--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা ২৫ মার্চত প্রকাশ কৰা মার্কিন কংগ্ৰেছৰ এখন প্রতিবেদনে উদঙাই দিছে সেই সত্য, যি সত্য পাকিস্তানে একেৰাহে নাকচ কৰিবলৈ চেষ্টা কৰি আহিছে।

ডিজিটেল ডেস্ক : সন্ত্রাসবাদীৰ পৃষ্ঠপোষক তথা সন্ত্রাসবাদ ৰপ্তানিকাৰীৰূপে পাকিস্তানৰ দীর্ঘদিনীয়া ভূমিকা পুনৰ উন্মোচিত হৈছে। এই উন্মোচন কৰিছে আমেৰিকাৰ সংসদে (মার্কিন কংগ্ৰেছ)। 


যোৱা ২৫ মার্চত প্রকাশ কৰা মার্কিন কংগ্ৰেছৰ এখন প্রতিবেদনে উদঙাই দিছে সেই সত্য, যি সত্য পাকিস্তানে একেৰাহে নাকচ কৰিবলৈ চেষ্টা কৰি আহিছে। সেই সত্য হৈছে- বিশ্বৰ আটাইতকৈ বিপজ্জনক সন্ত্রাসবাদী সংগঠনবোৰৰ নিৰাপদ আশ্ৰয় হৈ আছে পাকিস্তান। 


উক্ত প্রতিবেদনৰ মতে, পাকিস্তানৰ মাটিৰ পৰা বর্তমান ১৪টা সন্ত্রাসবাদী সংগঠনে সন্ত্রাসবাদী কাম-কাজ চলাই আছে। এইবোৰৰ ভিতৰত আছে আল-কায়দা, আল-কায়দা ইন ইণ্ডিয়ান ছাবকন্টিনেন্ট আৰু ইছলামিক ষ্টেট খোৰাচান (আই এছ কে পি)ৰ দৰে বিশ্বব্যাপী সন্ত্রাসবাদী সংগঠনৰ লগতে ভাৰত-কেন্দ্রিক হিজবুল মুজাহিদীন, জৈছ-এ-মহম্মদ (জে ই এম) আৰু লস্কৰ-এ-তৈয়বা (এল ই টি)। প্রতিবেদনত প্রকাশ পাইছে যে কেৱল আই এছ কে পিৰে ৪০০০-৬০০০ সন্ত্রাসবাদী পাকিস্তান আৰু আফগানিস্তানত সক্রিয় হৈ আছে। 



ইয়াৰ উপৰি আল-কায়দাৰ সদস্যই অভিযানৰ বাবে পাকিস্তানৰ ভূমি ব্যৱহাৰ কৰাও অব্যাহত ৰাখিছে। পাকিস্তানে সন্ত্রাসবাদীৰ আন্তঃগাঁথনি ভাঙি পেলাইছে আৰু জে ই এম তথা এল ই টিক নিষিদ্ধ কৰিছে বুলি যোৱা বছৰ, বিশেষকৈ অপাৰেশ্যন সেন্দূৰৰ পাছত বাৰে বাৰে কৰা দাবীৰ এই প্রতিবেদন সম্পূর্ণ বিপৰীত। মার্কিন কংগ্ৰেছৰ প্রতিবেদনে পাকিস্তানৰ এই মিথ্যাচাৰ উদঙাই দিছে। এই প্রতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে এতিয়াও পাকিস্তানত লস্কৰৰ সহস্ৰাধিক আৰু জৈছৰ অৰ্ধ সহস্রাধিক সদস্য সক্রিয় হৈ আছে। ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈ হিজবুল মুজাহিদীনৰ প্ৰায় ১,৫০০ সদস্যই পাকিস্তানত কাম কৰি আছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু