--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত স্পষ্ট কৰি দিয়ে যে সংকটৰ সময়ত কিছুমান অসাধু চক্ৰই দেশৰ অভ্যন্তৰত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে।

ডিজিটেল ডেস্কঃ শেহতীয়া গোলকীয় অস্থিৰতা আৰু পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এক গুৰুত্বপূৰ্ণ সম্বোধন আগবঢ়ায়। বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিয়পি পৰা উৰাবাতৰি আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে দেশবাসীক সজাগ হ’বলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে।


প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত স্পষ্ট কৰি দিয়ে যে সংকটৰ সময়ত কিছুমান অসাধু চক্ৰই দেশৰ অভ্যন্তৰত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। বিশেষকৈ খাদ্য সামগ্ৰী, ইন্ধন আৰু নিত্য ব্যৱহাৰ্য বস্তুৰ নাটনি হ’ব বুলি যি ধৰণৰ অপপ্ৰচাৰ চলিছে, সেইবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন। তেওঁ দেশবাসীক কোনো ধৰণৰ আতংকিত ক্ৰয় নকৰিবলৈ অনুৰোধ জনায়।


প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আশ্বস্ত কৰি কয় যে ভাৰত চৰকাৰে ইন্ধন আৰু খাদ্য শস্যৰ পৰ্যাপ্ত মজুত সুনিশ্চিত কৰিছে। গোলকীয় বজাৰত অপৰিশোধিত তেলৰ মূল্যৰ উঠা-নমাৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে যাতে ইয়াৰ প্ৰভাৱ সাধাৰণ জনতাৰ ওপৰত নপৰে। কোনো ব্যক্তিয়ে যদি সংকটৰ সুযোগ লৈ সামগ্ৰীৰ ক’লা-বজাৰ বা দৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "দেশৰ প্ৰতিজন নাগৰিক একো একোজন সৈনিক। আমি কেৱল যুদ্ধক্ষেত্ৰতে নহয়, উৰাবাতৰিৰ বিৰুদ্ধেও যুঁজ দিব লাগিব।" তেওঁ জনসাধাৰণক যিকোনো খবৰ বিশ্বাস কৰাৰ আগতে তাৰ সত্যতা চৰকাৰী মাধ্যমৰ জৰিয়তে পৰীক্ষা কৰি ল’বলৈ আহ্বান জনায়।


তেওঁ আগলৈ কয়, "আমি ধৰ্য্যশীল আৰু একগোট হৈ থাকিলে যিকোনো গোলকীয় প্ৰত্যাহ্বান নেওচিব পাৰিম। উৰাবাতৰিক প্ৰশ্ৰয় নিদি দেশৰ ঐক্য বজাই ৰখাটোৱে আমাৰ প্ৰাথমিক কৰ্তব্য।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু