--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইয়াৰ আগতে ২০১৩ চনৰ ছেপ্টেম্বৰত ডলাৰৰ তুলনাত টকাৰ মূল্য ইমান পৰিমাণে বৃদ্ধি পাইছিল। ইমান বেছি ইয়াৰ আগতে সোমবাৰে ডলাৰৰ তুলনাত টকাৰ মূল্য ৯৫ হৈছিলগৈ।

ডিজিটেল ডেস্ক: আমেৰিকান ডলাৰৰ তুলনাত টকাৰ মূল্যই কালি ১২ বছৰৰ ভিতৰত এক অভিলেখ সৃষ্টি কৰে। কালি আমেৰিকাৰ মুদ্রাতকৈ ১৫৬ পইচা শক্তিশালী হৈ টকাৰ মূল্য প্রতি ডলাৰত ৯৩.১৪ হয়গৈ। 


ইয়াৰ আগতে ২০১৩ চনৰ ছেপ্টেম্বৰত ডলাৰৰ তুলনাত টকাৰ মূল্য ইমান পৰিমাণে বৃদ্ধি পাইছিল। ইমান বেছি ইয়াৰ আগতে সোমবাৰে ডলাৰৰ তুলনাত টকাৰ মূল্য ৯৫ হৈছিলগৈ। 

শুকুৰবাৰে সর্বকালৰ সর্বনিম্ন ৯৪.৪৮ প্রতি ডলাৰত আছিল। কিন্তু তাৰ পাছত ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) গ্রহণ কৰা কেইবাটাও পদক্ষেপে টকাক সহায় কৰে। ইফালে দেশৰ শ্বেয়াৰ বজাৰতো কালি উত্থান ঘটে। কালি পুৱা ছেনছেক্সৰ পতন ঘাট ৭১,৫৪৫ পইন্ট পাইছিলগৈ যদিও পাছত ১৮৫ পইল্টৰ উত্থান ঘটি (০.২৫ শতাংশ) ৭৩,৩২০ত বন্ধ হয়। নিফটিতো ২২.১৮২লৈ পতন ঘটাৰ পাছত ৩৪ পইন্টৰ উত্থান ঘটি ২২.৭১৩ত বন্ধ হয়। 


আনহাতে বৃহস্পতিবাৰে ১০ গ্রাম ২৪ কেৰেট সোগৰ দাম ৪.২৪৫ টকা হ্রাস পাই ১.৪৭ লাখ হয়। বুধবাৰে এই দাম আছিল ১.৫১ লাখ টকা। ইফালে ৰূপৰ দামো কিল'ত ১২,০২৩ টকা হ্রাস পাই ২.২৮ লাখ টকা হয়। যোৱা ২৫ মাৰ্চত ১ কিল'ৰূপৰ দাম আছিল ২.৪০ লাখ টকা। অর্থাৎ যোৱা ৩৪ দিনত সোণৰ দাম ১২,৪৮৯ টকা আৰু ৰূপৰ দাম ৩৮,৮৮৭টকা হ্রাস পায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু