে। বিজ্ঞান আৰু গণিত বিষয়ত অতি শীঘ্ৰে নতুন শিক্ষক নিযুক্তি দিয়াটো অত্যাৱশ্যক বুলি তেখেতে উল্লেখ কৰে।


ইফালে, অভিভাৱকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁলোকৰ মতে, শিক্ষক নিযুক্তি নোহোৱালৈকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ অনিশ্চিত হৈ থাকিব। উল্লেখযোগ্য যে, শিক্ষা বিভাগে এই সমস্যাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ’ব। অঞ্চলবাসীয়ে শীঘ্ৰ সমাধানৰ আশা প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু