--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইতিমধ্যে সত্ৰখনৰ পুনৰ নিৰ্মাণ কাম প্রায় ৮০ শতাংশ সম্পূর্ণ হৈছে বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক : অসমৰ বৈষ্ণৱ সাংস্কৃতিক ঐতিহ্যৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত কাপলা সত্ৰ এতিয়া পুনৰাই উজ্জীৱিত হ'বলৈ আগবাঢ়িছে। বহু বছৰ ধৰি অৱহেলিত হৈ থকা ঐতিহাসিক সত্ৰখনক সংৰক্ষণ আৰু উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক অভিলাষী আঁচনি গ্রহণ কৰাত স্থানীয় ৰাইজৰ মাজত আনন্দ আৰু সন্তোষৰ সোঁত ব'বলৈ ধৰিছে। 


ইতিমধ্যে সত্ৰখনৰ পুনৰ নিৰ্মাণ কাম প্রায় ৮০ শতাংশ সম্পূর্ণ হৈছে বুলি জানিব পৰা গৈছে। ইতিহাস অনুসাৰি, ১৫৪৪ খ্ৰীষ্টাব্দৰ ৩০ মে'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ভটিয়াই চাউলখোৱা নদীৰে আহি সৰ্থেবাৰী ৰাজহ চক্ৰৰ সৰুক্ষেত্ৰী মৌজাৰ কাপলা বিলৰ পাৰত এই সত্ৰখন স্থাপন কৰিছিল। দুয়োজন মহাপুৰুষে এই ঠাইত প্রায় ছয় মাহ বাস কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। 


এই ঐতিহাসিক উপস্থিতিৰ ফলতেই কাপলা সত্ৰ অসমৰ ধৰ্মীয়-সাংস্কৃতিক ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি আছে। বিশ্বাস কৰা হয় যে এই সত্রতে শ্রীশ্রী মাধৱদেৱৰ মাতৃ মনোৰমা আইৰ লগতে কেইবাজনো ভকতৰ দেহাৱসান ঘটিছিল। যি স্থানত দুয়োগৰাকী মহাপুৰুষে বাস কৰি ধৰ্মপ্ৰচাৰ কৰিছিল, সেই স্থান 'পাগদানি ভিঠা' নামেৰে জনাজাত। 


পাগদানি ভিঠাত থকা এটা প্রাচীন হিদল গছ আজিও সেই পৱিত্ৰ স্মৃতিৰ নীৰৱ সাক্ষী হৈ আছে। প্রতিবছৰে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি আৰু বুদ্ধ পূৰ্ণিমাৰ দিনা স্থানীয় ৰাইজে চাকি-বন্তি জ্বলাই নাম-কীর্তন আৰু ধর্মীয় কাৰ্যসূচী পালন কৰি আহিছে। কালৰ সোঁতত বহু পৰিমাণে ক্ষয়িষ্ণু হৈ পৰা কাপলা সত্ৰখন পুনৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে অসম চৰকাৰৰ লোকনির্মাণ বিভাগে ৪,৩২,৮০,৫০০ টকাৰ আঁচনি গ্রহণ কৰিছে। 


পাগদানি ভিঠাৰ প্ৰায় তিনি বিঘা তিনি কঠা মাটিত এই আঁচনিৰ অধীনত নামঘৰ, মণিকূট, সভাঘৰ, ভকতৰ বাহা, তোৰণ, ৰাজহুৱা শৌচাগাৰ, পুখুৰী আৰু চৌহদৰ পকী বেৰ নিৰ্মাণৰ কাম চলি আছে। ভকত-বৈষ্ণৱসকলে যাতে হাত-ভৰি ধুব পাৰে তাৰ বাবে সৰু পুখুৰীও অন্তর্ভুক্ত কৰা হৈছে। সামগ্রিকভাবে এই উন্নয়ন কার্য সম্পূর্ণ হ'লে সত্রখন এক সুসজ্জিত ধর্মীয় আৰু পৰ্যটন ক্ষেত্র হিচাপে আত্মপ্রকাশ কৰিব বুলি আশা কৰা হৈছে। কাপলা সত্ৰৰ ভৌগোলিক অৱস্থানো বিশেষ গুৰুত্বপূৰ্ণ। সত্ৰখনৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাপলা বিলৰ মনোৰম দৃশ্য উপভোগ কৰিব পৰা যায়। 


শীতকালত বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমনে বিলখন এক অনন্য প্রাকৃতিক ৰম্যভূমিত পৰিণত হয়। যদি সত্ৰ উন্নয়নৰ লগতে কাপলা বিলকো পর্যটন মানচিত্রত অন্তর্ভুক্ত কৰি প্ৰয়োজনীয় পৰিকাঠামো উন্নয়ন কৰা হয়, তেন্তে সমগ্র অঞ্চলটো অসমৰ অন্যতম আকর্ষণীয় ধর্মীয়-প্রাকৃতিক পর্যটন ক্ষেত্র হিচাপে গঢ় লৈ উঠিব বুলি স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্রেমীয়ে মত প্রকাশ কৰিছে। 


স্থানীয় লোকসকলে জনোৱা মতে, কাপলা সত্ৰৰ পুনৰ নির্মাণকার্যই কেবল ঐতিহ্য সংৰক্ষণেই নহয়, ইয়াৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰো এক নতুন দুৱাৰ মুকলি হ'ব। সত্ৰক কেন্দ্ৰ কৰি ক্ষুদ্ৰ ব্যৱসায়, স্থানীয় হস্তশিল্প, পর্যটক আৱাস আৰু পৰিবহণ ব্যৱস্থাৰো উন্নয়ন সম্ভৱ হ'ব বুলি আশা কৰা হৈছে। সমগ্ৰ অঞ্চলৰ ৰাইজে আশা প্রকাশ কৰিছে যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আগন্তুক নিৰ্বাচনৰ পূৰ্বে এই ঐতিহাসিক সত্ৰখনৰ উদ্বোধন কৰি ৰাইজক এক মূল্যৱান উপহাৰ প্ৰদান কৰিব। ঐতিহ্য, ধর্মীয় অনুভূতি আৰু প্রাকৃতিক সৌন্দৰ্যৰ সমন্বয়েৰে কাপলা সত্ৰই আগন্তুক দিনত সৰ্থেবাৰী তথা অসমক এক নতুন পৰিচয় দিব পাৰিব বুলি সচেতন ৰাইজে আশা প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement