--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ ।

ডিজিটেল ডেস্কঃ অসমৰ চলচ্চিত্ৰ জগতৰ বাবে পুনৰ এক সুখবৰ। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিনেমা 'কানীন' আৰু 'অনুৰ'ৰ দৰে সফল ছবি উপহাৰ দিয়া বিশিষ্ট পৰিচালক মঞ্জুল বৰুৱাৰ শেহতীয়া চিনেমা 'ৰোমাণ্টিক এফেয়াৰ্ছ' (Romantic Affairs) ১৩ সংখ্যক দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ (IFFD) নিৰ্বাচিত হৈছে।



এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ ।


দেশ-বিদেশৰ শ্ৰেষ্ঠ ছবিসমূহৰ মাজত এই ছবিখনে ভাৰতীয় চিনেমা শিতানত প্ৰদৰ্শিত হোৱাৰ সুযোগ লাভ কৰিছে। ছবিখনে এতিয়া আন্তঃৰাষ্ট্ৰীয় দৰ্শক আৰু সমালোচকৰ সমুখত অসমীয়া চলচ্চিত্ৰৰ কলাত্মক দিশটো দাঙি ধৰিবলৈ সক্ষম হ’ব।




পৰিচালক মঞ্জুল বৰুৱাই সদায় মানৱীয় আৱেগ আৰু সম্পৰ্কৰ জটিলতাক অতি সূক্ষ্মভাৱে পৰ্দাত ফুটাই তোলে। 'ৰোমাণ্টিক এফেয়াৰ্ছ' নামটোৰ পৰাই জানিব পৰা মতে ই প্ৰেমৰ এক অন্য মাত্ৰাক উপস্থাপন কৰিব। 


উল্লেখ্য যে, মঞ্জুল বৰুৱাৰ এই ছবিখনে কেৱল এজন ব্যক্তিৰ প্ৰেমৰ কাহিনী নহয়, বৰঞ্চ সমাজৰ বিভিন্ন পৰিস্থিতিৰ মাজত গঢ় লৈ উঠা সম্পৰ্কসমূহৰ এক দাপোণ হিচাপে বিবেচিত হৈছে। এই সফলতাই এতিয়া ৰাজ্যখনৰ কলা-কুশলী তথা চলচ্চিত্ৰ প্ৰেমীসকলক যথেষ্ট আনন্দিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ