--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • চাওঁতে চাওঁতে নঙলামুখ পালেহি হেঁপাহৰ ৰঙালী বিহু। বসন্তৰ আগমনত প্রকৃতিয়েও ৰমক-জমককৈ ন-সাজেৰে গাভৰুজনী হৈ পৰিছে।

ডিজিটেল ডেস্ক : 'উজায়ে আহিলে মাছে কি মগৰে, উজায়ে আহিলে শিহু। গছে পাত সলালে, কুলিয়ে বিনালে পালেহি ব'হাগৰ বিহু। 'চ'ত শেষ হ'বৰে হ'ল। 



চাওঁতে চাওঁতে নঙলামুখ পালেহি হেঁপাহৰ ৰঙালী বিহু। বসন্তৰ আগমনত প্রকৃতিয়েও ৰমক-জমককৈ ন-সাজেৰে গাভৰুজনী হৈ পৰিছে। ৰাজ্যৰ নিৰ্বাচনৰ বতাহ কিছু শামকটাৰ পাছতেই এতিয়া অসমীয়াৰ আয়ুসৰেখা, স্বাভিমান ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্রস্তুতি। গছৰ ডালত পৰি কুলিজনীয়েও দিছে ব'হাগ অহাৰ বতৰা। 


বিহু বুলি কাৰো গাত যেন তৰণিয়েই নাই। ঢেঁকীৰ চাবত কঁপি উঠিছে চুবুৰি। বিহু আহি কাষ চপাৰ লগে লগে গ্রামাঞ্চলৰ লগতে মহানগৰতো ঢোল-পেঁপাৰ মাতত চৌদিশ মুখৰিত হ'বলৈ ধৰিছে। ক'ৰবাত যদি বিহু কর্মশালা, আন ক'ৰবাত আকৌ চলি আছে বিহুৰ আখৰা। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে কণমানিৰ পৰা গাভৰুলৈকে নাচনীসকল। বিভিন্ন প্রান্তত এতিয়া ঢোল, পেঁপাৰ লহৰত জাকে জাকে নাচনীয়ে ভাঙিছে খামুচীয়া কঁকাল। 


নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে বিহুৰ আখৰাথলী। ইয়াৰ সমান্তৰালভাৱে বিহুৰ ব্যস্ততাৰ মাজতেই ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহুমেলা। এই বিহুমেলাসমূহত বিহুৰ পিঠা-পনাৰ পৰা আৰম্ভ কৰি অসমীয়াৰ আপোন বিহুৱান গামোচা আৰু জাপি, সাজ-পাৰ, লোকবাদ্যসমূহ উপলব্ধ হৈছে। ইফালে, ৰঙালী বিহুৰ প্ৰাক্‌মুহূৰ্তত এতিয়া ব্যস্ততা বাঢ়িছে লোকবাদ্য শিল্পীসকলৰ। কিয়নো ব'হাগ বিহুলৈ এইসকল শিল্পীয়েও আশাৰে বাট চাই ৰয়। সেয়ে বিহুমেলাসমূহৰ লগতে বিভিন্ন ঠাইত লোকবাদ্য শিল্পীসকলে নিৰ্মাণ কৰা ঢোল, বাঁহী, তাল, পেঁপা, গগনা, টকা, সুতুলি আদি বিক্ৰী কৰিছে। 


উল্লেখযোগ্য যে এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়ত প্ৰতিগৰাকী অসমীয়াৰ মন আনন্দৰ মাজতো বিষাদেৰে ভৰি পৰিছে। বিহু বুলি ক'লেই বিহুৰ বতৰত প্ৰাণৰ শিল্পী জুবিন গার্গে কণ্ঠদান কৰা জানমণি-জোনবাই কেছেটৰ গীতবোৰে আকাশ-বতাহ মুখৰিত কৰি ৰাখে। অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে জুবিন গাৰ্গৰ এইসমূহ গীত এতিয়াও অহৰহ বাজিয়েই আছে যদিও প্রিয় শিল্পীগৰাকীক হেৰুওৱাৰ বেদনাই বিহুৰ বতৰত এক বিশাল শূন্যতাৰ সৃষ্টি কৰিছে। জুবিন গাৰ্গৰ অনুপস্থিতিৰ বেদনাৰ মাজতে ব'হাগ বিহুলৈ সাজু হৈছে শিল্পী, কলা-কুশলীসকলৰ লগতে বিহু উদযাপন সমিতিসমূহ। কিয়নো কণ্ঠশিল্পী, বাদ্যযন্ত্রী আৰু অন্যান্য সাংস্কৃতিক কর্মীসকলৰ বাবে বিহুৰ এই দিনকেইটাই উপাৰ্জনৰ মুখ্য সময়। সেয়ে জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাই বিষাদৰ মাজতেই একমাত্র জীৱিকাৰ স্বাৰ্থত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। 


আনহাতে, কেইবাখনো বিহু সন্মিলনে ইতিমধ্যে ৰঙালী বিহু অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰি কেৱল পতাকা উত্তোলন আৰু শ্রদ্ধাঞ্জলি কাৰ্যসূচীৰে সীমিতভাৱে বিহু পালন কৰাৰ সিদ্ধান্ত লৈছে। লক্ষণীয়ভাৱে এইবাৰো বিহু মঞ্চত অনুৰাগীয়ে দেখা নাপাব জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক। জুবিন গাৰ্গৰ অনুপস্থিতিৰ বেদনাৰ মাজতে পাপনেও কিছু ব্যক্তিগত ব্যস্ততাৰ বাবে এইবাৰ বিহুৰ কোনো অনুষ্ঠান পৰিৱেশন নকৰে বুলি ইতিমধ্যে জানিবলৈ দিছে। সেইদৰে আন এগৰাকী জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথে বিহুৰ বতৰত লৈছে এক বিশেষ সিদ্ধান্ত। 



জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাই এইবাৰ শিল্পীগৰাকীয়ে মঞ্চত বিনা পাৰিশ্রমিকেৰে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিছে। কেৱল কলা-কুশলী আৰু যাতায়াতৰ বাবেহে বিহু সমিতিয়ে তেওঁক মাননি দিব লাগিব। তেওঁ নিজে কোনোধৰণৰ মাননি নলয়। ইতিমধ্যে কেইবাখনো বিহুৰ বাবে নিমন্ত্রণ লাভ কৰা কৃষ্ণমণি নাথে এইবাৰ মঞ্চত এক ঘণ্টাৰ বাবেহে অনুষ্ঠান পৰিৱেশন কৰিব। এক ঘণ্টাৰ অনুষ্ঠানত তেওঁ 'ৰাংঢালী'ৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ জনপ্রিয় গীতসমূহ মঞ্চত পৰিৱেশন কৰিব। 


এইবাৰ বিহু মঞ্চত কণ্ঠশিল্পীসকলে তেওঁলোকৰ মাননি (ঠাই আৰু দূৰত্ব অনুসৰি বৃদ্ধি বা হ্রাস হ'ব পাৰে) ইতিমধ্যে নির্ধাৰণ কৰিছে। শিল্পীসকলৰ ভিতৰত নীল আকাশৰ ৬.৫০ লাখৰ পৰা ৭.৫০ লাখ টকা, দীক্ষু শৰ্মাৰ ৫-৬.৫০ লাখ টকা, শংকুৰাজ কোঁৱৰৰ ৬-৭.৫০ লাখ, কুসুম কৈলাশৰ ৫-৫.৫০ লাখ, ভৃগু কাশ্যপৰ ২.৫০-৪ লাখ, জিতুল সোণোৱালৰ ২.৫০-৪ লাখ, ৰাকেশ ৰিয়ানৰ ৩-৫ লাখ, বিপিন চাউদাঙৰ ৩-৪.৫০ লাখ, মণ্টুমণিৰ ২.৫০-৩.৫০ লাখ, দেৱজিৎ বৰাৰ ২.৫০-৩ লাখ, বাবু বৰুৱাৰ ২.৫০-৩ লাখ, মৌচম গগৈৰ ২-৩.৫০ লাখ, ৰূপম ভূঞাৰ ২-৩.৫০ লাখ, প্রবীণ বৰাৰ ৪.৫০-৫ লাখ, সান্নিধ্য ভূঞাৰ ২.৫০-৩ লাখ, পদ্মনাভ বৰদলৈৰ ১.৫০-৩.৫০ লাখ, তৰুণ তন্ময়ৰ ২-৩ লাখ আৰু প্ৰাণদ্বীপৰ মাননি ২-৩ লাখ টকাৰ ভিতৰত হ'ব বুলি জানিব পৰা গৈছে। 


তেনেদৰে পুৰুষ কণ্ঠশিল্পীসকলৰ সমানে মহিলা কণ্ঠশিল্পীসকলো বিহু মঞ্চৰ বাবে সাজু হৈছে। সেই অনুসৰি জুবলী বৰুৱাৰ ৫ লাখৰ পৰা ৬.৫০ লাখ টকা, দীপলিনা ডেকাৰ ৪.২০-৪.৫০ লাখ, দ্বীপান্বিতা ডেকাৰ ৩.৫০-৪ লাখ, সুবাসনা দত্তৰ ৩.৫০-৪.৫০ লাখ, নাহিদ আফ্ৰিনৰ ৩-৪.৫০ লাখ, ঋতৃষা শৰ্মাৰ ২.৫০-৩ লাখ, অলংকৃতা আৰু ৰূপাংকৃতাৰ ৩-৩.৫০ লাখ, ময়ূৰী দত্তৰ ২.৫০-৩.৫০ লাখ, ৰিছা ভৰদ্বাজৰ ২.৫০-৩ লাখ, মর্মিতা মিত্ৰৰ ৩-৩.৫০ লাখ টকা, ৰূপালী কাশ্যপে ২-৩ লাখ টকা মাননি ধাৰ্য কৰি বিহুত সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement