--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চহৰখনৰ এল
  • ভি
  • নগৰ অঞ্চলত এগৰাকী নৌসেনা কৰ্মীয়ে নিজৰ প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি ফ্ৰীজত লুকুৱাই ৰখাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা দিল্লীৰ 'শ্ৰদ্ধা ৱাকাৰ' হত্যাকাণ্ডৰ অনুৰূপ এক জঘন্য ঘটনা এইবাৰ পোহৰলৈ আহিছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত। 


চহৰখনৰ এল.ভি. নগৰ অঞ্চলত এগৰাকী নৌসেনা কৰ্মীয়ে নিজৰ প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি ফ্ৰীজত লুকুৱাই ৰখাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত ৩৫ বছৰীয়া চিন্তাড়া ৰবীন্দ্ৰ ভাৰতীয় নৌসেনাৰ এজন টেকনিচিয়ান। তেওঁৰ সৈতে ২৯ বছৰীয়া মনিকা নামৰ এগৰাকী যুৱতীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। দেওবাৰে ৰবীন্দ্ৰৰ পত্নী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি তেওঁ মনিকাক নিজৰ ফ্লেটলৈ মাতি আনে। তাত কোনো বিষয় লৈ দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হয় আৰু খঙৰ ভমকত ৰবীন্দ্ৰই এখন চোকা কটাৰীৰে মনিকাক হত্যা কৰে।



হত্যাকাণ্ডৰ পিছত ধৰা পৰাৰ ভয়ত ৰবীন্দ্ৰই অত্যন্ত নৃশংস পদ্ধতিৰে প্ৰমাণ নোহোৱা কৰাৰ চেষ্টা চলায় । তেওঁ মনিকাৰ মৃতদেহটো কেইবাটাও টুকুৰা কৰি পেলায়। মৃতদেহৰ কিছু অংশ তেওঁ ফ্লেটৰ ফ্ৰীজৰ ভিতৰত লুকুৱাই ৰাখে। মৃতদেহৰ মগজু আৰু যুৱতীগৰাকীৰ মোবাইল ফোনটো তেওঁ চহৰৰ বাহিৰৰ ধাৰাপালেম নামৰ এটা নিৰ্জন ঠাইত নি জ্বলাই দিয়ে।



ফ্লেটটোৰ পৰা তেজৰ চেকা নোহোৱা কৰিবলৈ তেওঁ সমগ্ৰ ঘৰটো পৰিষ্কাৰ কৰাৰ লগতে দুৰ্গন্ধ ৰোধ কৰিবলৈ প্ৰচুৰ পৰিমাণে 'ৰুম ফ্ৰেছনাৰ' ব্যৱহাৰ কৰে।




আৰক্ষীৰ জেৰাত অভিযুক্ত ৰবীন্দ্ৰই স্বীকাৰ কৰিছে যে লকডাউনৰ সময়ত এটা ডেটিং এপৰ জৰিয়তে তেওঁলোকৰ চিনাকি হৈছিল। ৰবীন্দ্ৰৰ অভিযোগ অনুসৰি, মনিকাই তেওঁক দীৰ্ঘদিন ধৰি ব্লেকমেইল কৰি আছিল। ইতিমধ্যে তেওঁ মনিকাক ৩.৫০ লাখ টকা দিছিল যদিও যুৱতীগৰাকীয়ে তেওঁৰ নৌসেনাৰ পৰিচয় পত্ৰ (ID Card) কাঢ়ি লৈ অধিক টকা দাবী কৰি আছিল, যাৰ বাবে তেওঁ চৰম মানসিক চাপত আছিল।




অপৰাধ সংঘটিত কৰাৰ পিছত ৰবীন্দ্ৰই তেওঁৰ এজন বন্ধুক ফোন কৰি সকলো কথা বিৱৰি কয়। বন্ধুজনৰ পৰামৰ্শ মৰ্মে তেওঁ গাজুৱাকা আৰক্ষী চকীত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ফ্লেটৰ পৰা মৃতদেহৰ অংগসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই পুনৰবাৰ সমাজত অপৰাধীৰ বিকৃত মানসিকতাৰ ভয়ংকৰ ছবিখন প্ৰতিফলিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ