--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্ব কাপৰ টিকটৰ পৰা গাড়ী পার্কিঙলৈকে সকলোৰে বাবে ফুটবল প্রেমীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ ধন।

ডিজিটেল ডেস্ক: এসময়ত বিশ্বৰ আটাইতকৈ সৰ্বসাধাৰণৰ হৈ ক্রীড়া মহোৎসৱ ৰূপে পৰিচিত ফিফা বিশ্ব কাপ এতিয়া হৈ পৰিছে এক বিলাসী খেল। এতিয়া ধনাঢ্য লোকৰ বাবে লোকেহে বিশ্ব কাপৰ খেল উপভোগ কৰিব পাৰিব। 


ইয়াৰ কাৰণ হ'ল বিশ্ব কাপৰ টিকটৰ পৰা গাড়ী পার্কিঙলৈকে সকলোৰে বাবে ফুটবল প্রেমীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ ধন। সেই দিশৰ পৰা এইবাৰৰ বিশ্ব কাপৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল প্রতিযোগিতাৰূপে পৰিগণিত হৈছে। 


বিশ্ব কাপৰ একেবাৰে সাধাৰণ শ্ৰেণীৰ এটা টিকটৰ দাম নির্ধাৰণ কৰা হৈছে ১৪০ ডলাৰ অর্থাৎ ১৩ হাজাৰতকৈ অধিক টকা। এনে অৱস্থাত অতি চহকী লোকসকলেহে এইবাৰৰ স্টেডিয়ানত বহি খেল চাব পাৰিব। সৰ্বসাধাৰণৰ বাবে বৰ সহজ নহ'ব বিশ্ব কাপৰ ষ্টেডিয়ামত প্রৱেশ কৰি খেল চোৱাতো। কেৱল মেচৰ টিকটেই নহয়, ফুটবল প্রেমীয়ে গাড়ী পার্কিং কৰাৰ বাবে স্থান উলিওৱাটো কষ্টকৰ হোৱাৰ লগতে ইয়াৰ বাবে ভৰিব লাগিব বৃহৎ পৰিমাণৰ ধন। গাড়ী পার্কিঙৰ পাছৰ বাবে ভৰিব লাগিব আই পি এৰ প্রায় ৯ গুণ ধন। 


উল্লেখযোগ্য যে ইয়াৰ আগতে ২০২২ চনৰ কাটাৰ বিশ্ব কাপত খেল অনুষ্ঠিত হোৱা বিভিন্ন মহানগৰৰ মাজত ৰাজহুৱা পৰিবহণ ব্যৱস্থা একেবাবে সুলভ আছিল আৰু সেয়েহে ফুটবল প্রেমীয়ে ইয়াৰ সুযোগ লৈ যিকোনো ষ্টেডিয়ামলৈ সহজে যাব পৰিছিল। কিন্তু এইবাৰৰ বিশ্ব কাপৰ খেলৰ আয়োজন কৰা মহানগৰসমূহ বিশেষকৈ আমেৰিকাৰ স্থানসমূহৰ পৰস্পৰৰ মাজত পৰিবহণ ব্যৱস্থা বৰ সুচল নহয়। 


সেয়েহে ফুটবল প্রেমীসকলে এইবাৰ ব্যক্তিগত বাহনৰ ওপৰত অধিক নির্ভৰশীল হ'ব লাগিব। কিন্তু গাড়ী ৰখোৱাৰ স্থান সীমিত হোৱাৰ বাবে ইয়াৰ বাবত দিবলগীয়া মাচুলো মাত্রাধিক হ'ব। কেলিফর্নিয়াৰ ছফি ষ্টেডিয়ামত বিশ্ব কাপৰ ৮খন মেচ অনুষ্ঠিত হ'ব। এই ষ্টেডিয়ামখত খেল চাবলৈ যোৱা ফুটবল প্রেমীয়ে গাড়ী পাকিঙৰ পাছৰ বাবে ভৰিব লাগিব প্রায় ৩০০ ডলাৰ অর্থাৎ প্রায় ২৮ হাজাৰ টকা। কেৱল সিমানেই নহয়, বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থা ফিফাই নির্ধাৰণ কৰা টিকটৰ মূল্য অনুসৰি বিশ্ব কাপৰ আটাইতকৈ দামী অর্থাৎ প্রথম শ্ৰেণীৰ টিকটৰ বাবত ভৰিব লাগিব ১০,৯৯০ ডলাৰ অৰ্থাৎ প্রায় ১০,১৯,২০১২ টকা। 


আনহাতে, সাধাৰণ শ্ৰেণীৰ এটা টিকটৰ দাম নির্ধাৰণ কৰা হৈছে প্রায় ১৪০ ডলাৰ অৰ্থাৎ প্রায় ১২,৯৮৩ টকা। উল্লেখযোগ্য যে কেইদিনমান বিৰতিৰ পাছত বিশ্ব কাপত অংশগ্রহণ কৰিবলগীয়া ৪৮টা দলৰ কেউটা দল নিশ্চিত হোৱাৰ পাছত ফিফাই যোৱা ১ এপ্রিলৰ পৰা টিকটৰ বিক্ৰী পুনৰ আৰম্ভ কৰে। 


উল্লেখযোগ্য যে বিশ্ব কাপৰ টিকটৰ দাম বৃদ্ধি এয়াই প্রথম নহয়। ইয়াৰ আগতে যোৱা ডিচেম্বৰত প্ৰতিযোগিতাৰ খেলৰ সূচী প্রকাশ কৰাৰ পাছত প্রথম শ্ৰেণীৰ টিকটৰ দাম ৮,৬৮০ ডলাৰলৈ অর্থাৎ ৮,০৪,৯৮২ টকালৈ বৃদ্ধি পাইছিল। আনহাতে, কিছুমান মেচৰ টিকটৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত দামো বৃদ্ধি পায়। পর্তুগাল আৰু কলম্বিয়াৰ মেচখনৰ প্ৰতি দর্শকৰ আগ্রহ বেছি হোৱাৰ ফলত এই মেচখনৰ টিকটৰ দাম ২০ হাজাৰ ডলাৰৰ অৰ্থাৎ ১৮,৫৪,৭৯৯ টকাৰ অধিক হৈছে। 


ইফালে মেটলাইফ ষ্টেডিয়ামত অহা ১৯ জুলাইত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ দ্বিতীয় শ্ৰেণীৰ টিকটৰ দাম ৫,৫৭৫ ডলাৰৰ পৰা অৰ্থাৎ ৫,১৭,০২৫ টকাৰ পৰা ৭,৩৮০ ডলাৰ অৰ্থাৎ প্রায় ৬.৮৪ লাখ টকালৈ বৃদ্ধি পায়। আনহাতে, তৃতীয় শ্ৰেণীৰ টিকটৰ দাম ৪,১৮৫ ডলাৰৰ পৰা (৩.৮৮ লাখ টকা) ৫,৭৮৫ ডলাৰলৈ (প্রায় ৫.৩৬ লাখ টকালৈ) বৃদ্ধি পায়। 


এইবাৰৰ বিশ্ব কাপৰ টিকটৰ দামৰ পৰা পার্কিং মাচুলৈকে মূল্য বিশ্বৰ আনসকলো ক্রীড়া প্রতিযোগিতাতকৈ সর্বাধিক হৈছে। এইবাৰ বিশ্ব কাপৰ ফাইনেলব প্ৰথম শ্ৰেণীৰ টিকটৰ দাম টি-২০ বিশ্ব কাপৰ হস্পিটেলিটা টিকটৰ দামৰ প্ৰায় ১৩ গুণ, ইউৰ' কাপৰ ফাইনেলৰ টিকটৰ দহ গুণ আৰু উইম্বলডনৰ আটাইতকৈ বিলাসী টিকটৰ প্রায় ২৬ গুণ অধিক। আনহাতে, বিশ্ব কাপৰ খেল অনুষ্ঠিত হোৱা আমেৰিকাৰ ষ্টেডিয়ামসমৃত গাড়ী পার্কিঙৰ মাচুল গড় হিচাপক ১৭৫ ডলাৰ অর্থাৎ প্রায় ১৬.২৩ হাজাৰ টকা হ'ব। 


মেট লাইফ ষ্টেডিয়ামত গ্রুপ পর্যায়ৰ খেল চোৱাৰ বাবে ফুটবল প্রেমীয়ে আনকি ২২৫ ডলাৰ অৰ্থাৎ প্রায় ২০ হাজাৰ টকা ভৰিব লাগিব। বিশ্ব কাপৰ সময়ত পৰিবহণ ব্যয়ো বৃদ্ধি পাব বুলি কোৱা হৈছে। সেই সময়ত বষ্টন মহানগৰীৰ কেন্দ্ৰৰ পৰা বিশ্ব কাপৰ সাতখন মেচ অনুষ্ঠিত হ'বলগীয়া জিলেট ষ্টেডিয়ামলৈ ২৭ মাইল পথ যোৱাৰ বাবে ৭৫ ডলাৰ ভৰিব লাগিব। স্বাভাৱিক অৱস্থাত ইয়াৰ বাবে দিব লগা হয় মাত্র ২০ ডলাৰ ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
১১ এপ্ৰিলত বুধে প্ৰৱেশ কৰিব মীন ৰাশিত; ৩ ৰাশিৰ জাতক-জাতিকাৰ উজলিব ভাগ্য
কাইলৈ নিৰ্বাচন; ভোটাৰ পৰিচয় পত্ৰ নাথাকিলে আন কি কি নথি দেখুৱাই দিব পাৰিব ভোট?
আৰ্জেণ্টিনা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা হকী দল ঘোষণা: ছালিমা টেটেলৈ অধিনায়কত্বৰ দায়িত্ব
পুনৰ জ্বলিছে মণিপুৰ;বিষ্ণুপুৰত উগ্ৰপন্থীৰ ৰকেট আক্ৰমণত সেনা-জোৱানৰ দুই সন্তান নিহত, পত্নী আহত
হৰমুজ প্ৰণালীত টোল কৰ আৰোপৰ পৰিকল্পনা: বিশ্বৰ তৈল বজাৰত হাহাকাৰৰ সম্ভাৱনা
নিশা ১ৰ পৰা ৩ বজাৰ ভিতৰত সদায় প্ৰস্ৰাৱ লগাটো নহয় স্বাভাৱিক
আদালতত আৰু হাজিৰ হ’ব নালাগে বলিউডৰ ভইজান; পান মছলা বিবাদত ছলমান খানক সকাহ দিলে উচ্চ ন্যায়ালয়ে
আই পি এলত চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ হেটত্রিক, উদ্ধাৰ অভিযানত নামিব ধোনি