--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সেই অনুসৰি ৰাজ্যৰ বিত্ত বিভাগে পোন্ধৰ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা বাবে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।

ডিজিটেল ডেস্ক: যিমানে বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানে ৰাজ্য চৰকাৰখনে ঋণ লোৱা বৃদ্ধি কৰিছে। যোৱা জানৱাৰী মাহত তিনি হাজাৰ কোটি টকা ঋণ লোৱাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পুনৰ অহা তিনি ফেব্ৰুৱাৰীত এক হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। 


সেই অনুসৰি ৰাজ্যৰ বিত্ত বিভাগে পোন্ধৰ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা বাবে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। 


প্রণিধানযোগ্য যে নিৰ্বাচনৰ পূৰ্বে ইখনৰ পাছত সিখনকৈ নগদ ধন বিতৰণ কৰা হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলৈ বাধ্য হৈ পৰিছে। ভোটৰ অংকত ৰূপায়ণ কৰা এনে আঁচনিবোৰৰ বাবে নিৰ্বাচনৰ পূৰ্বে আৰু প্ৰায় তিনি হাজাৰ কোটি টকা ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ সম্ভাৱনা আছে। 


ইফালে, এনেদৰে প্ৰতিমাহে ঋণ লোৱাৰ ফলত সম্প্ৰতি ৰাজ্য চৰকাৰখনৰ ঋণৰ পৰিমাণ প্রায় ১ লাখ ৭৮ হাজাৰ কোটি টকাৰো অধিক হৈছেগৈ। ইফালে, এই বৃহৎ পৰিমাণৰ ঋণৰ বাবত প্ৰতিবছৰে ৰাজ্য চৰকাখনে সুদৰ নামতে ভৰিব লগীয়া হৈছে বৃহৎ অংকৰ ধন। তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে সুদৰ নামত ৮১৩৯ কোটি, ২০২৪-২৫ বিত্তীয় বর্ষত ৯৬৮৭ কোটি টকা ভৰিবলগীয়া হৈছে। 


আনহাতে, চলিত বিত্তীয় বৰ্ষত সুদৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ১০৯৮৭ কোটি টকা। সকলোতকৈ ডাঙৰ কথা যে এনেদৰে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনক ৰাজ্যৰ বিৰোধী দলবোৰে সমালোচনা কৰি আহিছে। আনকি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে। কিন্তু ভোটৰ অংকত ব্যস্ত ৰাজ্য চৰকাৰখনে ইয়াৰ পাছতো ঋণ লোৱাটো হ্রাস কৰা নাই। বৰঞ্চ ভোটৰ অংকত প্রতিমাহে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি কৰিহে গৈছে। যাৰ ফলত ৰাজ্যবাসী এতিয়া ডিঙিলৈকে ধাৰত পোত গৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ