--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চহৰখনৰ এল
  • ভি
  • নগৰ অঞ্চলত এগৰাকী নৌসেনা কৰ্মীয়ে নিজৰ প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি ফ্ৰীজত লুকুৱাই ৰখাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা দিল্লীৰ 'শ্ৰদ্ধা ৱাকাৰ' হত্যাকাণ্ডৰ অনুৰূপ এক জঘন্য ঘটনা এইবাৰ পোহৰলৈ আহিছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত। 


চহৰখনৰ এল.ভি. নগৰ অঞ্চলত এগৰাকী নৌসেনা কৰ্মীয়ে নিজৰ প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি ফ্ৰীজত লুকুৱাই ৰখাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত ৩৫ বছৰীয়া চিন্তাড়া ৰবীন্দ্ৰ ভাৰতীয় নৌসেনাৰ এজন টেকনিচিয়ান। তেওঁৰ সৈতে ২৯ বছৰীয়া মনিকা নামৰ এগৰাকী যুৱতীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। দেওবাৰে ৰবীন্দ্ৰৰ পত্নী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি তেওঁ মনিকাক নিজৰ ফ্লেটলৈ মাতি আনে। তাত কোনো বিষয় লৈ দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হয় আৰু খঙৰ ভমকত ৰবীন্দ্ৰই এখন চোকা কটাৰীৰে মনিকাক হত্যা কৰে।



হত্যাকাণ্ডৰ পিছত ধৰা পৰাৰ ভয়ত ৰবীন্দ্ৰই অত্যন্ত নৃশংস পদ্ধতিৰে প্ৰমাণ নোহোৱা কৰাৰ চেষ্টা চলায় । তেওঁ মনিকাৰ মৃতদেহটো কেইবাটাও টুকুৰা কৰি পেলায়। মৃতদেহৰ কিছু অংশ তেওঁ ফ্লেটৰ ফ্ৰীজৰ ভিতৰত লুকুৱাই ৰাখে। মৃতদেহৰ মগজু আৰু যুৱতীগৰাকীৰ মোবাইল ফোনটো তেওঁ চহৰৰ বাহিৰৰ ধাৰাপালেম নামৰ এটা নিৰ্জন ঠাইত নি জ্বলাই দিয়ে।



ফ্লেটটোৰ পৰা তেজৰ চেকা নোহোৱা কৰিবলৈ তেওঁ সমগ্ৰ ঘৰটো পৰিষ্কাৰ কৰাৰ লগতে দুৰ্গন্ধ ৰোধ কৰিবলৈ প্ৰচুৰ পৰিমাণে 'ৰুম ফ্ৰেছনাৰ' ব্যৱহাৰ কৰে।




আৰক্ষীৰ জেৰাত অভিযুক্ত ৰবীন্দ্ৰই স্বীকাৰ কৰিছে যে লকডাউনৰ সময়ত এটা ডেটিং এপৰ জৰিয়তে তেওঁলোকৰ চিনাকি হৈছিল। ৰবীন্দ্ৰৰ অভিযোগ অনুসৰি, মনিকাই তেওঁক দীৰ্ঘদিন ধৰি ব্লেকমেইল কৰি আছিল। ইতিমধ্যে তেওঁ মনিকাক ৩.৫০ লাখ টকা দিছিল যদিও যুৱতীগৰাকীয়ে তেওঁৰ নৌসেনাৰ পৰিচয় পত্ৰ (ID Card) কাঢ়ি লৈ অধিক টকা দাবী কৰি আছিল, যাৰ বাবে তেওঁ চৰম মানসিক চাপত আছিল।




অপৰাধ সংঘটিত কৰাৰ পিছত ৰবীন্দ্ৰই তেওঁৰ এজন বন্ধুক ফোন কৰি সকলো কথা বিৱৰি কয়। বন্ধুজনৰ পৰামৰ্শ মৰ্মে তেওঁ গাজুৱাকা আৰক্ষী চকীত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ফ্লেটৰ পৰা মৃতদেহৰ অংগসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই পুনৰবাৰ সমাজত অপৰাধীৰ বিকৃত মানসিকতাৰ ভয়ংকৰ ছবিখন প্ৰতিফলিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু