--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সেই অনুসৰি ৰাজ্যৰ বিত্ত বিভাগে পোন্ধৰ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা বাবে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।

ডিজিটেল ডেস্ক: যিমানে বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানে ৰাজ্য চৰকাৰখনে ঋণ লোৱা বৃদ্ধি কৰিছে। যোৱা জানৱাৰী মাহত তিনি হাজাৰ কোটি টকা ঋণ লোৱাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পুনৰ অহা তিনি ফেব্ৰুৱাৰীত এক হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। 


সেই অনুসৰি ৰাজ্যৰ বিত্ত বিভাগে পোন্ধৰ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা বাবে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। 


প্রণিধানযোগ্য যে নিৰ্বাচনৰ পূৰ্বে ইখনৰ পাছত সিখনকৈ নগদ ধন বিতৰণ কৰা হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলৈ বাধ্য হৈ পৰিছে। ভোটৰ অংকত ৰূপায়ণ কৰা এনে আঁচনিবোৰৰ বাবে নিৰ্বাচনৰ পূৰ্বে আৰু প্ৰায় তিনি হাজাৰ কোটি টকা ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ সম্ভাৱনা আছে। 


ইফালে, এনেদৰে প্ৰতিমাহে ঋণ লোৱাৰ ফলত সম্প্ৰতি ৰাজ্য চৰকাৰখনৰ ঋণৰ পৰিমাণ প্রায় ১ লাখ ৭৮ হাজাৰ কোটি টকাৰো অধিক হৈছেগৈ। ইফালে, এই বৃহৎ পৰিমাণৰ ঋণৰ বাবত প্ৰতিবছৰে ৰাজ্য চৰকাখনে সুদৰ নামতে ভৰিব লগীয়া হৈছে বৃহৎ অংকৰ ধন। তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে সুদৰ নামত ৮১৩৯ কোটি, ২০২৪-২৫ বিত্তীয় বর্ষত ৯৬৮৭ কোটি টকা ভৰিবলগীয়া হৈছে। 


আনহাতে, চলিত বিত্তীয় বৰ্ষত সুদৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ১০৯৮৭ কোটি টকা। সকলোতকৈ ডাঙৰ কথা যে এনেদৰে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনক ৰাজ্যৰ বিৰোধী দলবোৰে সমালোচনা কৰি আহিছে। আনকি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে। কিন্তু ভোটৰ অংকত ব্যস্ত ৰাজ্য চৰকাৰখনে ইয়াৰ পাছতো ঋণ লোৱাটো হ্রাস কৰা নাই। বৰঞ্চ ভোটৰ অংকত প্রতিমাহে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি কৰিহে গৈছে। যাৰ ফলত ৰাজ্যবাসী এতিয়া ডিঙিলৈকে ধাৰত পোত গৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু