--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা ২৫ মার্চত প্রকাশ কৰা মার্কিন কংগ্ৰেছৰ এখন প্রতিবেদনে উদঙাই দিছে সেই সত্য, যি সত্য পাকিস্তানে একেৰাহে নাকচ কৰিবলৈ চেষ্টা কৰি আহিছে।

ডিজিটেল ডেস্ক : সন্ত্রাসবাদীৰ পৃষ্ঠপোষক তথা সন্ত্রাসবাদ ৰপ্তানিকাৰীৰূপে পাকিস্তানৰ দীর্ঘদিনীয়া ভূমিকা পুনৰ উন্মোচিত হৈছে। এই উন্মোচন কৰিছে আমেৰিকাৰ সংসদে (মার্কিন কংগ্ৰেছ)। 


যোৱা ২৫ মার্চত প্রকাশ কৰা মার্কিন কংগ্ৰেছৰ এখন প্রতিবেদনে উদঙাই দিছে সেই সত্য, যি সত্য পাকিস্তানে একেৰাহে নাকচ কৰিবলৈ চেষ্টা কৰি আহিছে। সেই সত্য হৈছে- বিশ্বৰ আটাইতকৈ বিপজ্জনক সন্ত্রাসবাদী সংগঠনবোৰৰ নিৰাপদ আশ্ৰয় হৈ আছে পাকিস্তান। 


উক্ত প্রতিবেদনৰ মতে, পাকিস্তানৰ মাটিৰ পৰা বর্তমান ১৪টা সন্ত্রাসবাদী সংগঠনে সন্ত্রাসবাদী কাম-কাজ চলাই আছে। এইবোৰৰ ভিতৰত আছে আল-কায়দা, আল-কায়দা ইন ইণ্ডিয়ান ছাবকন্টিনেন্ট আৰু ইছলামিক ষ্টেট খোৰাচান (আই এছ কে পি)ৰ দৰে বিশ্বব্যাপী সন্ত্রাসবাদী সংগঠনৰ লগতে ভাৰত-কেন্দ্রিক হিজবুল মুজাহিদীন, জৈছ-এ-মহম্মদ (জে ই এম) আৰু লস্কৰ-এ-তৈয়বা (এল ই টি)। প্রতিবেদনত প্রকাশ পাইছে যে কেৱল আই এছ কে পিৰে ৪০০০-৬০০০ সন্ত্রাসবাদী পাকিস্তান আৰু আফগানিস্তানত সক্রিয় হৈ আছে। 



ইয়াৰ উপৰি আল-কায়দাৰ সদস্যই অভিযানৰ বাবে পাকিস্তানৰ ভূমি ব্যৱহাৰ কৰাও অব্যাহত ৰাখিছে। পাকিস্তানে সন্ত্রাসবাদীৰ আন্তঃগাঁথনি ভাঙি পেলাইছে আৰু জে ই এম তথা এল ই টিক নিষিদ্ধ কৰিছে বুলি যোৱা বছৰ, বিশেষকৈ অপাৰেশ্যন সেন্দূৰৰ পাছত বাৰে বাৰে কৰা দাবীৰ এই প্রতিবেদন সম্পূর্ণ বিপৰীত। মার্কিন কংগ্ৰেছৰ প্রতিবেদনে পাকিস্তানৰ এই মিথ্যাচাৰ উদঙাই দিছে। এই প্রতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে এতিয়াও পাকিস্তানত লস্কৰৰ সহস্ৰাধিক আৰু জৈছৰ অৰ্ধ সহস্রাধিক সদস্য সক্রিয় হৈ আছে। ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈ হিজবুল মুজাহিদীনৰ প্ৰায় ১,৫০০ সদস্যই পাকিস্তানত কাম কৰি আছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ