--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখিত নিষেধাজ্ঞা উলংঘা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰানত আক্রমণ অব্যাহত ৰাখিছে যদিও ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানে যুদ্ধ বন্ধ কৰাৰ আহ্বানৰ বাদে আন একোৱেই কৰিব পৰা নাই।

ডিজিটেল ডেস্ক : বিশ্বত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰি শান্তি স্থাপনৰ উদ্দেশ্যে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছতেই গঠন হৈছিল বাষ্ট্রসংঘ। কিন্তু আমেৰিকাৰ দৰে যুদ্ধবাজ দেশৰ মইমতালিৰ বাবে বিশ্বৰ অভিভাৱক সংস্থাটো লক্ষ্যত উপনীত হোৱাত বিফল হ'ব লগা হৈছে।



ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখিত নিষেধাজ্ঞা উলংঘা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰানত আক্রমণ অব্যাহত ৰাখিছে যদিও ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানে যুদ্ধ বন্ধ কৰাৰ আহ্বানৰ বাদে আন একোৱেই কৰিব পৰা নাই। ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা মতে, কোনোধৰণৰ বৈধ আইনী ন্যায্যতা আৰু কোনো উচটনি নোহোৱাকৈ এখন দেশে আন এখন দেশক আক্রমণ কৰিব নোৱাৰিব। ইফালে, ইৰানৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্রশাসনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পৰাও কোনো অনুমতি লোৱা নাছিল। ট্রাম্প প্রশাসনে দাবী কৰি আহিছে যে ইৰানে দেশখনৰ মিছাইল আৰু পাৰমাণৱিক কাৰ্যসূচীৰে আমেৰিকালৈ ভাবুকি কঢ়িয়াই আনিছিল। কিন্তু ৰাষ্ট্ৰসংঘৰ চনদত কোনোধৰণৰ উচটনি বা প্ৰৰোচনা নোহোৱাকৈ কোনো দেশে যুদ্ধ আৰম্ভ কৰাটোত নিষেধাজ্ঞা জাৰি কৰা আছিল। ইয়াৰ পাছতো আমেৰিকা আৰু ইজবাইলে ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰি ইৰানৰে যুদ্ধ ঘোষণা কৰিলে।



ইয়াৰ পূর্বে সৌ-সিদিনা আমেৰিকাই ভেনিজুবৱেলাত আক্রমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতিক বন্দী কৰি আমেৰিকালৈ লৈ গৈছিল। এনেদৰেই ৰাষ্ট্ৰসংঘৰ শান্তি স্থাপনৰ উদ্দেশ্যক ভৰিৰে মোহাৰি পেলাইছে আমেৰিকাই। কিন্তু প্রায় হাত সাবটি বহি থকাৰ দবে অৱস্থা হৈছে ৰাষ্ট্ৰসংঘৰ। বিশ্বৰ অভিভাৱক সংস্থাটোৰ সচিবপ্রধান এন্টনিঅ' গুটেৰেছে ২৮ ফেব্ৰুৱাৰীত এক্সযোগে আমেৰিকা আৰু ইজৰাইলে মধ্য প্রাচ্যত আৰম্ভ কৰা যুদ্ধখনক গৰিহণা দি বিশ্বশান্তি আৰু নিৰাপত্তা বিঘ্নিত কৰিব পৰা এই যুদ্ধ শীঘ্ৰে বন্ধ কৰাৰ বাবে কঠোৰ আহ্বান জনাইছিল। কিন্তু যুদ্ধবাজ ড'নাল্ড ট্রাম্প আৰু নেটান্যাহুরে গুটেৰেছৰ আহ্বানক তিলমানো গুৰুত্ব নিদিলে। এনে পর্যায় পাইছেগৈ যে ৰাষ্ট্ৰসংঘই মধ্য প্ৰাচ্যৰ যুদ্ধ বন্ধ কৰিব নোৱাৰাত ইৰানে এই যুদ্ধ বন্ধ কৰাৰ ব্যৱস্থা গ্রহণৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক আহ্বান জনাব লগা হৈছে। ইৰানৰ বিদেশ মন্ত্র্যালয়ে মঙলবাৰে ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস ৰাখি নিৰাপত্তা পৰিষদেহে এই যুদ্ধ বন্ধ কৰিব পাৰিব বুলি প্রকাশ কৰিছে।



নিৰাপত্তা পৰিষদে যুদ্ধৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰাটো তেওঁলোকৰ দায়িত্ব বুলিও ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ইছমাইল বাকায়ে প্রকাশ কৰে। ইফালে, বাষ্ট্রসংঘত ইৰানৰ ৰাষ্ট্রদূত আলী বাহৰেইনিয়ে ইৰানত আক্রমণ সংঘটিত কৰাৰ বাবে মঙলবাৰে আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে আমি যুদ্ধ বিচৰা নাছিলোঁ। কিন্তু আমাৰ ওপৰত যুদ্ধ জাপি দিয়া হৈছে। ইফালে, চলিত মার্চত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাৰ্যসূচীত (প্র'গ্রেম অব্ বর্ক) বাছিয়া আৰু চীনে ভেটো প্রদান কৰি আমেৰিকাক বাধাগ্রস্ত কৰে। কাৰণ এই কাৰ্যসূচীত ইৰানৰে যুদ্ধৰ বিষয়টোও সন্নিৱিষ্ট আছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ