--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মার্কিন সংবাদ প্রতিষ্ঠান 'ৱাশ্বিংটন প'ষ্ট'ত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি ইৰানৰ বিমান আক্ৰমণত মধ্য প্রাচ্যত থকা আমেৰিকাৰ কমেও ১৫টা সামৰিক ঘাটিৰ ২২৮টা বিভিন্ন আন্তঃগাঁথনি ধ্বংস হয়।

ডিজিটেল ডেস্ক : ইৰানৰ আক্ৰমণত মধ্য প্রাচ্যত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ল আমেৰিকা। মার্কিন প্রশাসনে যোৱা এমাহে বিশ্বৰ সন্মুখৰ পৰা এই তথ্য লুকুৱাই ৰাখিছিল যদিও শেহতীয়াকৈ উপগ্ৰহৰ জৰিয়তে লোৱা ছবিয়ে ক্ষয়-ক্ষতিৰ বিস্তৃত তথ্য পোহৰলৈ আনিছে। 


মার্কিন সংবাদ প্রতিষ্ঠান 'ৱাশ্বিংটন প'ষ্ট'ত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি ইৰানৰ বিমান আক্ৰমণত মধ্য প্রাচ্যত থকা আমেৰিকাৰ কমেও ১৫টা সামৰিক ঘাটিৰ ২২৮টা বিভিন্ন আন্তঃগাঁথনি ধ্বংস হয়। 


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পূৰ্বে ইৰানে ক্ষেপণাস্ত্র আক্রমণেৰে কুৱেইট, কাটাৰ বাহৰেইন, ছৌডি আৰবিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আদি দেশত থকা মার্কিন সামৰিক ঘাটিত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। 


ইৰানৰ অহৰহ ক্ষেপণাস্ত্র আক্রমণত বহু সামৰিক শিবিৰ, সামৰিক আন্তঃগাঁথনি অস্ত্র-শস্ত্র ধ্বংস হোৱাত মার্কিন সেনাই বিভিন্ন চৰকাৰী কাৰ্যালয়, হোটেল, গেষ্ট হাউছত আশ্রয় ল'ব লগা হৈছিল। কিন্তু মার্কিন প্রশাসনে এই বৃহৎ লোকচানৰ তথ্য লুকুৱাই সামান্য ক্ষতিৰ তথ্যহে প্ৰকাশ কৰিছিল। 


ইৰানী কর্তৃপক্ষই শেহতীয়াকৈ এই আক্রমণসমূহৰ উপগ্ৰহৰ জৰিয়তে লোৱা ছবি প্ৰকাশ কৰাত গোমৰ ফাঁক ওলাই পৰিছে। ইৰানৰ আক্ৰমণত মার্কিন সামৰিক শিবিৰসমূহৰ বেৰেক, ইন্ধন ডিপ'ট, যুঁজাৰু বিমান, কৌশলগত ৰাডাৰ, যোগাযোগ ব্যৱস্থা, এয়াৰ ডিফেন্স ছিষ্টেম সম্পূর্ণরূপে ধ্বংস হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ