--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কাইলৈ ​​অৰ্থাৎ ১ ফেব্ৰুৱাৰীত দেশৰ সাধাৰণ বাজেট ২০২৬-২৭ দাখিল হ'ব।

ডিজিটেল ডেস্ক :কাইলৈ ​​অৰ্থাৎ ১ ফেব্ৰুৱাৰীত দেশৰ সাধাৰণ বাজেট ২০২৬-২৭ দাখিল হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে লোকসভাত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। আপুনি জানেনে ব্ৰিটিছ ভাৰতত কোনে প্ৰথম বাজেট দাখিল কৰিছিল আৰু এই শব্দৰ উৎপত্তি ক’ৰ পৰা হৈছিল।


ভাৰতৰ প্ৰথম বাজেট স্বাধীনতাৰ পিছত নহয়, ব্ৰিটিছ ৰাজৰ সময়ত দাখিল কৰা হৈছিল। ১৮৬০ চনৰ ৭ এপ্ৰিলত ব্ৰিটিছ চৰকাৰৰ বিত্তমন্ত্ৰী জেমছ উইলছনে ভাৰতৰ প্ৰথম বাজেট দাখিল কৰে। তেওঁ স্কটিছ অৰ্থনীতিবিদ আছিল আৰু ব্ৰিটিছ ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা সুশৃংখলিত কৰিবলৈ এই বাজেট প্ৰৱৰ্তন কৰা হৈছিল। স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথমখন সাধাৰণ বাজেট ১৯৪৭ চনৰ ২৬ নৱেম্বৰত দাখিল কৰা হয়।এই বাজেটখন সংসদত দাখিল কৰে দেশৰ প্ৰথম বিত্তমন্ত্ৰী আৰ কে শনমুখন চেট্টীয়ে। পিছত ১৯৪৮ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰথম বাৰ্ষিক বাজেট দাখিল কৰা হয়।


বাজেট শব্দটো ফৰাচী শব্দ bougette ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে এটা সৰু চামৰাৰ বেগ। প্ৰাচীন কালত এই বেগটো অতি উপযোগী বুলি গণ্য কৰা হৈছিল কাৰণ মানুহে ইয়াত গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু ধন ৰাখে। ব্ৰিটেইনত চৰকাৰে ৰাষ্ট্ৰীয় হিচাপ-নিকাচ দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীয়ে তেওঁৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ সৰু চামৰাৰ বেগত সংসদলৈ লৈ আহিছিল। এই বেগটোৰ নাম আছিল Bougette। লাহে লাহে মানুহে বেগটোৰ নামটো চৰকাৰৰ ব্যয় আৰু ৰাজহ পৰিকল্পনাৰ লগত জড়িত কৰিলে। পৰৱৰ্তী সময়ত যেতিয়া মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় হিচাপ দাখিল কৰিবলৈ বেগটো খুলিলে, তেতিয়াই বাজেট খুলি দিয়া বুলি কোৱা হ’ল। এইদৰেই বাজেট শব্দটোৰ উৎপত্তি হৈছিল।


বহু দশক ধৰি বাজেট দাখিলৰ তাৰিখ আৰু সময় নিৰ্দিষ্ট হৈ থাকিল। ১৯৯৯ চনলৈকে ফেব্ৰুৱাৰী মাহৰ অন্তিম কৰ্মদিনত সন্ধিয়া ৫ বজাত বাজেট দাখিল কৰা হৈছিল। এই পৰম্পৰা ব্ৰিটিছ যুগৰ পৰাই চলি আছিল। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত তেতিয়াৰ বিত্তমন্ত্ৰী যশৱন্ত সিনহাই পুৱা ১১ বজালৈ সলনি কৰিছিল। তেতিয়াৰ পৰাই পুৱা বাজেট দাখিল কৰা হয়। বাজেট ভাষণৰ দৈৰ্ঘ্যও আলোচনাৰ বিষয় হৈ পৰিছে। শব্দৰ ফালৰ পৰা আটাইতকৈ দীঘলীয়া বাজেট ভাষণ ১৯৯১ চনত ড০ মনমোহন সিঙে দিছিল, য’ত ১৮,৬০৪ শব্দৰ ভাষণ আছিল। সময়ৰ হিচাপত সৰ্বাধিক দীঘলীয়া ভাষণ প্ৰদান কৰে ২০২০-২১ বাজেটত ২ ঘন্টা ৪২ মিনিটৰ নিৰ্মলা সীতাৰমণে। ইয়াৰ বিপৰীতে আটাইতকৈ চুটি বাজেট ভাষণ ১৯৭৭ চনত বিত্তমন্ত্ৰী হিৰুভাই মুলজিভাই পেটেলে মাত্ৰ ৮০০ শব্দৰে প্ৰদান কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু