--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • 'মেন অফ গ'ল্ডেন বুট' হিচাপে জনাজাত আছিল চাংমা। ভাৰতৰ হৈ তেওঁ বিদেশতো নিজৰ ভৰিৰ যাদু দেখুৱাইছিলে।




ডিজিটেল ডেস্ক: অসমৰ প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান। মহানগৰীৰ কাহিলীপাৰ দশম অসম আৰক্ষী বাহিনীৰ চৌহদত বাস কৰিছিল প্ৰাক্তন ফুটবলাৰ গিলবাৰ্টছন চাংমা।


বিগত কিছু দিনৰ পৰা অসুস্থ আছিল প্ৰাক্তন ফুটবলাৰগৰাকী। প্ৰায় ৭৪ বছৰ বয়সত মৃত্যু ফুটবলাৰগৰাকীৰ।


আজি পুৱা ৭:৩০ বজাত তেওঁৰ নিজা বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে ফুটবল খেলুৱৈ গৰাকী। ২০২২ চনৰ পৰা স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত আছিল।


'মেন অফ গ'ল্ডেন বুট' হিচাপে জনাজাত আছিল চাংমা। ভাৰতৰ হৈ তেওঁ বিদেশতো নিজৰ ভৰিৰ যাদু দেখুৱাইছিলে।


আৰক্ষীত কৰ্মৰত হৈও তেওঁ খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।


তেওঁৰ মৃত্যু অফুৰন্ত ক্ষতি বুলি জনায় সতীৰ্থই। খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ লগতে অনেক গুণমুগ্ধ সকল।


খেলুৱৈগৰাকীৰ পাৰ্থিৱ শৰীৰ আজি নিজৰ বাসগৃহত ৰাখিব। খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়মৰ মাজৰে জনোৱা হব শেষ বিদায়।


কাইলৈ আডিংগিৰী পাহাৰত থকা চাংমাৰ নিজা মাটিত জনোৱা হব শেষবিদায়। চাংমাৰ পৰিয়াল লোক সকল বহু দূৰ- দূৰণিৰ আহিব সেই বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ওচৰ চুবুৰীয়াই। 


উল্লেখ্য যে দশম শ্ৰেণীতে শিক্ষা সামৰি গিলবাৰ্টছন চাংমাই ১৯৭১ চনত পুলিচ কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ অসম পুলিচৰ ফুটবল দলত যোগদান কৰি তেওঁ জনপ্ৰিয় হৈ পৰে। তেওঁ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম পুলিচ দলৰ অধিনায়কৰ দায়িত্ব পালন কৰে।


১৯৭৩ চনত তেওঁ কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্ত্তীকালত গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠতে সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লয়। 


তদুপৰি গিলবাৰ্টছন চাংমাই অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফী লাভ কৰে। ১৯৮১ চনৰ তেওঁ সন্তোষ ট্ৰফীৰ চেম্পিয়ন হয়। ১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। 


১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়।


২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে। ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়।


২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে। গিলবাৰ্টছন চাংমাৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে পৰিছে গভীৰ শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ