--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৯২ বছৰীয়া এইগৰাকী শিল্পীক মুম্বাইৰ বিখ্যাত ব্ৰীচ কেণ্ডী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ মহীৰূহ তথা জনপ্ৰিয় গায়িকা আশা ভোশলেৰ অসুস্থতাৰ খবৰে তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে। ৯২ বছৰীয়া এইগৰাকী শিল্পীক মুম্বাইৰ বিখ্যাত ব্ৰীচ কেণ্ডী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।


প্ৰাৰম্ভিক খবৰ অনুসৰি, আশা ভোশলেক কিছু বয়সজনিত অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, তেওঁক বিশেষজ্ঞ চিকিৎসকৰ এটা দলৰ নিৰীক্ষণত ৰখা হৈছে।


নাতিনীয়েকৰ টুইট আৰু আপডেট


আশা ভোশলেৰ নাতিনীয়েক জনায়ী ভোশলেয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গায়িকাগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত এক ইতিবাচক আপডেট দিছে। জনায়ীয়ে টুইট কৰি জনায় যে, আইতাকৰ স্বাস্থ্য এতিয়া যথেষ্ট উন্নত আৰু তেওঁৰ বাবে প্ৰাৰ্থনা কৰা সকলো অনুৰাগীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। জনায়ীৰ এই বার্তাই উদ্বিগ্ন হৈ থকা সংগীত প্ৰেমীসকলক বহু পৰিমাণে সকাহ দিছে।



উল্লেখযোগ্য যে, ৯২ বছৰ বয়সতো আশা ভোশলে নিজৰ উদ্যম আৰু সংগীতৰ প্ৰতি থকা নিষ্ঠাৰ বাবে সদায় চৰ্চাত থাকে। যদিও তেওঁক বৰ্তমান চিকিৎসালয়ত নিৰীক্ষণত ৰখা হৈছে, পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে যে তেওঁ অতি সোনকালেই ঘৰলৈ উভতি আহিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ